--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • এই অর্কিড প্রজাতিটো পূর্বে চীন দেশত পোৱাৰ তথ্য আছে। উল্লেখত্মযাগ্য যে বিগত ২০২৪ চনৰ জুন মাহত প্ৰথমবাৰৰ বাবে ২৪০০ মিটাৰ উচ্চতাত এই অর্কিডবিধ পোৱা গৈছিল।

ডিজিটেল ডেস্কঃ 'ভাৰতৰ অৰ্কিড স্বৰ্গ' হিচাপে খ্যাত অৰুণাচল প্ৰদেশৰ অৰ্কিডৰ তালিকাত আন এটা নতুন নাম সংযোজিত হৈছে। অৰুণাচলৰ ল'বাৰ দিবাং উপত্যকাৰ দুৰ্গম মায়'ডিয়া অঞ্চলত উদ্ভিদ বিজ্ঞানীৰ এটা দলে ভাৰতৰ পুষ্প জৈৱ বৈচিত্র্যৰ ক্ষেত্রত এক বৃহৎ সফলতাৰ চিন স্বৰূপে হেমিপিলিয়া বেচিফ লিয়াটা নামৰ এটা নতুন অৰ্কিডৰ প্ৰজাতি আৱিষ্কাৰ কৰিছে। এই অর্কিড প্ৰজাতিটো দেশৰ ভিতৰতে নতুন। 


জানিব পৰা মতে, এই অর্কিড প্রজাতিটো পূর্বে চীন দেশত পোৱাৰ তথ্য আছে। উল্লেখত্মযাগ্য যে বিগত ২০২৪ চনৰ জুন মাহত প্ৰথমবাৰৰ বাবে ২৪০০ মিটাৰ উচ্চতাত এই অর্কিডবিধ পোৱা গৈছিল। শেহতীয়াকৈ এখন আন্তঃৰাষ্ট্ৰীয় আলোচনীত এই নতুন প্রজাতিটো আৱিষ্কাৰৰ তথ্য প্রকাশ পাইছে। 


বটানিকেল ছার্ভে অব ইণ্ডিয়াৰ অৰুণাচল আঞ্চলিক কেন্দ্ৰৰ ড° কৃষ্ণ চৌলুৱে জম্বে চেৰিঙৰ সৈতে (অৰ্কিড গৱেষণা কেন্দ্র, অৰুণাচল প্রদেশ) সহযোগী আব্বাৰেডী নাগেশ্বৰ ৰাও, কে আহমেদ কবীৰ, আৰু অজিত সত্যজিতসহ দলটোৱে এই সাফল্য লাভ কৰিছে। 


উল্লেখযোগ্য যে হেমিপিলিয়া প্ৰজাতিৰ অন্তৰ্গত এই নতুন অর্কিডটোৰ হেমিপিলিয়া প্যুবেৰুলাৰ সৈতে সাদৃশ্য আছে যদিও ইয়াৰ পাৰ্থক্য হৈছে, অধিক সংখ্যক ফুল, সুকীয়া ফুলৰ আকৃতি আৰু মসৃণ পাহি। শ্রেণীবিভাজনত সহায়ক হোৱাকৈ বিশদ ৰূপতাত্ত্বিক বিশ্লেষণ আৰু ফটোগ্রাফ প্রদান কৰিছিল গৱেষকসকলে। গৱেষকসকলে বন্য প্ৰকৃতিত মাত্র কেইজোপামান ফুল ফুলা গছহে প্রত্যক্ষ কৰিছিল, যাৰ বাবে ইয়াৰ সীমিত সংখ্যক অৱস্থিতিৰ বিষয়ে উদ্বেগ প্রকাশ কৰে। 


বিশেষজ্ঞসকলে সকীয়াই দিছে যে বাসস্থানৰ অৱক্ষয় আৰু জলবায়ুৰ পৰিৱৰ্তনে এই বিৰল প্ৰজাতিটোৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিব পাৰে। প্ৰদেশখনত ইতিমধ্যে ৬০০তকৈ অধিক নথিভুক্ত অৰ্কিডৰ প্ৰজাতি আছে। যি সমগ্র দেশৰ ৪০ শতাংশ। এই আৱিষ্কাৰে জৈৱ বৈচিত্র্যৰ বাবে পূব হিমালয়ৰ বিশ্বব্যাপী গুৰুত্বক আৰু অধিক শক্তিশালী কৰি তুলিছে। মুখ্যমন্ত্রী পেমা খাণ্ডু আৰু উপ মুখ্যমন্ত্রী চৌনা মিনে আৱিষ্কাৰকৰ দলটোক অভিনন্দন জনাইছে।



উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ