--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ২০২৪ চনৰ পেৰিছ অলিম্পিকত স্বৰ্ণ পদক লাভ কৰে আলজেৰিয়াৰ বক্সাৰ ইমান খলিফে। আলজেৰিয়াৰ বক্সাৰগৰাকীয়ে মহিলা শাখাত স্বৰ্ণ পদক লাভ কৰিছিল। অলিম্পিকৰ সময়ত ইমানে লিংগ সন্দৰ্ভত বিতৰ্কৰ মাজত সোমাই পৰে। এতিয়া যিবোৰ মেডিকেল ৰিপৰ্ট প্ৰকাশ পাইছে সঁচাকৈয়ে চাঞ্চল্যকৰ, য’ত কোৱা হৈছে যে ইমানৰ শৰীৰত বহুতো পুৰুষৰ অংগ আছে।

Imane Khelif Algerian boxer who won gold at Paris Olympics 2024 confirmed as man medical report Imane Khelif: महिला बनकर ओलंपिक मेडल जीतने वाली बॉक्सर इमान खलीफ निकलीं पुरुष! मेडिकल रिपोर्ट से खुला राज

প্ৰকাশ পোৱা নথিখনত ​​উল্লেখ কৰা হৈছে যে খলিফৰ আভ্যন্তৰীণ অণ্ডকোষ আৰু এক্স ৱাই ক্ৰম’জম আছে, যিয়ে ৫-আলফা ৰিডাক্টেজ ইনচুফিচিয়েন্সি নামৰ বিসংগতিৰ দিশে ইংগিত দিয়ে ৷ উল্লেখ্য যে অলিম্পিকৰ সময়ত ইমান খলিফৰ বিৰুদ্ধে খেলা বহু মহিলা বক্সাৰে ইংগিতৰ জৰিয়তে আলোকপাত কৰিবলৈ চেষ্টা কৰিছিল যে ইমানৰ এক্স ৱাই ক্ৰম’জম আছে। পেৰিছৰ ক্ৰেমলিন-বিচেট্ৰে হাস্পতাল আৰু আলজিয়াৰ্ছৰ মহম্মদ লেমিন দেবাঘিন হাস্পতালৰ বিশেষজ্ঞসকলে ২০২৩ চনৰ এক ৰিপৰ্টত বহু কথা প্ৰকাশ কৰিছিল। এই ৰিপৰ্টত ইমানৰ জৈৱিক বৈশিষ্ট্য, যেনে আভ্যন্তৰীণ অণ্ডকোষৰ অস্তিত্ব আৰু জৰায়ুৰ অনুপস্থিতিৰ বিষয়ে বৰ্ণনা কৰা হৈছে। ইয়াৰ উপৰিও ৰেডাক্সৰ ৰিপৰ্ট অনুসৰি এমআৰআইত ইমানৰ মাইক্ৰ’পেনিছৰ উপস্থিতিও প্ৰকাশ পাইছিল। এতিয়া এই ৰিপৰ্ট ওলোৱাৰ পিছত ইমানৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰা হয় সেয়া জানিবলৈ সমগ্ৰ বিশ্বই অপেক্ষা কৰি আছে ।

Huge row after Imane Khelif, Paris Olympics gold medalist, confirmed as man  in leaked medical report


ইমান খলিফৰ লিংগক লৈ প্ৰশ্ন উত্থাপন হোৱাটো এয়া প্ৰথম নহয়। ইয়াৰ পূৰ্বে আন্তঃৰাষ্ট্ৰীয় বক্সিং এছ’চিয়েশ্যনেও ২০২৩ চনত তেওঁক নিষিদ্ধ কৰিছিল। দিল্লীৰ বক্সিং এছ’চিয়েশ্যনে ইমানক বিশ্ব চেম্পিয়নশ্বিপৰ স্বৰ্ণ পদক মেচত অংশগ্ৰহণ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছিল।

লিংগ বিতৰ্কৰ সন্দৰ্ভত ইমান খলিফে ইয়াৰ পূৰ্বে কৈছিল, "মই আন নাৰীৰ দৰেই এগৰাকী নাৰী। মই এগৰাকী নাৰী ৰূপে জন্মগ্ৰহণ কৰিছোঁ , মই এগৰাকী সাধাৰন  নাৰীৰ দৰে জীয়াই আছো আৰু মই যোগ্যতা অৰ্জন কৰিছো।" আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প, লেখক জে. ৰাউলিং আৰু টেছলাৰ মুখ্য কাৰ্যবাহী বিষয়া ইলন মাস্কে ইমান খলিফাৰ লিংগ সম্পৰ্কে কথা পাতিছিল, তাৰ পিছত ইমানে কয় যে এই লোকসকলে সৃষ্টি কৰা বিতৰ্কৰ বাবে তেওঁৰ জীৱনত গভীৰভাৱে প্ৰভাৱ পৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ