--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্যোতিষত সূৰ্যক গ্ৰহৰ ৰজা বুলি কোৱা হয়। সূৰ্যৰ অৱস্থানৰ সামান্য পৰিৱৰ্তনে জীৱনত ডাঙৰ প্ৰভাৱ পেলায়। শেহতীয়াকৈ ২৫ মে’ত সূৰ্যই নক্ষত্ৰমণ্ডল সলনি কৰিছে। সূৰ্য ৰোহিনী নক্ষত্ৰত প্ৰৱেশ কৰিছে আৰু ইয়াৰ লগে লগে পৰিব ডাঙৰ প্ৰভাৱ। ৮ জুনলৈ ৰোহিনী নক্ষত্ৰত থাকিব সূৰ্য। পূৰ্বে সূৰ্য আছিল কৃতিকা নক্ষত্ৰত। সূৰ্যৰ ৰাশিৰ পৰিৱৰ্তনৰ দৰেই নক্ষত্ৰমণ্ডলৰ পৰিৱৰ্তনৰ প্ৰভাৱ ১২টা ৰাশিৰ লোকৰ ওপৰত পৰিব। ইয়াৰ ভিতৰত এই পৰিৱৰ্তন ৩ ৰাশিৰ জাতক-জাতিকাৰ বাবে ভাল নহয়। 

৮ জুনলৈকে শত্ৰুৰ পৰা সাৱধান হওক এই তিনি ৰাশিৰ লোক

মেষ ৰাশিঃ সূৰ্যৰ নক্ষত্ৰমণ্ডলৰ পৰিৱৰ্তনৰ প্ৰভাৱ মেষ ৰাশিৰ লোকসকলৰ বাবে শুভ বুলি ক’ব নোৱাৰি। এই সময়ছোৱাত মেষ ৰাশিৰ লোকসকলে শত্ৰুৰ পৰা সাৱধান হ’ব লাগিব। শত্ৰুৱে তেওঁলোকৰ ক্ষতি কৰিব পাৰে। আৰ্থিক লোকচান হ’ব পাৰে। সম্পৰ্কত সমস্যা হ’ব পাৰে। জীৱন সংগীৰ লগত কাজিয়া হ’ব পাৰে। এই সময়ত সংযম ৰক্ষা কৰি চলিব লাগিব। 

মকৰ ৰাশিঃ সূৰ্য নক্ষত্ৰৰ পৰিৱৰ্তনৰ বাবে মকৰ ৰাশিৰ লোকসকলে নেতিবাচক প্ৰভাৱৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। এই ৰাশিৰ লোকসকল ব্যৱসায়ী হওক বা চাকৰিয়াল হওক তেওঁলোক অতি সাৱধান হোৱাটো প্ৰয়োজন। শত্ৰুৱে ক্ষতি কৰিব পাৰে। নিজৰ পৰিকল্পনাবোৰ নিজৰ লগতে ৰাখক আৰু সেইবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব। এই সময়ত কম কথা ক’ব আৰু অধিক কাম কৰিব। তিতা কথা কোৱাৰ পৰা সম্পূৰ্ণ বিৰত থাকক।

মীন ৰাশিঃ সূৰ্য নক্ষত্ৰমণ্ডলৰ পৰিৱৰ্তনৰ প্ৰভাৱ মীন ৰাশিৰ লোকসকলৰ বাবে ভাল নহ’ব। তেওঁলোকে চিন্তা কৰি আৰু সাৱধানে লেনদেন কৰিব লাগিব। বিশেষকৈ ব্যৱসায়ীসকল সাৱধান হ’ব লাগিব নহ’লে ডাঙৰ লোকচান হ’ব পাৰে। কিন্তু চাকৰিয়ালসকল বিশেষ সমস্যাৰ সন্মুখীন নহ’ব। কিন্তু বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক। ইয়াৰ বাহিৰেও শত্ৰুৱে আপোনাৰ ওপৰত চকু ৰাখি আছে, সাৱধানে থাকিব।

বতৰেও পেলাব প্ৰভাৱ 

ৰোহিনী নক্ষত্ৰত সূৰ্য থকাৰ সময়ছোৱাত গৰম থাকিব। লগতে ধূলিময় বতাহ বলিব। বতৰত উত্থান-পতন হ’ব। একে সময়তে ৯ জুনত সূৰ্য মৃগাশিৰ নক্ষত্ৰত প্ৰৱেশ কৰাৰ পিছত বৰষুণ দিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বাংলাদেশী সংবাদ মাধ্যমক আৱামী লীগক বৰ্জনৰ নিৰ্দেশ ইউনুছ চৰকাৰৰ
অবৈধ সম্পৰ্কৰ পৰিণতি! স্বামী নথকা মহিলাৰ ঘৰত সোমাই থকা অৱস্থাত বিপদত পৰিল দিলদাৰ
গাজাক দুর্ভিক্ষস্থলী ঘোষণা ৰাষ্ট্ৰসংঘৰ
অভিযন্তাৰ ঘৰত চলিল অভিযান! আতংকিত পত্নীয়ে জ্বলাই দিলে ২০ লাখ টকা, ৪০ লাখ নগদ ধন আৰু দামী ঘড়ী উদ্ধাৰ
গোৱালপাৰাত অবৈধভাৱে সৰবৰাহ কৰা গৰুসহ মেঘালয়ৰ দুজন লোকক আটক
মুকালমুৱা আৰক্ষীৰ বৃহৎ সফলতা! জালত পৰিল ৯ চাইবাৰ অপৰাধী
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়
২১ ছেপ্টেম্বৰত পোন প্ৰথমবাৰৰ বাবে টীয়কত অনুষ্ঠিত হ'ব অসম লেখিকা সমাজৰ  'সখিয়তী সন্মিলন'
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান