--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৰ্তমান সময়ত বহুলোকে ৰক্তহীনতাৰ দৰে সমস্যাত ভুগে৷ শৰীৰত হিম'গ্লবিনৰ মাত্ৰা নিয়ন্ত্ৰণৰ ৰখাতো বিশেষ প্ৰয়োজন৷ আয়ৰণৰ মাত্ৰা বৃদ্ধি কৰি শৰীৰত হিম'গ্ল'বিনৰ পৰিমাণো বৃদ্ধি কৰিব পাৰি। তেজৰ অভাৱৰ ফলত শৰীৰত ৰোগৰ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পাই আহে৷ বিশেষকৈ শিশুৰ শৰীৰত ৰক্তহীনতাৰ ফলত শাৰীৰিক আৰু মানসিক বিকাশত বাধা আহি পৰে। শৰীৰত তেজৰ অভাৱত আয়ৰণ ফলিক এচিড ভিটামিন বি ৰ অভাৱ হয়।

ৰক্তহীনতাৰ সমস্যা দূৰ কৰিবলৈ খাওক এইসমূহ খাদ্য৷  আমিষ বা নিৰামিষভাজী সকলোৱে গ্ৰহণ কৰিব পাৰিব এইসমূহ খাদ্য৷

১) এটা নেমুটেঙা এগিলাচ পানীত চেপি লৈ তাৰ সৈতে এচামুচ মৌ মিহলাই দৈনিক ৰাতিপুৱা সেৱন কৰক। 

২) পালেং শাক এনিমিয়া বেমাৰৰ কাৰণে দৰৱৰ দৰে কাম কৰে। পালেং শাকত ভিটামিন A,C,B9,আইৰন,ফাইবাৰ আৰু কেলচিয়াম অধিক পৰিমাণে থাকে। পালেং শাকে একেবাৰতে ২০%লৈকে আয়ৰণ বঢ়াব পাৰে।

৩) দৈনিক এগিলাচ বিলাহীৰ ৰস খাওক। 

৪)দেহত হিম'গ্ল'বিনৰ স্তৰ বঢ়াবলৈ গোমধান সিজাই বা ভাজি খাব লাগে।

৫) এগিলাচ বিটৰ ৰসৰ লগত অকণমান মৌ মিহলাই খালে শৰীৰত আয়ৰণৰ মাত্ৰা বৃদ্ধি হয়৷ 

৬) চয়াবিনত ভিটামিন আৰু আয়'ডিনৰ মাত্ৰা বেছি থাকে। এনিমিয়াৰ ৰোগত চয়াবিন খোৱা বহুত উপকাৰী। 

৭) ডালিম দৈনিক সেৱন কৰিলে আয়ৰণৰ অভাৱ দূৰ হয়। বীট খোৱাটো উপকাৰী

৮)শৰীৰত তেজৰ অভাৱ পূৰ কৰিবলৈ গাখীৰ আৰু খেজুৰৰ সেৱন কৰাটোও এটা উত্তম উপায়।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ