--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আই পি এলৰ নিলামৰ পিছত শেহতীয়াকৈ অনুষ্ঠিত হয় মহিলা প্ৰিমিয়া লীগ(WPL)২০২৫ৰ নিলাম। নিলামত গুজৰাট জায়েণ্টছে ২২ বছৰীয়া অল ৰাউণ্ডাৰ ছিমৰন শ্বেইখক ১.৯০ কোটিৰ বিনিময়ত দলত অন্তৰ্ভুক্ত কৰে৷

ইয়াৰ লগে লগে ছিমৰন শ্বেইখে আটাইতকৈ দামী খেলুৱৈত পৰিগণিত হয়৷ অৱশ্যে এইবাৰ তেওঁৰ বেচ প্ৰাইচ আছিল মাত্ৰ ১০ লাখ টকা। 

উল্লেখযোগ্য যে ডব্লিউ পি এলৰ শেষৰ ছিজনটো ছিমৰন শ্বেইখৰ বাবে বহুত বেয়া আছিল। কোনো দলে তেওঁৰ বাবে নিবিদা কৰা নাছিল৷ ইয়াৰ পিছত তেওঁ ইউ পি ৱাৰিয়ৰ্ছ দলত স্থান লাভ কৰিছিল যদিও গোটেই ছিজনটো ডাগআউটত বহি কটাবলগীয়া হৈছিল। ইয়াৰ পাছত ঘৰুৱা ছিজনত মুম্বাইৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল৷ এই প্ৰদৰ্শনৰ পাছতে নিলামত আটাইতকৈ বেছি মূল্য লাভ কৰে ক্ৰিকেটাৰ গৰাকীয়ে।

উল্লেখযোগ্য যে প্ৰথম অৱস্থাত তেওঁ ল’ৰাৰ লগত এই খেল শিকিছিল, সেয়ে ওচৰ-চুবুৰীয়াই ছিমৰান দেউতাকক উচটনি দি খেলাত বাধা বাধা প্ৰদান কৰিছিল৷  অৱশ্যে পিতৃৰ উৎসাহতে আজিৰ এই পৰ্যায় পাইছে৷ 

ডব্লিউ পি এলৰ নিলামৰ পিছত ছিমৰনে কয় যে এটা সময় আছিল যেতিয়া তেওঁৰ হাতত প্ৰাৰ্থমিক ক্ৰিকেট কিট কিনিবলৈও ধন নাছিল। কিন্তু আজি ক্ৰিকেটৰ বাবেই তেওঁ এই পৰ্যায় অতিক্ৰম কৰি গৈছে। ছিমৰনৰ পাছতে কাশৱী গৌতমৰ গুজৰাট দলৰ দ্বিতীয় দামী খেলুৱৈ হিচাপে পৰিগণিত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post