--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমাৰ চৌপাশত উপলব্ধ দুপৰটেঙা বা পাতে গজাৰ উপকাৰিতা যথেষ্ট আছে বুলি আমি সকলোৱে জানো। পাতৰ পৰাই এই গছৰ বংশ বৃদ্ধি হয় বাবে ইয়াক পাতে গজা বুলিও কোৱা হয়। এই বনৌষধ আমাৰ সকলোৰে ঘৰত থকাটো দৰকাৰ। 

এই পাত দুপৰীয়া সময়ত টেঙা হয় বাবে দুপৰ টেঙা বুলিও কোৱা হয় ৷ দুপৰটেঙাত পোৱা প্ৰধান ঔষধি উপাদানসমূহৰ ভিতৰত ভিটামিন, খনিজ পদাৰ্থ আৰু এণ্টিঅক্সিডেন্ট যিয়ে শাৰীৰিক পুষ্টিক প্ৰসাৰিত কৰে আৰু ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ জানো আহক পাতে গজা পাতৰ উপকাৰীতাসমূহ -

১) ছালৰ যত্ন : দুপৰটেঙাৰ ৰসে ছালৰ সমস্যা দূৰ কৰাত অতি উপকাৰী, যেনে খজুৱতি, জ্বলা-পোৰা, আদি ৷ সেয়ে এনেধৰণৰ সমস্যাই দেখা দিলে দুপৰটেঙাৰ ৰস লগালে উপশম পোৱা যায়।

২) হজম শক্তি উন্নত : দুপৰটেঙাত পোৱা পুষ্টিকৰ উপাদানে জটিল পাচন প্ৰক্ৰিয়া উন্নত কৰে, যাৰ ফলত পাচন শক্তি বৃদ্ধি পায় ৷

৩) পেটৰ সমস্যা : পেটৰ সমস্যা যেনে এচিডিটি, পাইলচ, পেটৰ বিষ আদিতো দুপৰটেঙা নিয়মিত সেৱন কৰাটো উপকাৰী হ’ব পাৰে ৷ ই স্বাভাৱিকভাৱে হজম শক্তি উন্নত কৰি পেটৰ সমস্যা দূৰ কৰে ৷

৪) শ্বাস-প্ৰশ্বাসজনিত সমস্যা :দুপৰটেঙাই শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে অতি উপকাৰী।দুপৰটেঙা হাপানী আৰু ব্ৰংকাইটিছৰ দৰে শ্বাস-প্ৰশ্বাসজনিত সমস্যা দূৰ কৰাত সহায় কৰে ৷

৫) প্ৰস্ৰাৱৰ সমস্যা : দুপৰটেঙা পাতে প্ৰস্ৰাৱৰ সমস্যা দূৰ কৰে। সপ্তাহত তিদিনকৈ এই গছৰ পাত ৰান্ধি খালে প্ৰস্ৰাৱৰ সকলো ৰোগ ভাল হয় । প্ৰস্ৰাৱ বন্ধ হ'লে বা প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, প্ৰস্ৰাৱ হালধীয়া হ'লে দুপৰ টেঙাৰ পাত চাৰি-পাঁচটামান থেতেলিয়াই নাড়ীত লগাই থ'লে প্ৰস্ৰাৱ হয়।আনহাতে জণ্ডিচ ৰোগতো এই পাতৰ ৰস খালে বহুত উপকাৰ হয় ।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ ভাৰতীয়ৰ দেহত 'নিপা' ভাইৰাছ, এছিয়াৰ বিমান বন্দৰত বিশেষ পৰীক্ষণ
ইতিহাসৰ সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ; ইউৰোপীয়ান ইউনিয়ন-ভাৰতৰ সম্পৰ্কৰ নতুন অধ্যায়
অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি বস্ত্ৰ বেংক
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু
বিশ্বৰ আটাইতকৈ দামী ঘৰ কোনটো? আম্বানীৰ এণ্টিলিয়া নে ব্ৰিটেইনৰ বাকিংহাম পেলেচ?
স্বাস্থ্য আৰু সুস্থ জীৱন
আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক
T20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত; মাইকেল ক্লাৰ্কে কৰিলে ভৱিষ্যদ্বাণী
গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'
পিছ পৰি ৰ'ব চীন-আমেৰিকা,বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব ভাৰত, এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
কুম্ভ ৰাশিত ৰাহু-সূৰ্য্যৰ সংযোগঃ গ্ৰহণৰ প্ৰভাৱে ৩ ৰাশিৰ বৃদ্ধি কৰিব সমস্যা
‘বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ’ৰ প্ৰথম যাত্ৰাতেই বুকিং হ’ল সম্পূৰ্ণ আসন; ২৪ ঘণ্টাতেই শেষ সকলো টিকট
মহাৰাষ্ট্ৰৰ পৌৰ নিগমত মিত্ৰতা ৰাজ থাকৰে-একনাথ সিন্দেৰ
বিহুৰ পূৰ্বে হ'ব অসমৰ নিৰ্বাচন!