--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: এইবাৰ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছত অন্তৰ্ভুত্ত হৈছে এটা বিশেষ কুকুৰ৷ বিৰল অভিলেখৰ গৰাকী হল সেই বিশেষ কুকুৰটো৷ বিশ্বৰ ভিতৰতে আটাইতকৈ পুৰণি আৰু জীৱন্ত কুকুৰ হিচাপে স্বীকৃত হল কুকুৰটো৷ কুকুৰটোৰ নাম পেবলছ্৷ গীনিজ ৱৰ্ল্ড ৰেকৰ্ডছে ২২ বছৰীয়া কুকুৰটোত বিশ্বৰ আটাইতকৈ পুৰণি আৰু জীৱন্ত কুকুৰ হিচাপে স্বীকৃতি প্ৰদান কৰিছে।

পেবলছ্ নামৰ কুকুৰটোৰ জন্ম হৈছিল ২০০০ চনৰ ২৮ মাৰ্চত৷ বৰ্তমান কুকুৰটোৰ বয়স ২২ বছৰ আৰু ৫৯ দিন বুলি জিডব্লিউআৰে সদৰী কৰে৷

পেবলছৰ স্বত্ত্বাধিকাৰী ববি আৰু জুলি গ্ৰেগৰীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ দক্ষিণ কেৰোলিনাত বাস কৰে আৰু আগৰ আটাইতকৈ পুৰণি কুকুৰ টবিকিথৰ বাতৰি চাই ঘৰতে আছিল আৰু অনুভৱ কৰিছিল যে তেওঁলোকৰ কুকুৰটো সেইটোতকৈও ডাঙৰ। গীনিজৰ সৈতে কথা পাতি জুলি গ্ৰেগৰীয়ে কৈছিল, বন্ধুবৰ্গ আৰু পৰিয়ালে এটা ২১ বছৰীয়া কুকুৰে ৰেকৰ্ড পোৱাৰ বিষয়ে দেখা এটা কাহিনী দেখাৰ পাছত মেছেজ আৰু ফোন কৰিবলৈ আৰম্ভ কৰিছিল৷ যেতিয়া মই গোটেই বাতৰিটোত টবিকিথৰ কাহিনী দেখিছিলোঁ, ময়ো আবেদন কৰিছিলোঁ৷

ববী গ্ৰেগৰীয়ে কুকুৰ এটা বিচাৰি থাকোতে এটা টয় ফক্স টেৰিয়াৰক অনুসৰণ কৰা দেখিলে আৰু প্ৰতিবাৰেই তেওঁ খোজ কাঢ়ি যাওঁতে বেষ্টনীৰ কাষত দৌৰি ফুৰিছিল। তাৰ পাছত পেবলছক ঘৰলৈ লৈ আনিছিল ববীয়ে৷ আৰু সুদীৰ্ঘ ২২ বছৰৰ পাছত আহিল সেই স্বীকৃতি৷ গীনিজ বুক অব ৱৰ্ল্ড ৰেকৰ্ডছৰ স্বীকৃতি পালে পেবলছ্-এ৷

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ