--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা দলৰ বাবে ডু অৰ ডাই মেচ। কিন্তু সেই খেলখনত, কাৰিকৰী সমস্যাৰ বাবে ৰিভিউ লোৱাটো সম্ভৱ নহ’ল! আইপিএলৰ দৰে বহু কোটি টকাৰ প্ৰতিযোগিতাত এনে দৃশ্যবোৰে ক্ষোভিত কৰি তুলিছে ক্ৰীড়ানুৰাগীক। ভাৰতৰ প্ৰাক্তন অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগেও ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে। চেন্নাইয়ে ৰিভিউ লোৱাহেঁতেন, খেলৰ ফলাফল কিজানি বেলেগে হ'লহেঁতেন! এনে কেতবোৰ প্ৰসংগক সামৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।

পূৰ্বেও কাৰিকৰী সমস্যাত ভুগিছিল আইপিএল। কিন্তু বৃহস্পতিবাৰে যি ঘটিছিল সেয়া সম্পূৰ্ণ অপ্ৰত্যাশিত বুলি বিবেচিত হৈছে। চেন্নাই ছুপাৰ কিংছৰ অপেনাৰ ডেভন কনৱে এলবিডব্লিউ হোৱাৰ পিছতো ডিআৰএছ হাতত থকা স্বত্বেও ৰিভিউ ল'ব নোৱাৰিলে! আয়োজকৰ দাবী, ষ্টেডিয়ামত পৰ্যাপ্ত বিদ্যুতৰ নাটনিৰ বাবে ৰিভিউ ল’ব পৰা নগ’ল। সেয়েহে ফিল্ড আম্পায়াৰৰ কঠোৰ সিদ্ধান্তৰ ফল ভুগিব লগা হয় চেন্নাইয়ে। আনকি মুম্বাইৰ হাতত পৰাজিত হোৱাৰ পাছত প্লে’ অফত উপনীত হোৱাৰ আশাও ম্লান পৰি ৰ’ল ধোনী বাহিনীৰ।

ষ্টেডিয়ামত বিদ্যুৎ বিভ্ৰাটৰ বাবে নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ হৈছিল টছ। চেন্নাইৰ ইনিংছৰ ১.৪ অ’ভাৰ লৈকে খেলপথাৰত বিদ্যুত নাছিল বাবে ৰিভিউ ল’ব পৰা নগ’ল। কনৱে ডেনিয়েল ছেমছৰ অ’ভাৰত এলবিডব্লিউ হৈছিল। ডিআৰএছ লোৱাহেঁতেন কনৱে আউট নহ’লহেঁতেন বুলি  মন্তব্য কৰিছে। কিন্তু বিদ্যুতৰ বাবে জটিলতাৰ সৃষ্টি হৈছিল। অসহায়ভাৱে কনৱে ক্ৰীজ এৰাৰ বাহিৰে কোনো উপায় নাছিল। ৰবীন উথাপ্পাও এলবিডব্লিউ হয়। বিশ্বৰ শ্ৰেষ্ঠ টি-২০ লীগত বিদ্যুতৰ অভাৱৰ বাবে ৰিভিউ ল’ব নোৱাৰা কথাটো আচলতে কল্পনা কৰাটো প্ৰকৃততে সম্ভৱ নহয় বুলি সদৰী কৰিছে ক্ৰীড়ানুৰাগীয়ে।

ছেহৱাগেও এই সন্দৰ্ভত ভাৰতীয় ব'ৰ্ডক সমালোচনা কৰা দেখা গৈছে। তেওঁ কয়, ‘বিদ্যুৎ নোহোৱা বাবে ডিআৰএছ ল'ব পৰা নগ'ল। এয়া আশ্চৰ্যজনক। ইমান ডাঙৰ লীগত জেনেৰেটৰ ব্যৱহাৰ কৰিব পাৰি। জেনেৰেটৰৰ জৰিয়তে প্ৰযুক্তিও বজাই ৰাখিব পাৰি। নে জেনেৰেটৰটো কেৱল ষ্টেডিয়ামৰ পোহৰৰ বাবেহে ৰখা হয়? চেন্নাইৰ বাবে এয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক। মুম্বাইয়ে প্ৰথমে বেটিং কৰাহেঁতেন একে সমস্যাৰে সন্মুখীন হ'লহেঁতেন। ’ এনেবোৰা কথা বিচিচিআইয়ে চিন্তা কৰা উচিত। চেন্নাইৰ প্ৰশিক্ষক ষ্টিফেন ফ্লেমিংয়েও ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ