--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পাছতেই মোদীয়ে এই প্ৰকল্পৰ শুভাৰম্ভণি কৰিছিল। বৰ্তমান ২০ হাজাৰ কোটি টকা ব্যয়েৰে এই আঁচনিৰ অধীনত গংগাৰ পৰিষ্কৰণ কৰি থকা হৈছে।

ডিজিটেল ডেস্কঃ ওপজা দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক দিলে সেৱাৰ মন্ত্ৰ। ওপজা দিনটোত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সমাজৰ বাবে উৎসৰ্গিত হ’বলৈ উদ্বুদ্ধ কৰিলে। প্ৰধানমন্ত্ৰীগৰাকীৰ ওপজা দিন উপলক্ষে এটা বিশেষ চৰকাৰী নিলামৰো আৰম্ভণি কৰা হ’ল। প্ৰধানমন্ত্ৰী মোদীৰ জনসেৱাৰ আদৰ্শেৰেই আজিৰ পৰা আৰম্ভ হৈছে এই বিশেষ নিলাম। এই নিলামটো হৈছে প্ৰধানমন্ত্ৰীয়ে লাভ কৰা উপহাৰৰ চৰকাৰী নিলাম।


ই-নিলাম আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা ১৩০০টা উপহাৰৰ। ইয়াত ই-নিলাম হ’ব প্ৰধানমন্ত্ৰীয়ে লাভ কৰা অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হিৰ । লগতে ই-নিলাম হ’ব মোদীয়ে উপহাৰ পোৱা দেৱী ভৱানীৰ মূৰ্তিৰ। কিন্তু কেনেকৈ এই ই-নিলামত মোদীৰ জনসেৱাৰ আদৰ্শ নিহিত আছে? ইতিমধ্যে চৰকাৰী সূত্ৰই নিশ্চিত কৰিছে এই ই-নিলামৰ পৰা পোৱা ধন যাব ‘নমামী গংগে’ প্ৰকল্পলৈ। এই প্ৰকল্পটো হৈছে গংগা নৈ পৰিষ্কাৰ আৰু সংৰক্ষণ কৰাৰ মোদী চৰকাৰৰ ফ্লেগশ্বীপ আঁচনি।


২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পাছতেই মোদীয়ে এই প্ৰকল্পৰ শুভাৰম্ভণি কৰিছিল। বৰ্তমান ২০ হাজাৰ কোটি টকা ব্যয়েৰে এই আঁচনিৰ অধীনত গংগাৰ পৰিষ্কৰণ কৰি থকা হৈছে। এতিয়া ই-নিলামৰ পৰা পোৱা ধনেৰে গংগাৰ পৰিষ্কৰণক অধিক আগুৱাই নিয়া হ’ব। উল্লেখ যে অহা ২ অক্টোবৰলৈ ই-নিলাম চলিব মোদীয়ে পোৱা উপহাৰৰ। ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে পোৱা উপহাৰৰ নিলামৰ বিশ্বজুৰি চৰ্চা চলিছে। গতিকে এই ই-নিলামে দেশ-বিদেশৰ জনতাৰ সঁহাৰি পোৱাটো নিশ্চিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ