--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ মাৰ্চৰ পৰা আৰম্ভ হ’ব ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ অৰ্থাৎ আই পি এল ২০২৫ৰ ১৮ সংখ্যক ছিজন। ২২ মাৰ্চৰ পৰা ২৫ মে’লৈ অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনত ১০টা দলে অংশগ্ৰহণ কৰিব আৰু মেচসমূহৰ বাবে ১৩খন খেলপথাৰ নিৰ্বাচন কৰা হৈছে। ইডেন গাৰ্ডেনত অনুষ্ঠিত হ’ব এই ছিজনৰ প্ৰথমখন মেচ কলকাতা নাইট ৰাইডাৰ্ছ আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰু (কেকেআৰ বনাম আৰচিবি)ৰ মাজত।

আইপিএল ২০২৫ আৰম্ভ হ’বলৈ এতিয়াও বহু সপ্তাহ বাকী আছে যদিও ইতিমধ্যে অনুৰাগীৰ টিকট ক্ৰয়ৰ উৎসাহ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। এতিয়ালৈকে বিচিচিআইয়ে টিকট বুকিং প্ৰক্ৰিয়া সন্দৰ্ভত কোনো সবিশেষ প্ৰকাশ কৰা নাই যদিও পূৰ্বৰ ছিজনৰ দৰেই বেছিভাগ টিকট ইণ্টাৰনেটৰ জৰিয়তে অৰ্থাৎ অনলাইনৰ জৰিয়তে বিক্ৰী কৰা হ’ব। অনুৰাগীয়ে দলসমূহৰ অফিচিয়েল ৱেবছাইটৰ পৰা বা পেটিএম, বুকমাইশ্ব’ৰ দৰে প্লেটফৰ্মৰ পৰা টিকট ক্ৰয় কৰিব পাৰিব।

বিগত বৰ্ষৰ দৰে বিচিচিআইয়ে ফেব্ৰুৱাৰী মাহৰ শেষৰ ফালে বা মাৰ্চৰ আৰম্ভণিতে আৰম্ভ হ’ব পাৰে আইপিএল ২০২৫ৰ টিকট বিক্ৰী বুলি জানিবলৈ দিয়ে। ইতিমধ্যে বহু দলে নিজৰ মেচৰ প্ৰি-ৰেজিষ্ট্ৰেচন আৰম্ভ কৰিছে। উদাহৰণস্বৰূপে ৰাজস্থান ৰয়েলছৰ সমৰ্থকে ৭ ফেব্ৰুৱাৰীৰ পৰা ২০ ফেব্ৰুৱাৰীলৈ পঞ্জীয়ন কৰিব পাৰে যাতে তেওঁলোকৰ টিকট লাভ কৰাত সহজ হয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি ষ্টেডিয়াম আৰু তাত উপস্থিত থকা ষ্টেণ্ড অনুসৰি টিকটৰ মূল্য নিৰ্ধাৰণ কৰা হ’ব। কোৱা হৈছে যে সাধাৰণ ষ্টেণ্ডত আসনৰ দাম ৮০০-১৫০০ টকাৰ ভিতৰত হ’ব পাৰে। প্ৰিমিয়াম আসনৰ মূল্য হ’ব ২০০০-৫০০০ টকাৰ ভিতৰত। ভিআইপি আৰু এক্সিকিউটিভ বক্সত এখন আসনৰ মূল্য হ’ব ৬ হাজাৰৰ পৰা ২০ হাজাৰ টকা। কৰ্পৰেট বক্সত বহিবলৈ এজন ব্যক্তিয়ে এখন আসনৰ বাবে ২৫ হাজাৰৰ পৰা ৫০ হাজাৰ টকাৰ ভিতৰত দিব লাগিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ