--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দিনত শুই থকাটো স্বাস্থ্যৰ পক্ষে বেয়া..এই কথা আপুনি নিশ্চয় সৰুৰে পৰা শুনিছে। কিন্তু বহুতেই এই বিষয়টো এৰাই চলে। দিনত শুবলৈ বহু মানুহেই ভালপায়। বিশেষকৈ দুপৰীয়া ভাতঘুমটি মৰাটো বহুলোকৰে একপ্ৰকাৰৰ অভ্যাস। দুপৰীয়া খোৱাৰ পাছতে দুচকু টোপনিয়ে টানি টানি ধৰে। এনে অৱস্থাত চকু মেলি ৰখাটো অতি কঠিন কাম। আপুনি জানেনে দুপৰীয়া শোৱা অভ্যাসৰ বাবেই শৰীৰত বহুতো ৰোগ হ’ব পাৰে। গতিকে সাৱধান হওক।

দিনত শুলে কি সমস্যা হয়?

১)এজন ব্যক্তিয়ে খোৱাৰ পিছত শুব নালাগে(Sleep After Meal)। দৰাচলতে আয়ুৰ্বেদৰ মতে খাদ্য খোৱাৰ পিছত টোপনি অহাৰ ফলত শৰীৰত বহুতো সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই ক্ষেত্ৰত মানুহৰ শৰীৰত কফ দোষৰ সৃষ্টি হব পাৰে। কফ দোষ হ’লে পেটৰ সমস্যা হ’ব পাৰে। দিনত বেছিকৈ শোৱাৰ অভ্যাস কৰিলে নিত্য-নতুন পেটৰ সমস্যাই দেখা দিব পাৰে।


২)বিশেষজ্ঞসকলে কয় যে দুপৰীয়া শুলে শৰীৰত কফৰ পৰিমাণ বৃদ্ধি পাই গৈ থাকে। ইয়াৰ ফলত মূৰৰ বিষ, ওজন কমি যোৱা, পেটৰ স্বাস্থ্যজনিত সমস্যা, নাকৰ ৰোগ, স্নায়ুৰ সমস্যা, শৰীৰৰ ফুলা আদিৰ সৃষ্টি হয়। গতিকে সাৱধান হওক।

দিনত কোনে শুব পাৰে?

এনেয়ে দিনত শোৱাতকৈ যিসকল লোকে কঠোৰ পৰিশ্ৰম কৰাৰ পাছত মানসিক আৰু শাৰীৰিকভাৱে ভাগৰুৱা অনুভৱ কৰে তেনে লোকে শুব পাৰে। আনহাতে শিশু, বৃদ্ধ আৰু শাৰীৰিকভাৱে দুৰ্বল লোকে দুপৰীয়া শুব পাৰে। কিন্তু যদি আপোনাৰ ওজন বেছি, গেছৰ সমস্যা আছে, জাংক ফুড খোৱাৰ অভ্যাস আছে তেন্তে সাৱধান হ’ব লাগিব।

কিমান সময় টোপনি পাব পাৰি?

বিশেষজ্ঞসকলে কয় যে দিনত ১ৰ পৰা ১.৫ ঘণ্টা শুব পাৰে। আপুনি দুপৰীয়াৰ আহাৰ খোৱাৰ পিছতো শুব পাৰে কিন্তু খোৱাৰ পিছত ১০০ খোজ কাঢ়িব লাগে। অন্যথা শৰীৰত গুৰুতৰ সমস্যাৰ সৃষ্টি হ’ব পাৰে।

গতিকে এতিয়াৰে পৰা সাৱধান হওক আৰু নিজৰ শৰীৰ সুস্থ কৰি ৰখাত প্ৰাধান্য দিয়ক। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ