--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৪ চনৰ পেৰিছ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰে আলজেৰিয়াৰ বক্সাৰ ইমান খলিফে। আলজেৰিয়াৰ বক্সাৰগৰাকীয়ে মহিলা শাখাত স্বৰ্ণ পদক লাভ কৰিছিল। অলিম্পিকৰ সময়ত ইমানে লিংগ সন্দৰ্ভত বিতৰ্কৰ মাজত সোমাই পৰে। এতিয়া যিবোৰ মেডিকেল ৰিপৰ্ট প্ৰকাশ পাইছে সঁচাকৈয়ে চাঞ্চল্যকৰ, য’ত কোৱা হৈছে যে ইমানৰ শৰীৰত বহুতো পুৰুষৰ অংগ আছে।

Imane Khelif Algerian boxer who won gold at Paris Olympics 2024 confirmed as man medical report Imane Khelif: महिला बनकर ओलंपिक मेडल जीतने वाली बॉक्सर इमान खलीफ निकलीं पुरुष! मेडिकल रिपोर्ट से खुला राज

প্ৰকাশ পোৱা নথিখনত ​​উল্লেখ কৰা হৈছে যে খলিফৰ আভ্যন্তৰীণ অণ্ডকোষ আৰু এক্স ৱাই ক্ৰম’জম আছে, যিয়ে ৫-আলফা ৰিডাক্টেজ ইনচুফিচিয়েন্সি নামৰ বিসংগতিৰ দিশে ইংগিত দিয়ে ৷ উল্লেখ্য যে অলিম্পিকৰ সময়ত ইমান খলিফৰ বিৰুদ্ধে খেলা বহু মহিলা বক্সাৰে ইংগিতৰ জৰিয়তে আলোকপাত কৰিবলৈ চেষ্টা কৰিছিল যে ইমানৰ এক্স ৱাই ক্ৰম’জম আছে। পেৰিছৰ ক্ৰেমলিন-বিচেট্ৰে হাস্পতাল আৰু আলজিয়াৰ্ছৰ মহম্মদ লেমিন দেবাঘিন হাস্পতালৰ বিশেষজ্ঞসকলে ২০২৩ চনৰ এক ৰিপৰ্টত বহু কথা প্ৰকাশ কৰিছিল। এই ৰিপৰ্টত ইমানৰ জৈৱিক বৈশিষ্ট্য, যেনে আভ্যন্তৰীণ অণ্ডকোষৰ অস্তিত্ব আৰু জৰায়ুৰ অনুপস্থিতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াৰ উপৰিও ৰেডাক্সৰ ৰিপৰ্ট অনুসৰি এমআৰআইত ইমানৰ মাইক্ৰ’পেনিছৰ উপস্থিতিও প্ৰকাশ পাইছিল। এতিয়া এই ৰিপৰ্ট ওলোৱাৰ পিছত ইমানৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া জানিবলৈ সমগ্ৰ বিশ্বই অপেক্ষা কৰি আছে ।

Huge row after Imane Khelif, Paris Olympics gold medalist, confirmed as man  in leaked medical report


ইমান খলিফৰ লিংগক লৈ প্ৰশ্ন উত্থাপন হোৱাটো এয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনেও ২০২৩ চনত তেওঁক নিষিদ্ধ কৰিছিল। দিল্লীৰ বক্সিং এছ’চিয়েশ্যনে ইমানক বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক মেচত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।

লিংগ বিতৰ্কৰ সন্দৰ্ভত ইমান খলিফে ইয়াৰ পূৰ্বে কৈছিল, "মই আন নাৰীৰ দৰেই এগৰাকী নাৰী। মই এগৰাকী নাৰী ৰূপে জন্মগ্ৰহণ কৰিছোঁ , মই এগৰাকী সাধাৰন  নাৰীৰ দৰে জীয়াই আছো আৰু মই যোগ্যতা অৰ্জন কৰিছো।" আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, লেখক জে. ৰাউলিং আৰু টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে ইমান খলিফাৰ লিংগ সম্পৰ্কে কথা পাতিছিল, তাৰ পিছত ইমানে কয় যে এই লোকসকলে সৃষ্টি কৰা বিতৰ্কৰ বাবে তেওঁৰ জীৱনত গভীৰভাৱে প্ৰভাৱ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
বাংলাদেশৰ গ্ৰামীণ বেংকত আল-কায়দাৰ পুঁজি, চি আই এৰ প্ৰতিবেদনৰ উদ্ধৃতিৰে ৱাল ষ্ট্ৰীট জার্নেলত প্রকাশিত বাতৰিক লৈ চাঞ্চল্য
৫০খন আন্তর্জাতিক মহোৎসৱত সাফল্য 'লাচিত দ্য ৱাৰিয়ৰ'ৰ, সর্বশ্রেষ্ঠ ডকুমেন্টৰী, এনিমেটেড ফিল্মকে ধৰি বিভিন্ন বঁটা লাভ
খাদ্য খোৱাৰ পিছত ইলাচি কিয় চোবাই খাব লাগে? জানিলে আচৰিত হ’ব আপুনি
থলুৱাভাৱে নিৰ্মিত আই এন এছ 'মাহে'ক নৌ সেনাত অন্তর্ভুক্তি, শক্তি বৃদ্ধি হ'ল নৌ-প্ৰতিৰক্ষা খণ্ডৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী