--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ সিন্ধু প্রদেশত দেওবাৰে বিয়লি অচিনাক্ত বন্দুকধাৰীয়ে লস্কৰ-ই-তৈবাৰ (এল ই টি) এটা দুর্ধর্ষ সন্ত্রাসবাদীক গুলীয়াই হত্যা কৰে। এল ই টিৰ নিহত ৰাজউল্লা নিজামনি ওৰফে গাজী আৰু চৈফুল্লা খালিদ নামৰ সন্ত্রাসবাদীটো ২০০৬ চনত আৰ এছ এছৰ মুখ্য কার্যালয়ত সংঘটিত আক্ৰমণৰ লগত জড়িত আছিল। ভাৰতীয় চোৰাংচোৱা সংস্থাৰ বিষয়াসকলে প্রকাশ কৰা অনুসৰি, দেওবাৰে বিয়লি এল ই টিৰ সন্ত্রাসবাদীটোৱে পঞ্জাবৰ সিন্ধু প্রদেশৰ বাদিন জিলাৰ মাটলিত থকা ঘৰৰ পৰা বাহিৰলৈ ওলাওঁতেই অজ্ঞাত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে।

উল্লেখযোগ্য যে পহলগাম-কাণ্ড আৰু 'অপাৰেশ্যন সেন্দূৰ'ৰ পাছত পাকিস্তানী সেনা আৰু আই এছ আয়ে কৈছিল যে সকলো এল ই টিৰ নেতা আৰু জ্যেষ্ঠ সদস্যক মুকলিকৈ ঘূৰিব দিয়া নহ'ব। ভাৰতীয় চোৰাংচোৱা বিভাগৰ এজন বিষয়াই কয় যে এল ই টিৰ মুৰব্বী হাফিজ ছৈয়দৰ ঘনিষ্ঠ সহযোগী আছিল আজি নিহত হোৱা চৈফুল্লা খালিদ নামৰ সন্ত্রাসবাদীটো।

পাকিস্তানী সংবাদ মাধ্যমেও দুর্ধর্ষ সন্ত্রাসবাদীটোক অজ্ঞাত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰাৰ বিষয়ে প্রকাশ কৰিছে। দেওবাৰে নিহত সন্ত্রাসবাদীটো ২০০৫ চনত বেংগালুৰুৰ ইণ্ডিয়ান ইনষ্টিটিউট অব্ ছায়েন্সত কৰা আক্ৰমণ আৰু ৰামপুৰত চি আৰ পি এফৰ কেম্পত কৰা সন্ত্রাসবাদীৰ আক্ৰমণৰ লগতো জড়িত আছিল। ছৈফুল্লা খালিদে বর্তমান সন্ত্রাসবাদী সংগঠন এল ই টিৰ দ্বিতীয় কমান্ডিং হিচাপে আছিল।


তদুপৰি ২০০০ চনত নেপালত এল ই টিৰ সন্ত্রাস অভিযানত নেতৃত্ব দিছিল এই সন্ত্রাসবাদীটোৱে। তদুপৰি, ইণ্ডো-নেপাল সীমান্তত বিভিন্ন সন্ত্রাসবাদী কাৰ্যকলাপৰ নেতৃত্ব দিছিল। এই সন্ত্রাসবাদীটোৱে ভাৰতত ইয়াক উৎখাত কৰাৰ পাছত পাকিস্তানলৈ ঘূৰি আহিছিল। পাকিস্তানত এল ই টি আৰু জামাত-উড-ডাৱাহৰ নেতা ইউছুফ মুজামিলৰ ঘনিষ্ঠ সহযোগী হিচাপে কাম কৰি আছিল। পাকিস্তানত এল ই টিৰ সদস্যভর্তি আৰু পুঁজি সংগ্রহ অভিযানত নিহত ছৈফুল্লা খালিদ জড়িত আছিল। 'অপাৰেশ্যন সেন্দুৰ'ৰ সময়ত ভাৰতে পাকিস্তানৰ সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ কৰোঁতে কেনেবাকৈ পলায়ন কৰিবলৈ সক্ষম হৈছিল এই দুর্ধর্ষ সন্ত্রাসবাদীটো।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ