--°C
Loading...
Listen to Article
2 min read
80%
ডিজটেল ডেস্কঃ ৱেলিংটনত চলি থকা দ্বিতীয়খন টেষ্ট শৃংখলাত ইংলেণ্ড দলটোৱে জয় লাভ কৰিছে। ই নিউজিলেণ্ডৰ দলটোক ৩২৩ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। বেন ষ্ট’কছৰ দলটোৱে দ্বিতীয় ইনিংছত ৪২৭ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছত ১৫৫ ৰানৰ অগ্ৰগতিৰ সহায়ত ৫৮৩ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিউজিলেণ্ডৰ পতন ঘটে ২৫৯। 

এই জয়ৰ জৰিয়তে ইংলেণ্ডে এই শৃংখলাত ২-০ত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰি ১৬ বছৰৰ পাছত নিউজিলেণ্ডত টেষ্ট শৃংখলাত জয়লাভ কৰিছে। অৱশ্যে এতিয়াও এখন মেচ বাকী আছে যদিও তাত পৰাস্ত হোৱাৰ পিছতো এই শৃংখলাটো ইংলেণ্ডৰ নামত থাকিব। ইংলেণ্ডে ঘৰুৱা ক্ষেত্ৰত টেষ্ট শৃংখলাত কিউইক পৰাস্ত কৰিছিল শেষবাৰৰ বাবে ২০০৮ চনত।

ইংলেণ্ডৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল হেৰী ব্ৰুক, জো ৰুট আৰু গাছ এটকিনছনে। প্ৰথম ইনিংছত মাত্ৰ ৪৩ ৰানত ৪ উইকেট হেৰুৱাই ব্ৰুক অলি পোপৰ সৈতে ১৭৪ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। তেওঁ ১১৫টা বলত ১২৩ ৰানৰ বিস্ফোৰক ইনিংছ কৰি ইংলেণ্ডক ২৮০ ৰান সংগ্ৰহ কৰাত সহায় কৰে। দ্বিতীয় ইনিংছতো তেওঁ অৰ্ধশতক অৰ্জন কৰে। তেওঁৰ এই প্ৰদৰ্শনৰ বাবে তেওঁক প্লেয়াৰ অৱ দ্য মেচ হিচাপেও নিৰ্বাচিত কৰা হয়। দ্বিতীয় ইনিংছত জো ৰুটে ১০৬ ৰানৰ ইনিংছ খেলি ৫৮৩ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰে। ৰুটৰ উপৰিও দ্বিতীয় ইনিংছত বেন ডাকেটেও ৯২ ৰানৰ উৎকৃষ্ট ইনিংছ খেলে আৰু জেকব বেথেলেও ৯৬ ৰানৰ উৎকৃষ্ট ইনিংছ খেলিবলৈ সক্ষম হয় ।

প্ৰথম ইনিংছত গাছ এটকিনছন আৰু ব্ৰেডন কাৰ্ছে ৪-৪ উইকেট দখল কৰি টম লেথামৰ দলটোক মাত্ৰ ১২৫ ৰানত বল আউট কৰি ১৫৫ ৰানত শক্তিশালী অগ্ৰগতি লাভ কৰাত সহায় কৰে। দ্বিতীয় ইনিংছত অধিনায়ক বেন ষ্ট’কছে ৩টা, কাৰ্ছ, ক্ৰীছ ৱ’কেছ আৰু শ্বোয়াইব বছিৰে ২টাকৈ আৰু এটকিনছনে ১টা উইকেট দখল কৰে। এইদৰে ইংলেণ্ডে দ্বিতীয় ইনিংছত মাত্ৰ ২৫৯ ৰান কৰি নিউজিলেণ্ডক অল আউট কৰে।

৫৮৩ ৰানৰ বিশাল স্ক’ৰ খেদি খেদি অহা নিউজিলেণ্ডৰ দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ৫৯ ৰানৰ স্ক’ৰত ৪টা উইকেট হেৰুৱাইছিল। কেন উইলিয়ামছনকে ধৰি প্ৰথম ৪ জন বেটছমেনক আউট কৰা হয়। ইয়াৰ পাছত উইকেটকীপাৰ বেটছমেন টম ব্লুণ্ডেলে ডেৰিল মিচেলৰ সৈতে ৪৭ ৰান আৰু বলাৰ নাথান স্মিথৰ সৈতে ৯৬ ৰানৰ অংশীদাৰিত্বৰে কিছু যুঁজ দেখুৱাইছিল। তেওঁ ১০২টা বলত ১১৫ ৰানৰ উজ্জ্বল ইনিংছ খেলিও নিজৰ দলটোক পৰাজয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
গুৱাহাটীৰ যান-জঁট সমস্যাৰ নতুন সমাধানসূত্ৰ ; ITMS প্ৰযুক্তিৰে এতিয়াৰে পৰা গুৱাহাটীত চলিব ASTCৰ বাছ
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী