--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বায়ু প্ৰদূষণে ভয়ানক ৰূপ ধাৰণ কৰিছে দিল্লীত৷ ১৮ নৱেম্বৰ সোমবাৰে বহু এলেকাত বায়ুৰ গুণাগুণ সূচকাংক ৫০০ অতিক্ৰম কৰিছে। বৰ্ধিত প্ৰদূষণৰ সৈতে মোকাবিলা কৰিবলৈ গ্ৰেডেড ৰেচপন্স একচন প্লেন (জি আৰ এ পি) ষ্টেজ ৪ৰ অধীনত সৰ্বোচ্চ প্ৰদূষণ বিৰোধী নিষেধাজ্ঞা সোমবাৰে পুৱাৰে পৰা কাৰ্যকৰী হৈছে বুলি সদৰি কৰিছে। সম্প্ৰতি দিল্লীৰ এনে পৰিস্থিতিয়ে উদ্বেগৰ সৃষ্টি কৰিছে৷

সোমবাৰে উচ্চতম ন্যায়ালয়ে দিল্লীত বায়ু প্ৰদূষণ ৰোধৰ ব্যৱস্থা ৰূপায়ণৰ দাবীৰ সন্দৰ্ভত এখন আবেদনৰ শুনানি গ্ৰহণ কৰি ৰাজধানীত বৃদ্ধি পোৱা বায়ু প্ৰদূষণৰ মাত্ৰাক লৈ উচ্চতম ন্যায়ালয়ে দিল্লী চৰকাৰ আৰু অন্যান্য কৰ্তৃপক্ষক তীব্ৰ গৰিহণা দিছে। 

ন্যায়াধীশ অভয় এছ. ওকা আৰু ন্যায়াধীশ অগাস্টিন জৰ্জ মাছিহৰ বিচাৰপীঠে  ৰাজধানীত বায়ুৰ গুণাগুণ সূচকাংক বিপজ্জনক মাত্ৰাত উপনীত হোৱাৰ পিছতো জি.আৰ.এ.পিৰ চতুৰ্থ পৰ্যায়ৰ অধীনত প্ৰতিৰোধমূলক ব্যৱস্থা ৰূপায়ণত পলম হোৱাত অসন্তুষ্টি প্ৰকাশ কৰিছে৷ 

সোমবাৰৰ পৰা জি.আৰ.এ.পি চতুৰ্থ পৰ্যায় কাৰ্যকৰী কৰা হৈছে আৰু ৰাষ্ট্ৰীয় ৰাজধানীত গধুৰ বাহনৰ প্ৰৱেশ নিষিদ্ধ কৰা হৈছে বুলি দিল্লী চৰকাৰৰ অধিবক্তাই বিচাৰপীঠক জনায়৷ 

বিচাৰপীঠে বিপজ্জনকভাৱে বৰ্ধিত প্ৰদূষণৰ মাত্ৰা ৰোধৰ বাবে কি পদক্ষেপ গ্ৰহণ কৰিছে সেই সন্দৰ্ভত  জনাবলৈ নিৰ্দেশ দিছে। বিচাৰপীঠে কয়, বায়ুৰ গুণাগুণ সূচকাংক ৪৫০ৰ তললৈ নিম্নগামী হলেও, চতুৰ্থ পৰ্যায়ৰ অধীনত প্ৰতিৰোধমূলক ব্যৱস্থাসমূহ বাহল থকিব বুলি কয়। আদালতে নিৰ্দেশ নিদিয়ালৈ চতুৰ্থ পৰ্যায় চলি থাকিব বুলি উল্লেখ কৰে৷

আদালতে দিল্লী চৰকাৰ আৰু অন্যান্য বিষয়াক নিৰ্মাণ কাৰ্যত নিষেধাজ্ঞাৰ সন্দৰ্ভত প্ৰশ্ন কৰাৰ  সময়ত ১১ নং আদালতৰ ঠিক বাহিৰত নিৰ্মাণ কাৰ্য্য চলি আছে বুলি জ্যেষ্ঠ অধিবক্তা গোপাল শংকৰানাৰায়ণে উচ্চতম ন্যায়ালয়ক জনায়৷

ন্যায়ালয়ে লগে লগে সাধাৰণ সম্পাদকক আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দি কৰি বাৰ্তা প্ৰেৰণ কৰে। লগতে উচ্চতম ন্যায়ালয়ে দিল্লী আৰু এনচিআৰ চৰকাৰক বিদ্যায়ত দ্বাদশ শ্ৰেণীলৈকে সকলো ছাত্ৰ-ছাত্ৰীৰ পাঠদান স্থগিত ৰখাৰ সিদ্ধান্ত গ্ৰহণ কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ