--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্প প্রশাসনে দুজন জেহাদীক 'হোৱাইট হাউছ এডভাইছাৰী ব'ৰ্ড অব্ লে লীডাৰ্ছ'ত অন্তর্ভুক্ত কৰাক লৈ সমগ্র বিশ্বতে চাঞ্চল্যৰ সৃষ্টি হৈছে। হোৱাইট হাউছৰ ধৰ্মীয় স্বতন্ত্রতা আয়োগৰ পৰামৰ্শদাতা ব'ৰ্ডৰ সদস্যৰূপে এনে দুগৰাকী ব্যক্তিক নিযুক্ত কৰা হৈছে, যাৰ বিশ্বই নিষিদ্ধ কৰা সন্ত্রাসবাদী সংগঠনৰ সৈতে সম্পর্ক আছে। 

হোৱাইট হাউছে নিযুক্তি দিয়া এই ব্যক্তি দুজনৰ সন্ত্রাসবাদ তথা জেহাদৰ সৈতে সম্পৰ্ক থকাৰ তথ্য সৰ্বপ্ৰথমে প্রকাশ কৰে সাংবাদিক লাৰা লুমৰে। এই ব্যক্তি দুগৰাকীৰ ভিতৰৰে ইছমাইল ৰয়াৰ ভাৰতত কেইবাটাও সন্ত্রাসবাদী আক্রমণত জড়িত কুখ্যাত সন্ত্রাসবাদী সংগঠন লস্কৰ-এ-টয়বাৰ সৈতে সম্পৰ্ক আছে।

বৰ্তমান আমেৰিকাৰ নাগৰিক ৰয়াৰ ৯০ দশকৰ শেষৰ ফালে আৰু ২০০০ দশকৰ আগভাগত মুছলমান যুৱকক সন্ত্রাসবাদত অন্তর্ভুক্ত কৰা তথা চৰমপন্থী কাৰ্যকলাপত জড়িত আছিল। ২০০০ চনত তেওঁ পাকিস্তানলৈ গৈ লস্কৰ-এ-টয়বাৰ সন্ত্রাসবাদী প্রশিক্ষণ শিবিৰত প্ৰশিক্ষণ লৈছিল। সেই সময়ত তেওঁ কাশ্মীৰত ভাৰতীয় সেনাৰ ঘাটিত কৰা আক্ৰমণতো জড়িত আছিল। ২০০৩ চনত তেওঁক আমেৰিকাত সন্ত্রাসবাদৰ সৈতে অপৰাধতো জড়িত থকাৰ অভিযোগ আছে। বাশ্বিংটন প'ষ্টে প্রকাশ কৰা এটা বাতৰিত উল্লেখ কৰা মতে, ২০০৪ চনত ৰয়াৰক অস্ত্র-শস্ত্র তথা বিস্ফোৰক ব্যৱহাৰত সহায় কৰা তথা উদগনি যোগোৱাৰ অপৰাধত ২০ বছৰ কাৰাদণ্ড বিহা হৈছিল। ১৩ বছৰ কাৰাগাৰত থকাৰ পাছত তেওঁ নিজকে শুধৰোৱা বুলি দাবী কৰে।

হোৱাইট হাউছে ৰয়াৰক পৰামৰ্শদাতা ব'ৰ্ডত অন্তর্ভুক্ত কৰা কথা উল্লেখ কৰি কয় যে ৰয়াৰে পৰম্পৰাগত ইছলামিক বিদ্বানৰ সৈতে ধর্মীয় বিজ্ঞান অধ্যয়ন কৰিছিল আৰু স্বেচ্ছাসেৱী ইছলামিক সংগঠনৰ সৈতে এটা দশকতকৈ অধিক সময় কাম কৰিছে। তেওঁ ১৯৯২ চনত ইছলাম ধৰ্ম গ্ৰহণ কৰে। তেওঁৰ কেইবাখনো গ্রন্থ প্রকাশ হৈছে আৰু ইয়াৰে এখনত ৰয়াৰে কেনেকৈ জেহাদী হৈছিল সেই বিষয়ে উল্লেখ কৰিছে। হোৱাইট হাউছে নিযুক্তি কৰা আনজন জেহাদী হ'ল শেখ হামজা ইউছুফ। তেওঁ কেলিফর্নিয়াৰ জেতুনা কলেজৰ (শ্বৰিয়ত আইনৰ শিক্ষা দিয়া হয়) সহযোগী প্রতিষ্ঠাপক আৰু এসময়ৰ সন্ত্রাসবাদী। সাংবাদিক লাৰা লুমৰে প্ৰকাশ কৰা অনুসৰি হামজাৰ হামাছ আৰু মুছলিম ব্রাদাৰহুডৰ সৈতে সম্পর্ক আছিল।

আমেৰিকাত ১/১১-ত কৰা আক্ৰমণৰ দুদিন আগতে এজন আৰক্ষী বিষয়াক হত্যা কৰা গোচৰ চলি থকা জমিল আল-আমিনৰ বাবে পুঁজি সংগ্ৰহৰ এটা অনুষ্ঠানতো ভাষণ দিছিল। এই গোচৰটোত দোষী সাব্যস্ত হোৱা আল-আমিনক তেওঁ নির্দোষী বুলি দাবী কৰিছিল আৰু আমেৰিকাৰ বিৰুদ্ধে বৰ্ণবাদৰ অভিযোগ উত্থাপন কৰিছিল। তেওঁ আমেৰিকাত ১৯৯০ দশকত নিউয়কৰ ধৰ্মীয় স্থানত বিস্ফোৰণৰ ষড়যন্ত্রত জড়িত থকাৰ অভিযোগত দোষী সাব্যস্ত কৰা শেখ ওমৰ আব্দেল-ৰহমানৰ হৈও মাত মাতিছিল।

আনহাতে, আমেৰিকাৰ বিশ্ব বাণিজ্য কেন্দ্ৰত কৰা আক্ৰমণৰ গোচৰত এফ বি আয়ে তেওঁক জেৰাও কৰিছিল। তেওঁ আমেৰিকাৰ বিদেশ নীতি আৰু ইছলামিক মৌলবাদক লৈ তীক্ষ্ম মন্তব্য কৰিছিল। তেওঁক জেহাদী প্রবৃত্তিৰ ব্যক্তি বুলি কোৱা হয়। ইফালে ট্রাম্প প্রশাসনৰ মতে, এই কমিটীখন ধর্মীয় স্বাধীনতা অধিক শক্তিশালী কৰা আৰু বিভিন্ন সম্প্ৰদায়ৰ মাজত সমন্বয় স্থাপনৰ বাবে তেওঁলোকক নিযুক্ত কৰা হৈছে।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ