--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • ২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পাছতেই মোদীয়ে এই প্ৰকল্পৰ শুভাৰম্ভণি কৰিছিল। বৰ্তমান ২০ হাজাৰ কোটি টকা ব্যয়েৰে এই আঁচনিৰ অধীনত গংগাৰ পৰিষ্কৰণ কৰি থকা হৈছে।

ডিজিটেল ডেস্কঃ ওপজা দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীক দিলে সেৱাৰ মন্ত্ৰ। ওপজা দিনটোত প্ৰধানমন্ত্ৰী মোদীয়ে দেশবাসীক সমাজৰ বাবে উৎসৰ্গিত হ’বলৈ উদ্বুদ্ধ কৰিলে। প্ৰধানমন্ত্ৰীগৰাকীৰ ওপজা দিন উপলক্ষে এটা বিশেষ চৰকাৰী নিলামৰো আৰম্ভণি কৰা হ’ল। প্ৰধানমন্ত্ৰী মোদীৰ জনসেৱাৰ আদৰ্শেৰেই আজিৰ পৰা আৰম্ভ হৈছে এই বিশেষ নিলাম। এই নিলামটো হৈছে প্ৰধানমন্ত্ৰীয়ে লাভ কৰা উপহাৰৰ চৰকাৰী নিলাম।


ই-নিলাম আৰম্ভ হৈছে প্ৰধানমন্ত্ৰী মোদীয়ে লাভ কৰা ১৩০০টা উপহাৰৰ। ইয়াত ই-নিলাম হ’ব প্ৰধানমন্ত্ৰীয়ে লাভ কৰা অযোধ্যাৰ ৰাম মন্দিৰৰ আৰ্হিৰ । লগতে ই-নিলাম হ’ব মোদীয়ে উপহাৰ পোৱা দেৱী ভৱানীৰ মূৰ্তিৰ। কিন্তু কেনেকৈ এই ই-নিলামত মোদীৰ জনসেৱাৰ আদৰ্শ নিহিত আছে? ইতিমধ্যে চৰকাৰী সূত্ৰই নিশ্চিত কৰিছে এই ই-নিলামৰ পৰা পোৱা ধন যাব ‘নমামী গংগে’ প্ৰকল্পলৈ। এই প্ৰকল্পটো হৈছে গংগা নৈ পৰিষ্কাৰ আৰু সংৰক্ষণ কৰাৰ মোদী চৰকাৰৰ ফ্লেগশ্বীপ আঁচনি।


২০১৪ চনত প্ৰধানমন্ত্ৰী হোৱাৰ পাছতেই মোদীয়ে এই প্ৰকল্পৰ শুভাৰম্ভণি কৰিছিল। বৰ্তমান ২০ হাজাৰ কোটি টকা ব্যয়েৰে এই আঁচনিৰ অধীনত গংগাৰ পৰিষ্কৰণ কৰি থকা হৈছে। এতিয়া ই-নিলামৰ পৰা পোৱা ধনেৰে গংগাৰ পৰিষ্কৰণক অধিক আগুৱাই নিয়া হ’ব। উল্লেখ যে অহা ২ অক্টোবৰলৈ ই-নিলাম চলিব মোদীয়ে পোৱা উপহাৰৰ। ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়ে পোৱা উপহাৰৰ নিলামৰ বিশ্বজুৰি চৰ্চা চলিছে। গতিকে এই ই-নিলামে দেশ-বিদেশৰ জনতাৰ সঁহাৰি পোৱাটো নিশ্চিত।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ