--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত ৰ’দ তথা গৰমৰ পৰা হাত সাৰিবলৈ অধিকাংশ লোকেই এ চি ব্যৱহাৰ কৰে। বহু লোক এনে আছে, যিসকলে এ চিৰ পৰা পোনে পোনে ৰ’দলৈ ওলাবলগীয়া হয়। এই এ চি ব্যৱহাৰে আপোনাৰ বাবে হ'ব পাৰে কাল। আনিব পাৰে ভয়ংকৰ বিপদ। এ চিৰ পৰা ওলায়েই ৰ'দলৈ গ'লে মগজুৰ ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি পায়।

এজন ব্যক্তি যেতিয়া এ চিৰ তলত বেছি সময় থাকে, তেতিয়া শৰীৰৰ উষ্ণতা ঠাণ্ডা পৰিৱেশৰ লগত খাপ খাই পৰে। এনে পৰিস্থিতিত যদি ব্যক্তিজনে সূৰ্যৰ পোহৰলৈ ওলাই আহে, তেন্তে শৰীৰে এই পৰিৱৰ্তন সহ্য কৰাত অসুবিধা পায়। যাৰ ফলত ৰক্তচাপ বৃদ্ধি বা কমি যোৱাৰ সম্ভাৱনা থাকে। যাৰ ফলত মগজুৰ ৰক্তক্ষৰণ বা ষ্ট্ৰ’ক হ’ব পাৰে। 

সাধাৰণতে ৫০ বছৰৰ ঊৰ্ধ্বৰ লোক, ডায়েবেটিছ, উচ্চ ৰক্তচাপত আক্ৰান্ত লোক,
যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল তেওঁলোকৰ এনে সমস্যা অতি সোনকালে হোৱাৰ সম্ভাৱনা থাকে। কিন্তু কেনেকৈ হাত সাৰিব এই বিপদৰ পৰা -

১)এ চিৰ পৰা ৰ’দত ওলাই যাওঁতে মূৰ আৰু শৰীৰ ঢাকি ৰাখিব।

২) লঘু আৰু ঢিলা কাপোৰ পিন্ধিব।

৩)এ চিৰ পৰা বাহিৰ হৈ লগে লগে ৰ’দলৈ ওলাই নাযাব। প্ৰথমে স্বাভাৱিক উষ্ণতাত থাকি তাৰ পিছত বাহিৰলৈ যাব ।

৪)ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ শৰীৰ পৰীক্ষা কৰি থাকিব নহ'লে এনে বিপদে সহজে দেখা দিব পাৰে।

৫) এ চিৰ পৰা ৰ’দত ওলাই যোৱাৰ আগতে পৰ্যাপ্ত পৰিমাণে পানী খাব তাৰ পিছতহে ৰ'দলৈ ওলাই যাব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত