--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : এতিয়া আমৰ বতৰ। সাধাৰণতে আমক ফলৰ ৰজা বুলি কোৱা হয়। আমৰ প্ৰতি থকা লোভৰ বাবেই বহুতৰ বাবে প্ৰিয় গ্ৰীষ্মৰ বতৰ ৷ এই সময়ছোৱাত আন বহু ফল প্ৰকৃতিয়ে দিয়ে যদিও আম তুলনাবিহীন ৷ আমত থাকে আঁহ, ভিটামিন চি, ভিটামিন এ আৰু আন বহুতো পুষ্টিকৰ উপাদান। 

বজাৰত ইতিমধ্যে উপলব্ধ হৈ পৰিছে আম। কিন্তু আজিকালি বজাৰত উপলব্ধ অধিকাংশ আমেই ৰাসায়নিক পদাৰ্থযুক্ত। যিসমূহ আম খোৱাৰ ফলত আমাক বহুতো ৰোগে দেখা দিয়া পৰিলক্ষিত হয়। জানো আহক বজাৰত উপলব্ধ আপুনি ক্ৰয় কৰা আম আচল নে নকল।


১)ঘৰলৈ কিনি অনা আমকেইটা আপুনি পানীৰ বাল্টি এটাত ডুবাই ৰাখিব ৷ যদি আমকেইটা ডুব যায়, তেতিয়া জানিব আমকেইটা প্ৰাকৃতিকভাৱেই পকিছে আৰু স্বাস্থ্যৰ বাবে উপকাৰী ৷ যদি ওপঙি থাকে, তেতিয়া গম পাব এই আমবোৰত ৰাসায়নিক পদাৰ্থ ব্যৱহাৰ কৰা হৈছে ৷

২) প্ৰাকৃতিকভাৱে পকা আমৰ ৰং পাতল হালধীয়া আৰু আমঠু তথা গোটেই আমটোৰ ৰং একেই হ'ব ৷ আনহাতে, ৰাসায়নিক পদাৰ্থ থকা আম কেতিয়াও ৰসাল নহয় আৰু আমৰ ৰং কিছু পাতল হোৱা দেখা যায়।

ৰাসায়নিক পদাৰ্থযুক্ত আম খালে হোৱা ৰোগসমূহ হৈছে - অত্যধিক পিয়াহ অনুভৱ কৰা, দুৰ্বলতা, গিলিবলৈ অসুবিধা, মূৰ ঘূৰোৱা আদি।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত