--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : গ্ৰীষ্মকালত ৰ’দ তথা গৰমৰ পৰা হাত সাৰিবলৈ অধিকাংশ লোকেই এ চি ব্যৱহাৰ কৰে। বহু লোক এনে আছে, যিসকলে এ চিৰ পৰা পোনে পোনে ৰ’দলৈ ওলাবলগীয়া হয়। এই এ চি ব্যৱহাৰে আপোনাৰ বাবে হ'ব পাৰে কাল। আনিব পাৰে ভয়ংকৰ বিপদ। এ চিৰ পৰা ওলায়েই ৰ'দলৈ গ'লে মগজুৰ ৰক্তক্ষৰণৰ সম্ভাৱনা বৃদ্ধি পায়।

এজন ব্যক্তি যেতিয়া এ চিৰ তলত বেছি সময় থাকে, তেতিয়া শৰীৰৰ উষ্ণতা ঠাণ্ডা পৰিৱেশৰ লগত খাপ খাই পৰে। এনে পৰিস্থিতিত যদি ব্যক্তিজনে সূৰ্যৰ পোহৰলৈ ওলাই আহে, তেন্তে শৰীৰে এই পৰিৱৰ্তন সহ্য কৰাত অসুবিধা পায়। যাৰ ফলত ৰক্তচাপ বৃদ্ধি বা কমি যোৱাৰ সম্ভাৱনা থাকে। যাৰ ফলত মগজুৰ ৰক্তক্ষৰণ বা ষ্ট্ৰ’ক হ’ব পাৰে। 

সাধাৰণতে ৫০ বছৰৰ ঊৰ্ধ্বৰ লোক, ডায়েবেটিছ, উচ্চ ৰক্তচাপত আক্ৰান্ত লোক,
যিসকলৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল তেওঁলোকৰ এনে সমস্যা অতি সোনকালে হোৱাৰ সম্ভাৱনা থাকে। কিন্তু কেনেকৈ হাত সাৰিব এই বিপদৰ পৰা -

১)এ চিৰ পৰা ৰ’দত ওলাই যাওঁতে মূৰ আৰু শৰীৰ ঢাকি ৰাখিব।

২) লঘু আৰু ঢিলা কাপোৰ পিন্ধিব।

৩)এ চিৰ পৰা বাহিৰ হৈ লগে লগে ৰ’দলৈ ওলাই নাযাব। প্ৰথমে স্বাভাৱিক উষ্ণতাত থাকি তাৰ পিছত বাহিৰলৈ যাব ।

৪)ৰক্তচাপ আৰু ডায়েবেটিছ ৰোগীয়ে নিয়মীয়াকৈ শৰীৰ পৰীক্ষা কৰি থাকিব নহ'লে এনে বিপদে সহজে দেখা দিব পাৰে।

৫) এ চিৰ পৰা ৰ’দত ওলাই যোৱাৰ আগতে পৰ্যাপ্ত পৰিমাণে পানী খাব তাৰ পিছতহে ৰ'দলৈ ওলাই যাব।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ