--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা দলৰ বাবে ডু অৰ ডাই মেচ। কিন্তু সেই খেলখনত, কাৰিকৰী সমস্যাৰ বাবে ৰিভিউ লোৱাটো সম্ভৱ নহ’ল! আইপিএলৰ দৰে বহু কোটি টকাৰ প্ৰতিযোগিতাত এনে দৃশ্যবোৰে ক্ষোভিত কৰি তুলিছে ক্ৰীড়ানুৰাগীক। ভাৰতৰ প্ৰাক্তন অপেনাৰ বীৰেন্দ্ৰ ছেহৱাগেও ঘটনাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা দেখা গৈছে। চেন্নাইয়ে ৰিভিউ লোৱাহেঁতেন, খেলৰ ফলাফল কিজানি বেলেগে হ'লহেঁতেন! এনে কেতবোৰ প্ৰসংগক সামৰি সৃষ্টি হৈছে তীব্ৰ বিতৰ্কৰ।

পূৰ্বেও কাৰিকৰী সমস্যাত ভুগিছিল আইপিএল। কিন্তু বৃহস্পতিবাৰে যি ঘটিছিল সেয়া সম্পূৰ্ণ অপ্ৰত্যাশিত বুলি বিবেচিত হৈছে। চেন্নাই ছুপাৰ কিংছৰ অপেনাৰ ডেভন কনৱে এলবিডব্লিউ হোৱাৰ পিছতো ডিআৰএছ হাতত থকা স্বত্বেও ৰিভিউ ল'ব নোৱাৰিলে! আয়োজকৰ দাবী, ষ্টেডিয়ামত পৰ্যাপ্ত বিদ্যুতৰ নাটনিৰ বাবে ৰিভিউ ল’ব পৰা নগ’ল। সেয়েহে ফিল্ড আম্পায়াৰৰ কঠোৰ সিদ্ধান্তৰ ফল ভুগিব লগা হয় চেন্নাইয়ে। আনকি মুম্বাইৰ হাতত পৰাজিত হোৱাৰ পাছত প্লে’ অফত উপনীত হোৱাৰ আশাও ম্লান পৰি ৰ’ল ধোনী বাহিনীৰ।

ষ্টেডিয়ামত বিদ্যুৎ বিভ্ৰাটৰ বাবে নিৰ্ধাৰিত সময়তকৈ কিছু পলমকৈ হৈছিল টছ। চেন্নাইৰ ইনিংছৰ ১.৪ অ’ভাৰ লৈকে খেলপথাৰত বিদ্যুত নাছিল বাবে ৰিভিউ ল’ব পৰা নগ’ল। কনৱে ডেনিয়েল ছেমছৰ অ’ভাৰত এলবিডব্লিউ হৈছিল। ডিআৰএছ লোৱাহেঁতেন কনৱে আউট নহ’লহেঁতেন বুলি  মন্তব্য কৰিছে। কিন্তু বিদ্যুতৰ বাবে জটিলতাৰ সৃষ্টি হৈছিল। অসহায়ভাৱে কনৱে ক্ৰীজ এৰাৰ বাহিৰে কোনো উপায় নাছিল। ৰবীন উথাপ্পাও এলবিডব্লিউ হয়। বিশ্বৰ শ্ৰেষ্ঠ টি-২০ লীগত বিদ্যুতৰ অভাৱৰ বাবে ৰিভিউ ল’ব নোৱাৰা কথাটো আচলতে কল্পনা কৰাটো প্ৰকৃততে সম্ভৱ নহয় বুলি সদৰী কৰিছে ক্ৰীড়ানুৰাগীয়ে।

ছেহৱাগেও এই সন্দৰ্ভত ভাৰতীয় ব'ৰ্ডক সমালোচনা কৰা দেখা গৈছে। তেওঁ কয়, ‘বিদ্যুৎ নোহোৱা বাবে ডিআৰএছ ল'ব পৰা নগ'ল। এয়া আশ্চৰ্যজনক। ইমান ডাঙৰ লীগত জেনেৰেটৰ ব্যৱহাৰ কৰিব পাৰি। জেনেৰেটৰৰ জৰিয়তে প্ৰযুক্তিও বজাই ৰাখিব পাৰি। নে জেনেৰেটৰটো কেৱল ষ্টেডিয়ামৰ পোহৰৰ বাবেহে ৰখা হয়? চেন্নাইৰ বাবে এয়া সঁচাকৈয়ে দুৰ্ভাগ্যজনক। মুম্বাইয়ে প্ৰথমে বেটিং কৰাহেঁতেন একে সমস্যাৰে সন্মুখীন হ'লহেঁতেন। ’ এনেবোৰা কথা বিচিচিআইয়ে চিন্তা কৰা উচিত। চেন্নাইৰ প্ৰশিক্ষক ষ্টিফেন ফ্লেমিংয়েও ঘটনাক দুৰ্ভাগ্যজনক আখ্যা দিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত