--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ মাজভাগতে অৱসৰ ঘোষণা চেন্নাই ছুপাৰ কিংছৰ বেটছমেন অম্বাতি ৰায়ডুৰ। এইবাৰেই শেষ, এই ছিজনৰ পিছত আৰু আইপিএল নেখেলে বুলি কয় চিএছকেৰ খেলুৱৈগৰাকীয়ে। অৱশ্যে, ৰায়ডুৰ এই অৱসৰ ঘোষণাৰ ১৫ মিনিট পাছতে ডিলিট কৰে টুইটাৰ পোষ্ট। তাৰ পিছতে আৰম্ভ হয় তুমুল  বিতৰ্কৰ। ৰায়ডুৱে টুইট কিয় ডিলিট কৰিলে? ইয়াৰ আঁৰত আন কিবা কাৰণ আছে নেকি?

এটা টুইটযোগে ৰায়ডুৱে তেওঁৰ অৱসৰৰ কথা ঘোষণা কৰে। তেওঁ কয়, ‘মই ঘোষণা কৰিবলৈ পাই সুখী যে, এয়া মোৰ অন্তিম আইপিএল ছিজন। ১৩ বছৰ ধৰি দুটা ডাঙৰ দলৰ অংশ হৈ ভাল সময় অতিবাহিত কৰিছো। মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছক ধন্যবাদ।’ আশ্চৰ্যজনকভাৱে ১৫ মিনিট পাছতে টুইট ডিলিট কৰে অম্বাতি ৰায়ডুৱে।

এই সন্দৰ্ভত এক সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ সূত্ৰত পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য। প্ৰকাশিত প্ৰতিবেদন অনুসৰি, চেন্নাই মেনেজমেণ্টে নাজানিছিল যে ৰায়ডুৱে এনেদৰে ছিজনৰ মাজভাগত অৱসৰ ঘোষণা কৰিব। গতিকে, তেওঁলোকে অম্বাতিৰ টুইট দেখি আচৰিত হৈছিল। চলিত ছিজনত চেন্নাইৰ এতিয়াও দুখন খেল বাকী আছে। এই টুইটৰ প্ৰভাৱ বাকী থকা খেল দুখনত পৰিব পাৰে বুলি ভাবিয়েই ৰায়ডুক টুইট ডিলিট কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল মেনেজমেণ্টৰ পৰা। এই অনুমানৰ 
সত্যসত্যতা কিমান সেয়া লক্ষণীয় বিষয়।

মন কৰিবলগীয়া যে, চলিত ছিজনত ৰায়ডুৱে  ১২৪  ষ্ট্ৰাইক ৰেটৰ সহায়ত ২৭১ ৰান সংগ্ৰহ কৰিছে। কিন্তু ফিটনেছৰ সমস্যাত ভুগিছে ৰায়ডুৱে। তথাপি, পঞ্জাৱ কিংছৰ বিৰুদ্ধে চলিত ছিজনত ৭৮ ৰানৰ দৰ্শনীয় ইনিংছো  খেলিছিল তেওঁ। চেন্নাইৰ প্ৰশিক্ষক ষ্টিফেন ফ্লেমিংয়েও  ৰায়ডুৰ সোঁ হাতত আঘাতৰ কথা বৰ্ণনা কৰিছে। অৱশ্যে, আঘাতৰ বাবে হঠাতে ৰায়ডুৱে অৱসৰ তথা ঘোষণা কৰিছে নে আছে আন কিবা কাৰণ সেয়া এতিয়ালৈকে নিশ্চিত হোৱা নাই।

এতিয়ালৈকে আইপিএলত ৰায়ডুৱে ১৮৭ খন খেলত ৪১৮৭ ৰান সংগ্ৰহ কৰিছে। স্মৰ্তব্য যে, ২০১৯ চনত ভাৰতৰ বিশ্বকাপ দলত সুযোগ নোপোৱাৰ পিছত ৰায়াডুৱে সকলো ধৰণৰ ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। অৱশ্যে, পৰৱৰ্তী সময়ত আইপিএলত দেখিবলৈ পোৱা গৈছিল ৰায়ডুক।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ