--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • আমেৰিকা যুক্তৰাষ্ট্ৰ এ আইৰ ব্যৱহাৰৰ ক্ষেত্ৰত বহুখিনি আগুৱাই গৈছে। শেহতীয়াকৈ ইৰানৰ বিৰুদ্ধে যুদ্ধতো আমেৰিকাই এ আইৰ সহায় লোৱা বুলি প্রকাশ পাইছিল।

ডিজিটেল ডেস্ক: বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ দ্রুত বিকাশৰ লগে লগে বিশ্বৰ ছুপাৰ পাৱাৰ ৰাষ্ট্ৰসমূহৰ মাজতো শ্রেষ্ঠত্ব কেন্দ্ৰিক শীতল যুদ্ধ আৰম্ভ হৈছে। শেহতীয়াকৈ চীন আৰু আমেৰিকাৰ মাজত প্রযুক্তি যুদ্ধ তুংগত উঠিছে। আমেৰিকাক পিছ পেলোৱাৰ লক্ষ্যৰে চীনে দেশখনত কৃত্রিম বুদ্ধিমত্তা (এআই)ৰ তথ্য কেন্দ্ৰ নিৰ্মাণৰ বাবে ২ ট্রিলিয়ন য়ুৱান (ভাৰতীয় হিচাপত ২৭.৯৪ লাখ কোটি টকা) বিনিয়োগ কৰাৰ সিদ্ধান্ত লৈছে। 


তদুপৰি, এ আই তথ্য কেন্দ্র নির্মাণৰ বাবে প্রয়োজনীয় ৮০% সামগ্রীয়েই স্থানীয় কোম্পানীৰ পৰা ক্ৰয় কৰাৰো সিদ্ধান্ত গ্রহণ কৰিছে। তাতোকৈ ডাঙৰ বিষয়টো হৈছে যে এছিয়াৰ অন্যতম ছুপাৰ পাৱাৰ ৰাষ্ট্ৰখনৰ এ আই বিশেষজ্ঞৰ বিদেশ ভ্রমণতো চৰকাৰে নিষেধাজ্ঞা আৰোপ কৰিছে। 


এই এ আই তথ্য কেন্দ্রটো সম্পূৰ্ণ হ'লে চীনে আমেৰিকান প্ৰযুক্তিৰ ওপৰত থকা নিৰ্ভৰশীলতা নোহোৱা কৰি প্ৰযুক্তি খণ্ডত আত্মনিৰ্ভৰশীল হ'ব পাৰিব। তথ্য কেন্দ্ৰসমূহৰ এ আইৰ বাবে প্রয়োজনীয় ছেমিকণ্ডাক্টৰ চিপসমূহ চীনে থলুৱা কোম্পানী হুৱাইৰ পৰা ক্ৰয় কৰাৰ আঁচনি লৈছে। এনেহ'লে চীনৰ চৰকাৰী খণ্ডৰ প্ৰযুক্তি প্রকল্পসমূহৰ পৰা মার্কিন কোম্পানী এনভিডিয়া আৰু এ এম ডি বিতাৰিত হোৱাটো নিশ্চিত। 


চীনৰ চৰকাৰী সূত্ৰৰ তথ্য অনুসৰি দেশখনৰ চৰকাৰে অৰ্থনৈতিক আৰু প্ৰযুক্তিগত উন্নয়নৰ ক্ষেত্ৰত কৃত্রিম বুদ্ধিমত্তাক এক কৌশতলগত খণ্ড হিচাপে গণ্য কৰিছে। মার্কিন কোম্পানী বা গৱেষণা প্রতিষ্ঠানসমূহে যাতে চীনৰ এ আই বিশেষজ্ঞ, ষ্টাৰ্ট আপ, বিশিষ্ট গৱেষক, বিভিন্ন কোম্পানীৰ বিশেষজ্ঞ আদিক ব্যৱহাৰ কৰিব নোৱাৰে তাৰ বাবে দেশখনৰ চৰকাৰৰ পৰা আগতীয়া অনুমতি লোৱাৰ নির্দেশ দিছে। 


উল্লেখযোগ্য যে আমেৰিকা যুক্তৰাষ্ট্ৰ এ আইৰ ব্যৱহাৰৰ ক্ষেত্ৰত বহুখিনি আগুৱাই গৈছে। শেহতীয়াকৈ ইৰানৰ বিৰুদ্ধে যুদ্ধতো আমেৰিকাই এ আইৰ সহায় লোৱা বুলি প্রকাশ পাইছিল। ইফালে, চীন আৰু ৰাছিয়াক প্ৰতিৰোধৰ বাবে আমেৰিকাই সামৰিক বাহিনীৰ প্ৰতিটো শাখাতে এ আই ব্যৱহাৰ কৰাৰো তথ্য পোৱা গৈছে, যাৰ বাবে চীনেও আমেৰিকাক ভেটা দিয়াৰ পৰিকল্পনা কৰিছে। উৎস: দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত