--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছৰ জয়ৰ সৌজন্যত ২৫ মে’ত ইডেনত অনুষ্ঠিত হ’বলগীয়া এলিমিনেটৰ মেচ খেলিব ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে। শনিবাৰে নিশা মুম্বাইৰ আৰচিবিৰ টীম হোটেলত মাজ নিশালৈকে চলিছিল উৎসৱ। বিভিন্ন মাধ্যমত এই ভিডিঅ’সমূহ প্ৰচাৰ কৰা হৈছে। কিন্তু উৎসৱতে ক্ষান্ত থকা নাই বিৰাট কোহলী। শনিবাৰে নিশাৰ পৰাই শিবিৰত প্লে’ অফৰ সময়সূচীৰ হিচাপ আৰম্ভ হৈছে।

ইডেনতে জীৱনৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় শতক আহিছিল বিৰাটৰ বেটৰ পৰা। ২০০৯ চনত শ্ৰীলংকাৰ বিৰুদ্ধে আহিছিল এই শতক। শেষ আন্তৰাষ্ট্ৰীয় শতকো ইডেনতে। ২০১৯ চনৰ নৱেম্বৰ মাহত দিবা-নৈশ মেচত শতক অৰ্জন কৰিছিল বিৰাট কোহলীয়ে। বিৰাটৰ জীৱনৰ বহুতো সফলতাৰ সাক্ষী ইডেন গাৰ্ডেন।এইবাৰ স্মৰণীয় এই খেলপথাৰখনত দেখিবলৈ পোৱা যাব ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীক। 

গুজৰাট টাইটানছৰ বিৰুদ্ধে শেষৰখন মেচত ছন্দলৈ ঘূৰি আহিছে বিৰাটে। ৫৪টা বলত ৬৩ ৰান সংগ্ৰহ কৰি মেচৰ নায়ক হিচাপে পৰিগণিত হয় তেওঁ। আসন্ন এলিমিনেটৰক লৈ বিৰাটৰ উত্তেজনা স্পষ্ট ৰূপত প্ৰকাশ পাইছে টুইটাৰত। প্ৰথম টুইটত বিমানৰ এটি ইম’জী দি লিখিছে, ‘কলকাতা’। দ্বিতীয় টুইটত ফাফ আৰু মেক্সৱেলৰ সৈতে এখন ছবি তুলি ধৰিছে।

সোমবাৰে বিয়লি মহানগৰীত উপস্থিত হৈছে বিৰাট বাহিনী। প্ৰথম দিনটোত অনুশীলনৰ সম্ভাৱনা কম। অৱশ্যে, মঙলবাৰে যাদৱপুৰ বিশ্ববিদ্যালয় ছল্টলেক কেম্পাছত অনুশীলনৰ বাবে সাজু হৈছে আৰচিবি। বুধবাৰে মেচখনক কেন্দ্ৰ কৰি এতিয়াৰে পৰা ইডেনৰ বাহিৰত দেখিবলৈ পোৱা গৈছে দৰ্শকৰ উছাহ। স্বমহিমাৰে আইপিএলৰ হাইভল্টেজ মেচখনৰ বাবে উজলি উঠিছে ঐতিহাসিক ইডেন গাৰ্ডেন। অ’তদিনৰ স্বপ্নক বাস্তৱ ৰূপ দিব পাৰবিনে বিৰাট বাহিনীয়ে? কোনটো দলে পিন্ধিব চলিত ছিজনৰ আইপিএলৰ খিতাপ? তাকে লৈ ক্ৰীড়া এৰিনাত এতিয়া অন্তহীন জল্পনা-কল্পনা।
FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাতে ড'নাল্ড ট্রাম্পক হত্যাৰ ভাবুকি ইৰানৰ
১৪ জুলাইত পৃথিৱীলৈ উভতিব পাৰিবনে শুভাংশু শুল্কাই?
পান কাৰ্ডৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক; জানি লওক সৱিশেষ
নিমন্ত্ৰণ নোপোৱাকৈয়ে পাকিস্তানলৈ যায়, কিন্তু মণিপুৰলৈ নাযায়: মোদীক তীব্ৰ সমালোচনা মল্লিকার্জুন খৰ্গেৰ
‘আপুনি ইঞ্জিন কিয় বন্ধ কৰি দিলে?’ ভইচ ৰেকৰ্ডাৰত ধৰা পৰিল আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ আগ মুহূৰ্তত দুই পাইলটৰ কথা-বতৰা
মুকালমুৱাত আইনী প্ৰক্ৰিয়াৰে পত্নীক বিদায় জনাই ৪০ লিটাৰ গাখীৰেৰে গা ধুই আনন্দ উল্লাস স্বামীৰ