--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকা যুক্তৰাষ্ট্ৰ এ আইৰ ব্যৱহাৰৰ ক্ষেত্ৰত বহুখিনি আগুৱাই গৈছে। শেহতীয়াকৈ ইৰানৰ বিৰুদ্ধে যুদ্ধতো আমেৰিকাই এ আইৰ সহায় লোৱা বুলি প্রকাশ পাইছিল।

ডিজিটেল ডেস্ক: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্রুত বিকাশৰ লগে লগে বিশ্বৰ ছুপাৰ পাৱাৰ ৰাষ্ট্ৰসমূহৰ মাজতো শ্রেষ্ঠত্ব কেন্দ্ৰিক শীতল যুদ্ধ আৰম্ভ হৈছে। শেহতীয়াকৈ চীন আৰু আমেৰিকাৰ মাজত প্রযুক্তি যুদ্ধ তুংগত উঠিছে। আমেৰিকাক পিছ পেলোৱাৰ লক্ষ্যৰে চীনে দেশখনত কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ তথ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে ২ ট্রিলিয়ন য়ুৱান (ভাৰতীয় হিচাপত ২৭.৯৪ লাখ কোটি টকা) বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। 


তদুপৰি, এ আই তথ্য কেন্দ্র নির্মাণৰ বাবে প্রয়োজনীয় ৮০% সামগ্রীয়েই স্থানীয় কোম্পানীৰ পৰা ক্ৰয় কৰাৰো সিদ্ধান্ত গ্রহণ কৰিছে। তাতোকৈ ডাঙৰ বিষয়টো হৈছে যে এছিয়াৰ অন্যতম ছুপাৰ পাৱাৰ ৰাষ্ট্ৰখনৰ এ আই বিশেষজ্ঞৰ বিদেশ ভ্রমণতো চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। 


এই এ আই তথ্য কেন্দ্রটো সম্পূৰ্ণ হ'লে চীনে আমেৰিকান প্ৰযুক্তিৰ ওপৰত থকা নিৰ্ভৰশীলতা নোহোৱা কৰি প্ৰযুক্তি খণ্ডত আত্মনিৰ্ভৰশীল হ'ব পাৰিব। তথ্য কেন্দ্ৰসমূহৰ এ আইৰ বাবে প্রয়োজনীয় ছেমিকণ্ডাক্টৰ চিপসমূহ চীনে থলুৱা কোম্পানী হুৱাইৰ পৰা ক্ৰয় কৰাৰ আঁচনি লৈছে। এনেহ'লে চীনৰ চৰকাৰী খণ্ডৰ প্ৰযুক্তি প্রকল্পসমূহৰ পৰা মার্কিন কোম্পানী এনভিডিয়া আৰু এ এম ডি বিতাৰিত হোৱাটো নিশ্চিত। 


চীনৰ চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি দেশখনৰ চৰকাৰে অৰ্থনৈতিক আৰু প্ৰযুক্তিগত উন্নয়নৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাক এক কৌশতলগত খণ্ড হিচাপে গণ্য কৰিছে। মার্কিন কোম্পানী বা গৱেষণা প্রতিষ্ঠানসমূহে যাতে চীনৰ এ আই বিশেষজ্ঞ, ষ্টাৰ্ট আপ, বিশিষ্ট গৱেষক, বিভিন্ন কোম্পানীৰ বিশেষজ্ঞ আদিক ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে দেশখনৰ চৰকাৰৰ পৰা আগতীয়া অনুমতি লোৱাৰ নির্দেশ দিছে। 


উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰ এ আইৰ ব্যৱহাৰৰ ক্ষেত্ৰত বহুখিনি আগুৱাই গৈছে। শেহতীয়াকৈ ইৰানৰ বিৰুদ্ধে যুদ্ধতো আমেৰিকাই এ আইৰ সহায় লোৱা বুলি প্রকাশ পাইছিল। ইফালে, চীন আৰু ৰাছিয়াক প্ৰতিৰোধৰ বাবে আমেৰিকাই সামৰিক বাহিনীৰ প্ৰতিটো শাখাতে এ আই ব্যৱহাৰ কৰাৰো তথ্য পোৱা গৈছে, যাৰ বাবে চীনেও আমেৰিকাক ভেটা দিয়াৰ পৰিকল্পনা কৰিছে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মুকালমুৱাত অবৈধ ট্ৰামাডল টেবলেটসহ এজন আটক
নুমলীগড়ত চাঞ্চল্য! ভাড়াতীয়াৰ অত্যাচাৰত আনৰ ঘৰত লৈছে আশ্ৰয় লৈছে বৃদ্ধা মালিকে
সন্ধানহীন পুত্ৰৰ ফটো হাতত লৈ বালিপৰাৰ বাটে বাটে ঘূৰিছে এগৰাকী মাতৃ
বজালীৰ ৰিহাবাৰীত ভয়ংকৰ পথ দুৰ্ঘটনা; থিতাতে নিহত এজন যুৱক
কৰ্ম সংস্থাপনৰ বাবে গৈ বটদ্ৰৱাৰ যুৱক কেৰেলামত নিৰুদ্দেশ
আমগুৰিত অলৌকিক ঘটনা! সপোনত দেখা পালে শিৱক, পুৱা চোতালৰ কলপুলিৰ তলত দৃশ্যমান হ’ল শিৱমূৰ্তি
যোৰহাটত ছাত্ৰ সংগঠনৰ ড্ৰাগছ বিৰোধী জোৰদাৰ প্ৰতিবাদ, কঠোৰ ব্যৱস্থাৰ দাবী
ডিমা হাছাওত বঙালী পৰিষদৰ প্ৰতিনিধি দলৰ ডিএইচএচি অধ্যক্ষৰ সৈতে সাক্ষাৎ, সমৰ্থন কামনা
বাইৰনিহাট-জোৰাবাট পথ বন্ধ: অসম-মেঘালয় টেক্সি বিবাদত যাত্ৰীসকলক বিকল্প পথ ল'বলৈ পৰামৰ্শ
ঢেকিয়াজুলিত বিনামূলীয়া NEET 'ছুপাৰ ৩০' কোচিং কেন্দ্ৰ, মন্ত্ৰী অশোক সিংহালৰ ঘোষণা
মণিপুৰত বৃহৎ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ: ড্ৰোনৰ দ্বাৰা পেলোৱা বোমাও জব্দ
NRCৰ দাবীত ধৰ্মঘট: মণিপুৰত JFD আহ্বায়কক আৰক্ষীৰ তলব
ডিমা হাছাও বিদেশী ন্যায়াধিকৰণত ২০২৬ বৰ্ষৰ বাবে ডাটা এণ্ট্ৰি অপাৰেটৰৰ নিযুক্তি
কাজল ধোচাকৰ ঐতিহাসিক স্বৰ্ণ: U20 বিশ্ব মল্লযুদ্ধত একেৰাহে দ্বিতীয়বাৰৰ বাবে শীৰ্ষস্থান