--°C
Loading...
Listen to Article
2 min read
80%
ডিজটেল ডেস্কঃ ৱেলিংটনত চলি থকা দ্বিতীয়খন টেষ্ট শৃংখলাত ইংলেণ্ড দলটোৱে জয় লাভ কৰিছে। ই নিউজিলেণ্ডৰ দলটোক ৩২৩ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত কৰে। বেন ষ্ট’কছৰ দলটোৱে দ্বিতীয় ইনিংছত ৪২৭ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছত ১৫৫ ৰানৰ অগ্ৰগতিৰ সহায়ত ৫৮৩ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰিছিল। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিউজিলেণ্ডৰ পতন ঘটে ২৫৯। 

এই জয়ৰ জৰিয়তে ইংলেণ্ডে এই শৃংখলাত ২-০ত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰি ১৬ বছৰৰ পাছত নিউজিলেণ্ডত টেষ্ট শৃংখলাত জয়লাভ কৰিছে। অৱশ্যে এতিয়াও এখন মেচ বাকী আছে যদিও তাত পৰাস্ত হোৱাৰ পিছতো এই শৃংখলাটো ইংলেণ্ডৰ নামত থাকিব। ইংলেণ্ডে ঘৰুৱা ক্ষেত্ৰত টেষ্ট শৃংখলাত কিউইক পৰাস্ত কৰিছিল শেষবাৰৰ বাবে ২০০৮ চনত।

ইংলেণ্ডৰ জয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল হেৰী ব্ৰুক, জো ৰুট আৰু গাছ এটকিনছনে। প্ৰথম ইনিংছত মাত্ৰ ৪৩ ৰানত ৪ উইকেট হেৰুৱাই ব্ৰুক অলি পোপৰ সৈতে ১৭৪ ৰানৰ অংশীদাৰিত্ব গঢ়ি তুলিছিল। তেওঁ ১১৫টা বলত ১২৩ ৰানৰ বিস্ফোৰক ইনিংছ কৰি ইংলেণ্ডক ২৮০ ৰান সংগ্ৰহ কৰাত সহায় কৰে। দ্বিতীয় ইনিংছতো তেওঁ অৰ্ধশতক অৰ্জন কৰে। তেওঁৰ এই প্ৰদৰ্শনৰ বাবে তেওঁক প্লেয়াৰ অৱ দ্য মেচ হিচাপেও নিৰ্বাচিত কৰা হয়। দ্বিতীয় ইনিংছত জো ৰুটে ১০৬ ৰানৰ ইনিংছ খেলি ৫৮৩ ৰানৰ বিশাল লক্ষ্য নিৰ্ধাৰণ কৰাত সহায় কৰে। ৰুটৰ উপৰিও দ্বিতীয় ইনিংছত বেন ডাকেটেও ৯২ ৰানৰ উৎকৃষ্ট ইনিংছ খেলে আৰু জেকব বেথেলেও ৯৬ ৰানৰ উৎকৃষ্ট ইনিংছ খেলিবলৈ সক্ষম হয় ।

প্ৰথম ইনিংছত গাছ এটকিনছন আৰু ব্ৰেডন কাৰ্ছে ৪-৪ উইকেট দখল কৰি টম লেথামৰ দলটোক মাত্ৰ ১২৫ ৰানত বল আউট কৰি ১৫৫ ৰানত শক্তিশালী অগ্ৰগতি লাভ কৰাত সহায় কৰে। দ্বিতীয় ইনিংছত অধিনায়ক বেন ষ্ট’কছে ৩টা, কাৰ্ছ, ক্ৰীছ ৱ’কেছ আৰু শ্বোয়াইব বছিৰে ২টাকৈ আৰু এটকিনছনে ১টা উইকেট দখল কৰে। এইদৰে ইংলেণ্ডে দ্বিতীয় ইনিংছত মাত্ৰ ২৫৯ ৰান কৰি নিউজিলেণ্ডক অল আউট কৰে।

৫৮৩ ৰানৰ বিশাল স্ক’ৰ খেদি খেদি অহা নিউজিলেণ্ডৰ দলটোৱে প্ৰথম ইনিংছত মাত্ৰ ৫৯ ৰানৰ স্ক’ৰত ৪টা উইকেট হেৰুৱাইছিল। কেন উইলিয়ামছনকে ধৰি প্ৰথম ৪ জন বেটছমেনক আউট কৰা হয়। ইয়াৰ পাছত উইকেটকীপাৰ বেটছমেন টম ব্লুণ্ডেলে ডেৰিল মিচেলৰ সৈতে ৪৭ ৰান আৰু বলাৰ নাথান স্মিথৰ সৈতে ৯৬ ৰানৰ অংশীদাৰিত্বৰে কিছু যুঁজ দেখুৱাইছিল। তেওঁ ১০২টা বলত ১১৫ ৰানৰ উজ্জ্বল ইনিংছ খেলিও নিজৰ দলটোক পৰাজয়ৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ