--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনত শুই থকাটো স্বাস্থ্যৰ পক্ষে বেয়া..এই কথা আপুনি নিশ্চয় সৰুৰে পৰা শুনিছে। কিন্তু বহুতেই এই বিষয়টো এৰাই চলে। দিনত শুবলৈ বহু মানুহেই ভালপায়। বিশেষকৈ দুপৰীয়া ভাতঘুমটি মৰাটো বহুলোকৰে একপ্ৰকাৰৰ অভ্যাস। দুপৰীয়া খোৱাৰ পাছতে দুচকু টোপনিয়ে টানি টানি ধৰে। এনে অৱস্থাত চকু মেলি ৰখাটো অতি কঠিন কাম। আপুনি জানেনে দুপৰীয়া শোৱা অভ্যাসৰ বাবেই শৰীৰত বহুতো ৰোগ হ’ব পাৰে। গতিকে সাৱধান হওক।

দিনত শুলে কি সমস্যা হয়?

১)এজন ব্যক্তিয়ে খোৱাৰ পিছত শুব নালাগে(Sleep After Meal)। দৰাচলতে আয়ুৰ্বেদৰ মতে খাদ্য খোৱাৰ পিছত টোপনি অহাৰ ফলত শৰীৰত বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই ক্ষেত্ৰত মানুহৰ শৰীৰত কফ দোষৰ সৃষ্টি হব পাৰে। কফ দোষ হ’লে পেটৰ সমস্যা হ’ব পাৰে। দিনত বেছিকৈ শোৱাৰ অভ্যাস কৰিলে নিত্য-নতুন পেটৰ সমস্যাই দেখা দিব পাৰে।


২)বিশেষজ্ঞসকলে কয় যে দুপৰীয়া শুলে শৰীৰত কফৰ পৰিমাণ বৃদ্ধি পাই গৈ থাকে। ইয়াৰ ফলত মূৰৰ বিষ, ওজন কমি যোৱা, পেটৰ স্বাস্থ্যজনিত সমস্যা, নাকৰ ৰোগ, স্নায়ুৰ সমস্যা, শৰীৰৰ ফুলা আদিৰ সৃষ্টি হয়। গতিকে সাৱধান হওক।

দিনত কোনে শুব পাৰে?

এনেয়ে দিনত শোৱাতকৈ যিসকল লোকে কঠোৰ পৰিশ্ৰম কৰাৰ পাছত মানসিক আৰু শাৰীৰিকভাৱে ভাগৰুৱা অনুভৱ কৰে তেনে লোকে শুব পাৰে। আনহাতে শিশু, বৃদ্ধ আৰু শাৰীৰিকভাৱে দুৰ্বল লোকে দুপৰীয়া শুব পাৰে। কিন্তু যদি আপোনাৰ ওজন বেছি, গেছৰ সমস্যা আছে, জাংক ফুড খোৱাৰ অভ্যাস আছে তেন্তে সাৱধান হ’ব লাগিব।

কিমান সময় টোপনি পাব পাৰি?

বিশেষজ্ঞসকলে কয় যে দিনত ১ৰ পৰা ১.৫ ঘণ্টা শুব পাৰে। আপুনি দুপৰীয়াৰ আহাৰ খোৱাৰ পিছতো শুব পাৰে কিন্তু খোৱাৰ পিছত ১০০ খোজ কাঢ়িব লাগে। অন্যথা শৰীৰত গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

গতিকে এতিয়াৰে পৰা সাৱধান হওক আৰু নিজৰ শৰীৰ সুস্থ কৰি ৰখাত প্ৰাধান্য দিয়ক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ