--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: ৰাজ্যত ছাত্ৰ ৰাজনীতিয়ে পুনৰ ধাৰণ কৰিছে উত্তপ্ত পৰিস্থিতি৷ অলপতে ডিব্ৰুগড় জিলাৰ অন্তৰ্গত ‘ডিব্ৰু মহাবিদ্যালয়’ত হৈ যোৱা ছাত্ৰ একতা সভাৰ নিৰ্বাচনত দুই দলৰ মাজত হোৱা ঘটনাই হিংসাত্মক ৰূপ ধাৰণ কৰিছিল৷ আহত হৈছিল কেইবাজনো ছাত্ৰ প্ৰতিনিধি৷ তাৰ মাজতে বৰপেটাৰোডৰ ‘বিএইচ মহাবিদ্যালয়’ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনতো দেখিবলৈ পোৱা গ’ল নিৰ্বাচনকেন্দ্ৰিক সংঘাত৷

বৰপেটা জিলাৰ ‘বিএইচ মহাবিদ্যালয়’ত ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি আছু, এবিভিপি আৰু এনএছইউআই কৰ্মীৰ মাজত সংঘাতৰ সৃষ্টি হয়৷ এনএছইউআই কৰ্মীয়ে একাংশ আছু সমৰ্থক ছাত্ৰ-ছাত্ৰীক আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হয়৷ আনকি একাংশ ছাত্ৰী আহত হোৱাৰ লগতে অশালীন ব্যৱহাৰ কৰাৰো অভিযোগ তোলে ছাত্ৰ-ছাত্ৰীয়ে৷

জানিব পৰা মতে, কাইলৈ অনুষ্ঠিত হ’ব বিএইচ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচন৷ নিৰ্বাচনী প্ৰচাৰ চলাই থকাৰ সময়তে এবিভিপি আৰু আছুৰ কৰ্মীসকলে নিজৰ সমৰ্থকক লগত লৈ ভোটৰ প্ৰচাৰ চলাই থকাৰ সময়তে এনএছইউআইৰ কৰ্মীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ ওপৰত জঁপিয়াই পৰাৰ অভিযোগ তুলিছে৷ ইপিনে এনএছইউআইৰ হৈ মহাবিদ্যালয়ৰ বাহিৰৰ ছাত্ৰই প্ৰচাৰ কৰা আৰু আক্ৰমণৰ ঘটনাত জড়িত হৈ পৰাৰো অভিযোগ একাংশ শিক্ষাৰ্থীৰ৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও

বাস্তু অনুসৰি ঘৰত এই সৰু সৰু পৰিৱৰ্তনবোৰ কৰক, টকাৰ অপচয় বন্ধ হৈ যাব
ঘগ্ৰাপাৰত বাছৰ পৰা বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ! আটক অৰূপ ডেকা