--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জ্যোতিষত সূৰ্যক গ্ৰহৰ ৰজা বুলি কোৱা হয়। সূৰ্যৰ অৱস্থানৰ সামান্য পৰিৱৰ্তনে জীৱনত ডাঙৰ প্ৰভাৱ পেলায়। শেহতীয়াকৈ ২৫ মে’ত সূৰ্যই নক্ষত্ৰমণ্ডল সলনি কৰিছে। সূৰ্য ৰোহিনী নক্ষত্ৰত প্ৰৱেশ কৰিছে আৰু ইয়াৰ লগে লগে পৰিব ডাঙৰ প্ৰভাৱ। ৮ জুনলৈ ৰোহিনী নক্ষত্ৰত থাকিব সূৰ্য। পূৰ্বে সূৰ্য আছিল কৃতিকা নক্ষত্ৰত। সূৰ্যৰ ৰাশিৰ পৰিৱৰ্তনৰ দৰেই নক্ষত্ৰমণ্ডলৰ পৰিৱৰ্তনৰ প্ৰভাৱ ১২টা ৰাশিৰ লোকৰ ওপৰত পৰিব। ইয়াৰ ভিতৰত এই পৰিৱৰ্তন ৩ ৰাশিৰ জাতক-জাতিকাৰ বাবে ভাল নহয়। 

৮ জুনলৈকে শত্ৰুৰ পৰা সাৱধান হওক এই তিনি ৰাশিৰ লোক

মেষ ৰাশিঃ সূৰ্যৰ নক্ষত্ৰমণ্ডলৰ পৰিৱৰ্তনৰ প্ৰভাৱ মেষ ৰাশিৰ লোকসকলৰ বাবে শুভ বুলি ক’ব নোৱাৰি। এই সময়ছোৱাত মেষ ৰাশিৰ লোকসকলে শত্ৰুৰ পৰা সাৱধান হ’ব লাগিব। শত্ৰুৱে তেওঁলোকৰ ক্ষতি কৰিব পাৰে। আৰ্থিক লোকচান হ’ব পাৰে। সম্পৰ্কত সমস্যা হ’ব পাৰে। জীৱন সংগীৰ লগত কাজিয়া হ’ব পাৰে। এই সময়ত সংযম ৰক্ষা কৰি চলিব লাগিব। 

মকৰ ৰাশিঃ সূৰ্য নক্ষত্ৰৰ পৰিৱৰ্তনৰ বাবে মকৰ ৰাশিৰ লোকসকলে নেতিবাচক প্ৰভাৱৰ সন্মুখীন হ’বলগীয়া হ’ব পাৰে। এই ৰাশিৰ লোকসকল ব্যৱসায়ী হওক বা চাকৰিয়াল হওক তেওঁলোক অতি সাৱধান হোৱাটো প্ৰয়োজন। শত্ৰুৱে ক্ষতি কৰিব পাৰে। নিজৰ পৰিকল্পনাবোৰ নিজৰ লগতে ৰাখক আৰু সেইবোৰ কাৰো লগত শ্বেয়াৰ নকৰিব। এই সময়ত কম কথা ক’ব আৰু অধিক কাম কৰিব। তিতা কথা কোৱাৰ পৰা সম্পূৰ্ণ বিৰত থাকক।

মীন ৰাশিঃ সূৰ্য নক্ষত্ৰমণ্ডলৰ পৰিৱৰ্তনৰ প্ৰভাৱ মীন ৰাশিৰ লোকসকলৰ বাবে ভাল নহ’ব। তেওঁলোকে চিন্তা কৰি আৰু সাৱধানে লেনদেন কৰিব লাগিব। বিশেষকৈ ব্যৱসায়ীসকল সাৱধান হ’ব লাগিব নহ’লে ডাঙৰ লোকচান হ’ব পাৰে। কিন্তু চাকৰিয়ালসকল বিশেষ সমস্যাৰ সন্মুখীন নহ’ব। কিন্তু বিনিয়োগৰ ক্ষেত্ৰত সাৱধান হওক। ইয়াৰ বাহিৰেও শত্ৰুৱে আপোনাৰ ওপৰত চকু ৰাখি আছে, সাৱধানে থাকিব।

বতৰেও পেলাব প্ৰভাৱ 

ৰোহিনী নক্ষত্ৰত সূৰ্য থকাৰ সময়ছোৱাত গৰম থাকিব। লগতে ধূলিময় বতাহ বলিব। বতৰত উত্থান-পতন হ’ব। একে সময়তে ৯ জুনত সূৰ্য মৃগাশিৰ নক্ষত্ৰত প্ৰৱেশ কৰাৰ পিছত বৰষুণ দিব পাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement