--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ডুবাইত উপস্থিত হোৱাৰ পাছতেই অনুশীলনত নামিল ভাৰতীয় দল। চেম্পিয়নছ ট্ৰফী আৰম্ভ হোৱাৰ আগেয়ে প্রস্তুতিত ব্যস্ত হ'ল ৰোহিত শৰ্মা বাহিনী। বাংলাদেশৰ বিৰুদ্ধে ২০ ফেব্ৰুৱাৰীত প্ৰথম খেলত নমাৰ আগে আগে আই চি চিৰ একাডেমিত অনুশীলন আৰম্ভ কৰিলে ভাৰতে। 

উল্লেখযোগ্য যে হোটেলৰ পৰা একেলগে অনুশীলনলৈ গৈ একেলগে ঘূৰি অহাৰ নিয়ম বান্ধি দিছে ব'ৰ্ডে। সেই নিয়ম অনুযায়ী সমগ্র দলে বাছেৰে অনুশীলনস্থলীত উপস্থিত হয়। অনুশীলনৰ সময়ত অধিনায়ক ৰোহিত আৰু মুখ্য প্রশিক্ষক গৌতম গম্ভীৰক আলোচনাত ব্যস্ত থকা পৰিলক্ষিত হয়। বলিং প্রশিক্ষক মর্নে মর্কেলেও তেওঁলোকৰ সৈতে যোগ দিয়ে। আসন্ন চেম্পিয়নছ টুফীত বাংলাদেশৰ বিৰুদ্ধে প্রথম ২৩ খেলত নমাৰ পাছত চিৰবৈৰী পাকিস্তানৰ বিপক্ষে ফেব্ৰুৱাৰীত মুখামুখি হ'ব ভাৰত। আনহাতে, নিউজিলেণ্ডৰ বিৰুদ্ধে ভাৰতে গ্ৰুপৰ অন্তিম মেচ খেলিব ২ মার্চত। উল্লেখযোগ্য যে ১৯৯৮ চনত আৰম্ভ হোৱা চেম্পিয়নছ ট্রফী এই প্রথমবাৰলৈ পাকিস্তানে আয়োজন কৰিব। অৱশ্যে পাকিস্তানৰ পৰিৱৰ্তে ভাৰতে নিজৰ সকলো মেচ ডুবাইত খেলিব।

(উৎসঃ দৈনিক জনমভূমি)


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post