--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এইবাৰ গীনিজ ৱৰ্ল্ড ৰেক’ৰ্ডছত অন্তৰ্ভুত্ত হৈছে এটা বিশেষ কুকুৰ৷ বিৰল অভিলেখৰ গৰাকী হ’ল সেই বিশেষ কুকুৰটো৷ বিশ্বৰ ভিতৰতে আটাইতকৈ পুৰণি আৰু জীৱন্ত কুকুৰ হিচাপে স্বীকৃত হ’ল কুকুৰটো৷ কুকুৰটোৰ নাম পেবলছ্৷ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছে ২২ বছৰীয়া কুকুৰটোত বিশ্বৰ আটাইতকৈ পুৰণি আৰু জীৱন্ত কুকুৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে।

পেবলছ্ নামৰ কুকুৰটোৰ জন্ম হৈছিল ২০০০ চনৰ ২৮ মাৰ্চত৷ বৰ্তমান কুকুৰটোৰ বয়স ২২ বছৰ আৰু ৫৯ দিন বুলি জিডব্লিউআৰে সদৰী কৰে৷

পেবলছৰ স্বত্ত্বাধিকাৰী ববি আৰু জুলি গ্ৰেগৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেৰোলিনাত বাস কৰে আৰু আগৰ আটাইতকৈ পুৰণি কুকুৰ টবিকিথৰ বাতৰি চাই ঘৰতে আছিল আৰু অনুভৱ কৰিছিল যে তেওঁলোকৰ কুকুৰটো সেইটোতকৈও ডাঙৰ। গীনিজৰ সৈতে কথা পাতি জুলি গ্ৰেগৰীয়ে কৈছিল, বন্ধুবৰ্গ আৰু পৰিয়ালে এটা ২১ বছৰীয়া কুকুৰে ৰেকৰ্ড পোৱাৰ বিষয়ে দেখা এটা কাহিনী দেখাৰ পাছত মেছেজ আৰু ফোন কৰিবলৈ আৰম্ভ কৰিছিল৷ যেতিয়া মই গোটেই বাতৰিটোত টবিকিথৰ কাহিনী দেখিছিলোঁ, ময়ো আবেদন কৰিছিলোঁ৷

ববী গ্ৰেগৰীয়ে কুকুৰ এটা বিচাৰি থাকোতে এটা টয় ফক্স টেৰিয়াৰক অনুসৰণ কৰা দেখিলে আৰু প্ৰতিবাৰেই তেওঁ খোজ কাঢ়ি যাওঁতে বেষ্টনীৰ কাষত দৌৰি ফুৰিছিল। তাৰ পাছত পেবলছক ঘৰলৈ লৈ আনিছিল ববীয়ে৷ আৰু সুদীৰ্ঘ ২২ বছৰৰ পাছত আহিল সেই স্বীকৃতি৷ গীনিজ বুক অব ৱৰ্ল্ড ৰেক’ৰ্ডছৰ স্বীকৃতি পালে পেবলছ্-এ৷

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত