--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: শেহতীয়া কৈ যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হিচাপে ড'নাল্ড ট্ৰাম্পৰ দ্বিতীয় কাৰ্যকালৰ সম্ভাৱ্য লাভৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি এক বিবৃতি প্ৰকাশ কৰি চৰ্চা লাভ কৰিছে শংকৰাচাৰ্য অবিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে। তেওঁ বিবৃতিত উল্লেখ কৰিছে যে ট্ৰাম্পৰ পূৰ্বৰ কাৰ্যকালত ভাৰতৰ বাবে কোনো উল্লেখযোগ্য অৱদান নাছিল।

ৰাষ্ট্ৰপতি ট্ৰাম্পৰ প্ৰথম কাৰ্যকালৰ কথা উদ্ধৃতি দি তেওঁ কয় যে ট্ৰাম্পৰ ৰাষ্ট্ৰপতিত্বই ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কত কোনো বিশেষ পৰিৱৰ্তন নঘটাই। একে সময়তে অনুপ্ৰৱেশকাৰীৰ সন্দৰ্ভত ট্ৰাম্পে গ্ৰহণ কৰা সম্ভাৱ্য পদক্ষেপক লৈ উদ্বেগ প্ৰকাশ কৰিছে শংকৰাচাৰ্য অৱিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে।

মোদীৰ ট্ৰাম্পৰ সৈতে ব্যক্তিগত সম্পৰ্ক এটা পৃথক বিষয়, ইয়াত ৰাষ্ট্ৰীয় প্ৰভাৱৰ কথা নাথাকে। ট্ৰাম্পৰ পূৰ্বৰ কাৰ্যকালতো ভাৰতৰ বাবে কোনো উল্লেখযোগ্য অৱদান নাছিল৷ নিৰ্বাচনৰ সময়ত ট্ৰাম্প ঘোষণা কৰিছিল যে এক কোটি বাহিৰাগতক আমেৰিকাৰ পৰা বাহিৰলৈ উলিয়াই দিব। এই এক কোটিত ভাৰতীয়ও দুই-চাৰি লাখ লোকো থাকিব বুলি কটাক্ষ কৰে৷ 

ইয়াৰ উপৰিও, শংকৰাচাৰ্য অৱিমুক্তেশ্বৰানন্দ সৰস্বতীয়ে জম্মু আৰু কাশ্মীৰত অনুচ্ছেদ ৩৭০ পুনৰ বাহাল ৰখাৰ আহ্বান জনায়। তেওঁ কয় যে ৩৭০ অপসাৰণে আশা কৰা দৰে ফলপ্ৰসূ হোৱা নাই আৰু ইয়াৰ পৰিৱৰ্তে বিভিন্ন সমস্যাৰহে সৃষ্টি কৰিছে। অঞ্চলটোৰ বিশেষ প্ৰয়োজন আৰু সমস্যাসমূহ সমাধান কৰিবলৈ অনুচ্ছেদ ৩৭০ পুন বাহাল কৰাটো অত্যন্ত গুৰুত্বপূর্ণ বুলি মন্তব্য কৰে৷

উল্লেখযোগ্য যে ড’নাল্ড ট্ৰাম্পে প্ৰথম কাৰ্যকালত ভাৰতৰ বিৰুদ্ধে কিছু অৰ্থনৈতিক পদক্ষেপ গ্ৰহণ কৰিছিল৷ প্ৰধানত ভাৰতক জেনেৰেলাইজড চিষ্টেম অৱ প্ৰেফাৰেন্স (জিএছপি)ৰ পৰা আঁতৰাই পেলোৱা অৱশ্যে ভাৰতত ইয়াৰ কোনো বিৰূপ প্ৰভাৱ পৰা নাছিল। তথাপি ভৰতলৈ অহা প্ৰত্যক্ষ বিদেশী বিনিয়োগত ট্ৰাম্প প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপৰ দ্বাৰা প্ৰভাৱিত হ’ব পাৰে। কিন্তু এতিয়া  ভাৰত কেৱল আমেৰিকাৰ বিনিয়োগৰ ওপৰত নিৰ্ভৰশীল নহয়।

ট্ৰাম্পৰ আমেৰিকা প্ৰথম নীতিয়ে ভাৰতৰ বাণিজ্যত অধিক হেঁচা প্ৰয়োগ কৰৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছেকাৰণ নিৰ্বাচনী প্ৰচাৰত ট্ৰাম্পে জোৰ দি কৈছে যে আমেৰিকাৰ প্ৰতিটো খণ্ডতে বিদেশী লোকে কাম কৰি আছে, যাৰ বাবে আমেৰিকাৰ নাগৰিক নিবনুৱা হৈ পৰিছে৷ আমেৰিকাৰ  নিবনুৱা সমস্যা বৃদ্ধিৰ সন্দৰ্ভত ট্ৰাম্প চৰকাৰে কিছু কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব পাৰে, যাৰ ফলত ভাৰতীয় জনসাধাৰণৰ ওপৰত বেয়া প্ৰভাৱ পৰিব পাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ