--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তিনিটা দশকৰ পাছত পৰিয়ালৰ সৈতে পুনৰ মিলিত হয় ৩০ পূৰ্বে নিৰুদ্দেশ হোৱা মহাৰাষ্ট্ৰৰ এগৰাকী মহিলা! যদিও মহিলাগৰাকী মানসিক আৰু শাৰীৰিকভাৱে সম্পূৰ্ণ সুস্থ নহয় তথাপিও তেওঁ নিজৰ পৰিয়ালৰ সদস্যসকলক চিনি পাবলৈ সক্ষম হয়। আৰু মহাৰাষ্ট্ৰৰ আহমেদনগৰ জিলাৰ বাসিন্দা আশী বছৰীয়া মহিলাগৰাকীয়ে কোনো আপত্তি নকৰাকৈয়ে তেওঁলোকৰ সৈতে ঘৰলৈ উভতি আহে৷

পৰিয়ালৰ সূত্ৰ অনুসৰি ৩০ বছৰ পূৰ্বে এক দুৰ্ঘটনাত মহিলাগৰাকীৰ ১৩ বছৰীয়া পুত্ৰৰ মৃত্যু হৈছিল। মৰমৰ পুত্ৰক হেৰুৱাই তেওঁ মানসিকভাৱে ভাঙি পৰিছিল। তাৰ পাছতে এদিন মহিলাগৰাকীয়ে কাকো নোকোৱাকৈ হঠাতে ঘৰৰ পৰা ওলাই আহিছিল।

মহিলাগৰাকীৰ ঘৰৰ পৰা ওলাই বিভিন্ন অঞ্চল ভ্ৰমণ কৰি নাচিকত উপস্থিত হয় বুলি জানিব পৰা গৈছে। কেইবাবছৰ ধৰি তেওঁ নাচিকৰ পঞ্চৱতী অঞ্চলত ঘূৰি ফুৰিছিল। স্থানীয় ৰাইজে আৰক্ষীক খবৰ দিয়ে। দুবছৰ পূৰ্বে আৰক্ষীয়ে উপলব্ধি কৰিছিল যে মহিলাগৰাকীৰ শাৰীৰিক আৰু মানসিক অৱস্থা সুস্থিৰ নহয়। মহিলাগাকীয়ে তেওঁৰ নাম বা ক’ত থাকে সেই বিষয়ে একো ক’ব পৰা নাছিল।

আৰক্ষীয়ে মহিলাগৰাকীক থানেৰ এখন মানসিক চিকিৎসালয়ত ভৰ্তি কৰে। দুবছৰ চিকিৎসাৰ অন্তত তেওঁ সঁহাৰি জনায় আৰু লাহে লাহে তাৰ কিছু স্মৃতি ঘূৰি আহে। চিকিৎসালয়খনৰ অধীক্ষক নেতাজী মুলিকে জানিবলৈ দিয়া মতে, চিকিৎসকৰ পৰ্যবেক্ষণত বৃদ্ধাগৰাকী মানসিকভাৱে সুস্থ হৈ উঠিছে। ইয়াৰ পিছতে তেওঁৰ পৰিয়ালৰ সন্ধান আৰম্ভ হয় আৰু অৱশেষত পৰিয়ালৰ সন্ধান লাভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ