--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : আমাৰ চৌপাশত উপলব্ধ দুপৰটেঙা বা পাতে গজাৰ উপকাৰিতা যথেষ্ট আছে বুলি আমি সকলোৱে জানো। পাতৰ পৰাই এই গছৰ বংশ বৃদ্ধি হয় বাবে ইয়াক পাতে গজা বুলিও কোৱা হয়। এই বনৌষধ আমাৰ সকলোৰে ঘৰত থকাটো দৰকাৰ। 

এই পাত দুপৰীয়া সময়ত টেঙা হয় বাবে দুপৰ টেঙা বুলিও কোৱা হয় ৷ দুপৰটেঙাত পোৱা প্ৰধান ঔষধি উপাদানসমূহৰ ভিতৰত ভিটামিন, খনিজ পদাৰ্থ আৰু এণ্টিঅক্সিডেন্ট যিয়ে শাৰীৰিক পুষ্টিক প্ৰসাৰিত কৰে আৰু ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰে ৷ জানো আহক পাতে গজা পাতৰ উপকাৰীতাসমূহ -

১) ছালৰ যত্ন : দুপৰটেঙাৰ ৰসে ছালৰ সমস্যা দূৰ কৰাত অতি উপকাৰী, যেনে খজুৱতি, জ্বলা-পোৰা, আদি ৷ সেয়ে এনেধৰণৰ সমস্যাই দেখা দিলে দুপৰটেঙাৰ ৰস লগালে উপশম পোৱা যায়।

২) হজম শক্তি উন্নত : দুপৰটেঙাত পোৱা পুষ্টিকৰ উপাদানে জটিল পাচন প্ৰক্ৰিয়া উন্নত কৰে, যাৰ ফলত পাচন শক্তি বৃদ্ধি পায় ৷

৩) পেটৰ সমস্যা : পেটৰ সমস্যা যেনে এচিডিটি, পাইলচ, পেটৰ বিষ আদিতো দুপৰটেঙা নিয়মিত সেৱন কৰাটো উপকাৰী হ’ব পাৰে ৷ ই স্বাভাৱিকভাৱে হজম শক্তি উন্নত কৰি পেটৰ সমস্যা দূৰ কৰে ৷

৪) শ্বাস-প্ৰশ্বাসজনিত সমস্যা :দুপৰটেঙাই শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে অতি উপকাৰী।দুপৰটেঙা হাপানী আৰু ব্ৰংকাইটিছৰ দৰে শ্বাস-প্ৰশ্বাসজনিত সমস্যা দূৰ কৰাত সহায় কৰে ৷

৫) প্ৰস্ৰাৱৰ সমস্যা : দুপৰটেঙা পাতে প্ৰস্ৰাৱৰ সমস্যা দূৰ কৰে। সপ্তাহত তিদিনকৈ এই গছৰ পাত ৰান্ধি খালে প্ৰস্ৰাৱৰ সকলো ৰোগ ভাল হয় । প্ৰস্ৰাৱ বন্ধ হ'লে বা প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, প্ৰস্ৰাৱ হালধীয়া হ'লে দুপৰ টেঙাৰ পাত চাৰি-পাঁচটামান থেতেলিয়াই নাড়ীত লগাই থ'লে প্ৰস্ৰাৱ হয়।আনহাতে জণ্ডিচ ৰোগতো এই পাতৰ ৰস খালে বহুত উপকাৰ হয় ।


উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ