--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিটা দশকৰ পাছত পৰিয়ালৰ সৈতে পুনৰ মিলিত হয় ৩০ পূৰ্বে নিৰুদ্দেশ হোৱা মহাৰাষ্ট্ৰৰ এগৰাকী মহিলা! যদিও মহিলাগৰাকী মানসিক আৰু শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ নহয় তথাপিও তেওঁ নিজৰ পৰিয়ালৰ সদস্যসকলক চিনি পাবলৈ সক্ষম হয়। আৰু মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ বাসিন্দা আশী বছৰীয়া মহিলাগৰাকীয়ে কোনো আপত্তি নকৰাকৈয়ে তেওঁলোকৰ সৈতে ঘৰলৈ উভতি আহে৷

পৰিয়ালৰ সূত্ৰ অনুসৰি ৩০ বছৰ পূৰ্বে এক দুৰ্ঘটনাত মহিলাগৰাকীৰ ১৩ বছৰীয়া পুত্ৰৰ মৃত্যু হৈছিল। মৰমৰ পুত্ৰক হেৰুৱাই তেওঁ মানসিকভাৱে ভাঙি পৰিছিল। তাৰ পাছতে এদিন মহিলাগৰাকীয়ে কাকো নোকোৱাকৈ হঠাতে ঘৰৰ পৰা ওলাই আহিছিল।

মহিলাগৰাকীৰ ঘৰৰ পৰা ওলাই বিভিন্ন অঞ্চল ভ্ৰমণ কৰি নাচিকত উপস্থিত হয় বুলি জানিব পৰা গৈছে। কেইবাবছৰ ধৰি তেওঁ নাচিকৰ পঞ্চৱতী অঞ্চলত ঘূৰি ফুৰিছিল। স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। দুবছৰ পূৰ্বে আৰক্ষীয়ে উপলব্ধি কৰিছিল যে মহিলাগৰাকীৰ শাৰীৰিক আৰু মানসিক অৱস্থা সুস্থিৰ নহয়। মহিলাগাকীয়ে তেওঁৰ নাম বা ক’ত থাকে সেই বিষয়ে একো ক’ব পৰা নাছিল।

আৰক্ষীয়ে মহিলাগৰাকীক থানেৰ এখন মানসিক চিকিৎসালয়ত ভৰ্তি কৰে। দুবছৰ চিকিৎসাৰ অন্তত তেওঁ সঁহাৰি জনায় আৰু লাহে লাহে তাৰ কিছু স্মৃতি ঘূৰি আহে। চিকিৎসালয়খনৰ অধীক্ষক নেতাজী মুলিকে জানিবলৈ দিয়া মতে, চিকিৎসকৰ পৰ্যবেক্ষণত বৃদ্ধাগৰাকী মানসিকভাৱে সুস্থ হৈ উঠিছে। ইয়াৰ পিছতে তেওঁৰ পৰিয়ালৰ সন্ধান আৰম্ভ হয় আৰু অৱশেষত পৰিয়ালৰ সন্ধান লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post