--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰোহিত শৰ্মাৰ মুম্বাই ইণ্ডিয়ানছৰ জয়ৰ সৌজন্যত ২৫ মে’ত ইডেনত অনুষ্ঠিত হ’বলগীয়া এলিমিনেটৰ মেচ খেলিব ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে। শনিবাৰে নিশা মুম্বাইৰ আৰচিবিৰ টীম হোটেলত মাজ নিশালৈকে চলিছিল উৎসৱ। বিভিন্ন মাধ্যমত এই ভিডিঅ’সমূহ প্ৰচাৰ কৰা হৈছে। কিন্তু উৎসৱতে ক্ষান্ত থকা নাই বিৰাট কোহলী। শনিবাৰে নিশাৰ পৰাই শিবিৰত প্লে’ অফৰ সময়সূচীৰ হিচাপ আৰম্ভ হৈছে।

ইডেনতে জীৱনৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় শতক আহিছিল বিৰাটৰ বেটৰ পৰা। ২০০৯ চনত শ্ৰীলংকাৰ বিৰুদ্ধে আহিছিল এই শতক। শেষ আন্তৰাষ্ট্ৰীয় শতকো ইডেনতে। ২০১৯ চনৰ নৱেম্বৰ মাহত দিবা-নৈশ মেচত শতক অৰ্জন কৰিছিল বিৰাট কোহলীয়ে। বিৰাটৰ জীৱনৰ বহুতো সফলতাৰ সাক্ষী ইডেন গাৰ্ডেন।এইবাৰ স্মৰণীয় এই খেলপথাৰখনত দেখিবলৈ পোৱা যাব ভাৰতীয় দলৰ প্ৰাক্তন অধিনায়কগৰাকীক। 

গুজৰাট টাইটানছৰ বিৰুদ্ধে শেষৰখন মেচত ছন্দলৈ ঘূৰি আহিছে বিৰাটে। ৫৪টা বলত ৬৩ ৰান সংগ্ৰহ কৰি মেচৰ নায়ক হিচাপে পৰিগণিত হয় তেওঁ। আসন্ন এলিমিনেটৰক লৈ বিৰাটৰ উত্তেজনা স্পষ্ট ৰূপত প্ৰকাশ পাইছে টুইটাৰত। প্ৰথম টুইটত বিমানৰ এটি ইম’জী দি লিখিছে, ‘কলকাতা’। দ্বিতীয় টুইটত ফাফ আৰু মেক্সৱেলৰ সৈতে এখন ছবি তুলি ধৰিছে।

সোমবাৰে বিয়লি মহানগৰীত উপস্থিত হৈছে বিৰাট বাহিনী। প্ৰথম দিনটোত অনুশীলনৰ সম্ভাৱনা কম। অৱশ্যে, মঙলবাৰে যাদৱপুৰ বিশ্ববিদ্যালয় ছল্টলেক কেম্পাছত অনুশীলনৰ বাবে সাজু হৈছে আৰচিবি। বুধবাৰে মেচখনক কেন্দ্ৰ কৰি এতিয়াৰে পৰা ইডেনৰ বাহিৰত দেখিবলৈ পোৱা গৈছে দৰ্শকৰ উছাহ। স্বমহিমাৰে আইপিএলৰ হাইভল্টেজ মেচখনৰ বাবে উজলি উঠিছে ঐতিহাসিক ইডেন গাৰ্ডেন। অ’তদিনৰ স্বপ্নক বাস্তৱ ৰূপ দিব পাৰবিনে বিৰাট বাহিনীয়ে? কোনটো দলে পিন্ধিব চলিত ছিজনৰ আইপিএলৰ খিতাপ? তাকে লৈ ক্ৰীড়া এৰিনাত এতিয়া অন্তহীন জল্পনা-কল্পনা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ