--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ক'ভিড-১৯ৰ নতুন প্ৰকাৰ অ'মিক্ৰন ধৰা পৰাৰ পাছতে বিশ্বজুৰি পুনৰ বৃদ্ধি পাইছে সংক্ৰমণ। এই ভাইৰাছ কেৱল ভেকচিন নোলোৱা লোকৰ ক্ষেত্ৰতে ধৰা পৰা নাই ভেকচিন লোৱা লোকসকলো নতুন প্ৰকাৰৰ ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে। ভাৰতত এতিয়ালৈকে মাত্ৰ দুটা পালি ভেকচিনহে প্ৰদান কৰা হৈছে, কিন্তু আমেৰিকা যুক্তৰাজ্য আৰু ইউকেৰ দৰে দেশত তৃতীয় পালি ভেকচিন দিয়াৰ স্বত্বেও বৃদ্ধি পাইছে ক'ভিডৰ সংক্ৰমণ।

মিনেসোটা বিশ্ববিদ্যালয়ৰ ভাইৰাছ গৱেষক লুই মানস্কিয়ে সংবাদ সংস্থা এপিৰ সৈতে এই বিষয়ে বাৰ্তালাপ কৰিছিল। মানুহে ভুলবশতঃ ভাবিব পাৰে যে ক'ভিড-১৯ ভেকচিনে সংক্ৰমণ সম্পূৰ্ণৰূপে অৱৰোধ কৰিব। কিন্তু এয়া ভূল ধাৰণা৷' ভেকচিন গ্ৰহণ কৰা লোকসকলে দেহলৈ কিয় সংক্ৰমিত হ'ব পাৰে ক'ভিড-১৯

ভেকচিন গ্ৰহণ কৰা লোকসকলো হ'ব পাৰে ক'ভিড পজিটিভ৷ কাৰণ নতুন প্ৰকাৰৰ অ'মিক্ৰন দ্ৰুত সংক্ৰামক হিচাপে দেখা দিছে৷ ইয়াৰ প্ৰভাৱ দেল্টা প্ৰকাৰতকৈ কম যদিও অতি সোণকালেই ই মানুহৰ দেহত থিতাপি ল'ব পাৰে৷

পূৰ্বৰ প্ৰকাৰতকৈ দ্ৰুততাৰে বৃদ্ধি হয় অ'মিক্ৰন

অন্য ভাইৰাছৰ দ্বাৰা আক্ৰান্ত লোক সকলৰ দেহত অতি সোনকালে এই ভাইৰাছ বিয়পিব পাৰে৷ অ'মিক্ৰনত আক্ৰান্ত হ'লে মৃদু জ্বৰৰ উপৰিও ব্যক্তিজনৰ হ'ব পাৰে ডিঙিৰ বিষো৷ ইয়াৰ পৰা প্ৰৰিত্ৰাণ পাৱলৈ ইতিমধ্যেই দেশত চিন্তা-চৰ্চা কৰিছে তৃতীয় পালি ভেকচিনৰ কথা৷ কিন্তু এই ভেকছিনে কিমান প্ৰতিহত কৰিব পাৰিব দ্ৰুতগামী ভাইৰাছ সেয়া লক্ষ্যনীয় হ'ব৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post