--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এনেকুৱা প্ৰায়ভাগ লোকৰ সৈতে হয় যে দুপৰীয়া খাদ্য খোৱাৰ পিচত খুব টোপনি ধৰে। দুপৰীয়া খাদ্য খোৱাৰ পিচত শৰীৰটো লেহেমীয়া হৈ পৰে, মনটোও অজ্ঞান হৈ পৰে আৰু এলাহে আগুৰি ধৰে ৷ 

বিশেষকৈ অফিচত কাম কৰি থাকোঁতে বা কোনো গুৰুত্বপূৰ্ণ কামত থাকিলে দুপৰীয়াৰ আহাৰ খোৱাৰ পিছত এলেহুৱা অনুভৱ বেছিকৈ হোৱা দেখা যায় ৷

দুপৰীয়া খাদ্য খোৱাৰ পিচত এইসমূহ পানীয়ৰ সহায়ত দূৰ কৰিব পাৰিব আপোনাৰ টোপনিৰ ভাব-

খেজুৰ আৰু আলমণ্ড শ্বেক- যদি আপুনি এনাৰ্জি ড্ৰিংক বিচাৰে তেন্তে খেজুৰ আৰু আলমণ্ডৰ পৰা তৈয়াৰী শ্বেক খাব পাৰে৷ ইয়াত প্ৰচুৰ পৰিমাণে প্ৰাকৃতিক চেনি, স্বাস্থ্যকৰ চৰ্বি আৰু প্ৰটিন থাকে ৷ যিয়ে আপোনাৰ শৰীৰটো সতেজ কৰি তোলাৰ লগতে টোপনিৰ ভাব নোহোৱা কৰিব।

ব্লেক কফি- ব্লেক কফি আমাৰ শৰীৰৰ বাবে উপকাৰী বুলি গণ্য কৰা হয়। কফিত কেফেইন থাকে, যিয়ে আপোনাৰ মগজুক উদ্দীপিত কৰে আৰু টোপনিৰ অনুভৱ কমাই দিয়ে । ই শৰীৰত শক্তি বৃদ্ধি কৰি এলাহ ভাব নোহোৱা কৰিব।

নাৰিকল পানী- নাৰিকল পানী শৰীৰৰ বাবে অতি উপকাৰী। নাৰিকল পানীয়ে শৰীৰক ডিহাইড্ৰেচনৰ পৰা ৰক্ষা কৰে আৰু শক্তি প্ৰদান কৰে ৷ নাৰিকল পানীয়ে পেটটো ঠাণ্ডা কৰি ৰখাত সহায় কৰে। লগতে নাৰিকল পানীত প্ৰাকৃতিক থকা ইলেক্ট্ৰলাইট যিয়ে শৰীৰৰ পৰা ভাগৰ আঁতৰাই শক্তি বৃদ্ধি কৰে ।

নেমুৰ পানী- নেমু ভিটামিন চিৰ সমৃদ্ধ। ভিটামিন চিৰ বাবে নেমুৰ পানীয়ে শৰীৰটো হাইড্ৰেট কৰাৰ লগতে শক্তি বৃদ্ধি কৰে। নিমিষতে টোপনিৰ ভাব আতৰ কৰিবলৈ নেমু ৰসত মৌ বা পদিনা দি ইয়াক অধিক সতেজ কৰি তুলিব পাৰে ৷ এই পানীয়ই শৰীৰক হাইড্ৰেটেড কৰি ৰাখে আৰু আপোনাক সতেজ অনুভৱ কৰায় ।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ