--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ বাবে দেওবাৰে ভাৰতীয় দল ঘোষণা কৰা হয়। পূৰ্ব চৰ্চিত ধৰণেই শৃংখলাটোত বিশ্ৰাম দিয়া হয় তিনি জেষ্ঠ খেলুৱৈ ক্ৰমে দলৰ নিয়মীয়া অধিনায়ক ৰোহিত শৰ্মা, বিৰাট কোহলী আৰু যশপ্ৰীত বুমৰাহক। ঘোষিত দলটোত লোকেশ ৰাহুলক অধিনায়ক হিচাপে মনোনীত কৰাৰ বিপৰীতে ঋষভ পণ্টক সহ-অধিনায়কৰ ভাৰ অৰ্পণ কৰা হৈছে।

আনহাতে পোন প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে উমৰান মালিক আৰু অৰ্শদ্বীপ সিঙে। শেহতীয়াকৈ আই পি এলত দেখুওৱা চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদত বেগী বলাৰ দুজনে জাতীয় দললৈ আমন্ত্ৰণ লাভ কৰে।

আনহাতে বিশ্ব ক্ৰিকেটত অন্যতম সফল স্পীন যুটি হিচাপে চৰ্চিত ‘কুলচা’ক পুনৰ এবাৰ একেলগে জাতীয় দলৰ পোচাকত দেখিবলৈ পোৱা যাব। শেহতীয়াকৈ দুৰ্বল প্ৰদৰ্শনৰ বাবে জাতীয় দলৰ পৰা বাদ পৰা কুলদীপ যাদৱে চলিত আই পি এল- ত সুন্দৰ প্ৰদৰ্শন আগবঢ়াই ২১ টা উইকেট দখল কৰিছিল। আনহাতে ২৬ টা উইকেটেৰে এই ক্ষেত্ৰত শীৰ্ষস্থানত আছে চাহাল। 

আনহাতে ২০১৯ চলৰ পৰা ভাৰতীয় দলৰ পৰা বাহিৰত থকা দীনেশ কাৰ্তিকক পুনৰ এবাৰ দলত স্থান দিয়া হৈছে। চলিত আই পি এলত কাৰ্তিকে মাৰমুখী বেটিঙেৰে ৰয়েল চেলেঞ্জাৰ্ছ বাংগালোৰৰ হৈ শক্তিশালী প্ৰদৰ্শন আগবঢ়াইছে। আঘাতৰ বাবে দলৰ পৰা বাহিৰত থকা অলৰাউণ্ডাৰ হাৰ্ডিক পাণ্ডিয়াও দললৈ উভতি আহিছে।

আনহাতে আই পি এল- ৰ চলিত ছিজনত চানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ চমৎকাৰ ফৰ্মত থকা ৰাহুল ত্ৰিপাঠীয়ে প্ৰথমবাৰ জাতীয় দললৈ আমন্ত্ৰণ লাভ কৰিব বুলি চৰ্চিত হৈছিল যদিও নিৰ্বাচক কমিটিয়ে ১৮ জনীয়া টি-২০ দলটোত ত্ৰিপাঠীক অন্তৰ্ভুক্ত কৰা নাই। 

চলিত ছিজনত ত্ৰিপাঠীয়ে চানৰাইজাৰ্ছ হায়দৰাবাদৰ হৈ ১৪ খন খেলত ১৫৮.২৪ ষ্ট্ৰাইক ৰেটেৰে ৪১৩ ৰাণ সংগ্ৰহ কৰিছিল। ২০১৭ চনত প্ৰথমবাৰৰ বাবে আই পি এলত অংশগ্ৰহণ কৰাৰ পাছৰে পৰা ত্ৰিপাঠীয়ে প্ৰতিটো ছিজনতে দৰ্শনীয় বেটিং প্ৰদৰ্শন কৰি আহিছে। 

ঘৰুৱা ক্ৰিকেটতো ধাৰাবাহিকভাৱে উন্নত প্ৰদৰ্শন আগবঢ়াই অহা ত্ৰিপাঠীয়ে এইবাৰ ভাৰতীয় দলত স্থান কৰিব বুলি ক্ৰিকেট অনুৰাগীৰ লগতে ক্ৰিকেট বিশেষজ্ঞসকলেও ধাৰণা কৰিছিল। কিন্তু পুনৰ এবাৰ নিৰ্বাচক কমিটিৰ দ্বাৰা ত্ৰিপাঠী উপেক্ষিত হোৱাৰ পিছত বিভিন্নজনে অসন্তুষ্টি ব্যক্ত কৰে।

উল্লেখ্য যে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে পাঁচখন খেলৰ টি-২০ শৃংখলা ৯ জুনৰ পৰা দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত আৰম্ভ হ'ব।

ঘোষিত ভাৰতীয় দল: কে এল ৰাহুল (অধিনায়ক), ৰুতুৰাজ গায়কোৱাড, ঈশান কিষণ, দীপক হুডা, শ্ৰেয়স আয়াৰ, ঋষভ পন্ট, দিনেশ কাৰ্তিক, হাৰ্দিক পাণ্ডিয়া, ভেঙ্কটেশ আয়াৰ, যুজবেন্দ্ৰ চাহাল, কুলদীপ যাদৱ, অক্সৰ পেটেল, ৰবি বিষ্ণৈ, ভুৱনেশ্বৰ কুমাৰ, হৰ্ষল পেটেল, আভেশ খান, অৰ্শদীপ সিং, উমৰান মালিক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ