এদিন বন্দুকৰ নলী আপোনাৰ-মোৰ পিনেও যে টোঁৱাব, সেয়া বহুতে ভাবিবই পৰা নাছিল। বহু লোকে আৰম্ভণিতে এই কাৰ্যক উৎসাহিত কৰিছিল। হাত চাপৰিৰে আদৰণি জনাই ইয়াৰ মূল হোতাজনক বীৰ সজাবলৈ উঠিপৰি লাগিছিল। কিন্তু, তেতিয়াই সমাজৰ সচেতন মহলে ইয়াৰ বিৰোধ কৰিছিল। এখন গণতান্ত্ৰিক দেশত আইনৰ শাসন চলিব লাগে বুলি সমাজৰ মুষ্টিমেয় এচামে সাহস কৰি দাবী তুলিছিল। পৰিৱেশ এনেকুৱা কৰি পেলোৱা হৈছে যে হক কথা কোৱা মানুহক একাষৰীয়া কৰি তেওঁলোকৰ মতক গুৰুত্বহীন কৰা হ’ল। গণতান্ত্ৰিকভাৱে নিৰ্বাচিত এখন চৰকাৰে জনমত আৰু আইন-আদালতক সন্মান জনাবলৈ বাধ্য। সংবিধান, আইন-আদালত তথা ন্যায়ালয়ক সন্মান জনাবলৈ নিবিচৰা শাসকৰ ওচৰত ৰাইজে কেতিয়াও ন্যায় পাব নোৱাৰে।
২২ জানুৱাৰীত নগাঁৱত যি কাণ্ড সংঘটিত হ’ল, এই কাণ্ডই অসমৰ খিলঞ্জীয়া মানুহৰ জীৱনৰ নিৰাপত্তাৰ প্ৰতি কেনে ভাবুকি আহিছে, সেয়া প্ৰতিপন্ন কৰিলে। গণতান্ত্ৰিক দেশ এখনত নাগৰিকে সংবিধানপ্ৰদত্ত অধিকাৰ ভোগ কৰাৰ সম্পূৰ্ণ স্বাধীনতা আছে। কোনো চৰকাৰ তথা বিৰোধীয়ে এজন সাধাৰণ নাগৰিকৰ পৰা এই অধিকাৰ কাঢ়ি লোৱাৰ অধিকাৰ নাই। দিছপুৰত দ্বিতীয়বাৰৰ বাবে বিজেপি নেতৃত্বাধীন চৰকাৰ গঠন হোৱাৰ পাছত এনকাউণ্টাৰ শব্দটো বহুলভাৱে প্ৰচলিত হৈ পৰে। চৰকাৰেও আৰক্ষীক সৰ্বাধিক ক্ষমতা দিয়াৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে ধাৰাবাহিকভাৱে প্ৰতিবাদ কৰিছে। ড্ৰাগছ ব্যৱসায়ী, ড্ৰাগছআসক্ত কিছুমান ডকাইত আদিক গ্ৰেপ্তাৰ কৰি পাছমুহূৰ্ততে ভৰিত গুলীয়াই হয় আহত কৰিছে, নহয় নিহত কৰিছে। ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চ ন্যায়ালয়ত ইতিমধ্যে গোচৰ ৰুজু হৈছে। এনকাউণ্টাৰ প্ৰক্ৰিয়া আৰম্ভণিতে কিছু জনপ্ৰিয় হৈছিল। কেতবোৰ লোকে ইয়াৰ সমৰ্থনত সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত মাত দিছিল। যিমানে দুৰ্ধৰ্ষ অপৰাধী নহওক কিয়, গণতন্ত্ৰত বিচাৰৰ দায়িত্ব কেৱল আদালতৰ। আদালতে দোষৰ মাপ নিৰ্ধাৰণ কৰি সেইমতে দোষী তথা অপৰাধীৰ শাস্তি নিৰ্ণয় কৰে। ভাৰতীয় আদালতে দোষীক ফাঁচীপৰ্যন্ত দিয়ে। বহু সময়ত আৰক্ষীয়ে অপৰাধী সজোৱা বহু লোক আদালতত নিৰ্দোষী প্ৰমাণিত হয়। যি কি নওহক ব্যাপক ৰূপত ৰাজ্যত এনকাউণ্টাৰ চলি থকাৰ সময়ত যিসকলে ইয়াৰ সমৰ্থনত হাত চাপৰি বজাই আছিল, তেওঁলোকৰ বাবে প্ৰত্যাহ্বান আনিছে নগাঁৱৰ বহুচৰ্চিত ঘটনাটোৱে।
টিউচনৰ শেষত ঘৰলৈ আহি নগাঁৱৰ মিলনপুৰৰ কীৰ্তিকমল বৰা নামৰ ২৫ বছৰীয়া যুৱকজনে মাকৰ কাৰণে ফাৰ্মাচীৰ পৰা ঔষধ আনিবলৈ গৈছিল। সময় তেতিয়া নিশা ৮ বাজিছিল। সান্ধ্যআইন আৰম্ভ হোৱাই নাই। সান্ধ্যআইন চলি থকা সময়তো জীৱনদায়িনী ঔষধ আদি আনিবলৈ যিকোনো লোক বাহিৰলৈ যোৱাৰ অধিকাৰ আছে। কিন্তু, নিশা ৮ বজাত ঔষধ লৈ ঘৰলৈ বুলি আহি থকা যুৱকজনক আৰক্ষীয়ে মটৰ চাইকেলৰ পৰা নামিবলৈ দি অশ্লীল গালি-গালাজ পাৰি ভৰিত গুলীয়াই দিয়াৰ অধিকাৰ ক’ত পালে? নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই গঠন কৰা এণ্টি নাৰ্ক’টিক স্কোৱাডৰ জোৱানে কীৰ্তিকমলক গুলীয়াই দিয়াৰ পাছত অপৰাধী সজাবলৈ কেইটামান মদৰ বটল তেওঁৰ মটৰ চাইকেলখনৰ ওচৰত পেলাই দিয়ে। এই ঘটনাটোৰ পাছত অসমৰ ৰাইজে গম পাইছে কিদৰে নিৰপৰাধী লোকক অপৰাধী সজাই হয় ঘূণীয়া কৰিছে, নহয় হত্যা কৰিছে।
আৰক্ষীয়ে জনা উচিত যে এজন ২৫ বছৰীয়া যুৱকৰ মটৰ চাইকেলত কেইটামান সুৰাৰ বটল থকাটো আইনৰ দৃষ্টিৰ পৰা অপৰাধ নহয়। নগাঁৱৰ এই ঘটনাটোৰ পাছতে সমাজৰ গৰিষ্ঠসংখ্যক লোকে এনকাউণ্টাৰৰ আঁৰৰ সত্য জানিব পাৰিছে। জানিব পাৰিছে কিদৰে নিৰীহক সমাজৰ চকুত অপৰাধী সজাই হত্যা কৰা হৈছে।
ইতিমধ্যে সমাজৰ সচেতন মহলে আইনৰ শাসনৰ দাবী তুলিছে। আইনৰ শাসন মানে পুলিচী শাসন নহয়। আদালতত সমাজৰ সাধাৰণ লোকজনৰ পৰা মন্ত্ৰী, বিষয়া আদিও জবাবদিহি হ’বলগীয়া হয়। অপৰাধীয়ে শাস্তি পোৱা আৰু অপৰাধমুক্ত এখন অসম সকলোৱে বিচাৰে। কিন্তু এই অপৰাধমুক্ত অসম গঢ়িবলৈ গৈ আৰক্ষীক সকলো ক্ষমতা অৰ্ণণ কৰাৰ পৰিণাম কিমান ভয়াৱহ হ’ব পাৰে, সেয়া নগাঁৱৰ ঘটনাটোৱে প্ৰমাণ কৰিলে। উল্লেখযোগ্য যে কীৰ্তিকমল বৰা নামৰ যুৱকজন ছাত্ৰ সন্থাৰ সৈতে জড়িত। তদুপৰি নগাঁৱৰ ৰাইজৰ মাজত কীৰ্তিকমল এজন মিতভাষী আৰু সৰবৰহী যুৱক হিচাপে পৰিচিত। এনেকুৱা এগৰাকী যুৱকক আৰক্ষীয়ে অপৰাধী সজাবলৈ গৈ মটৰ চাইকেলখনৰ কাষত কেইটামান মদৰ বটল পেলাই দিলেই ইয়াক ৰাইজে মানি ল’বনে? শেহতীয়াকৈ এনেকুৱা এটা ধাৰণা চৰকাৰীভাৱে দিবলৈ বিচৰা হৈছে যে এনকাউণ্টাৰৰ বলি হোৱা মানেই অপৰাধী। সাধাৰণ মানুহক এনেদৰে ভাবিবলৈ এটা পৰিৱেশ ৰচনা কৰা হৈছে। এই ক্ষেত্ৰত ইয়াৰ উদ্যোক্তাসকল মোটামুটি সফলো।
নগাঁৱৰ ঘটনাটোৱে এনকাউণ্টাৰৰ আঁৰৰ বহু সত্য পোহৰলৈ আনিব বুলি অসমীয়া মানুহে আশা কৰিছে। গণতান্ত্ৰিক ব্যৱস্থাত আস্থা ৰখা সকলোৱে বিচাৰে দোষীয়ে আইনৰ বিচাৰ প্ৰক্ৰিয়াৰ আধাৰত শাস্তি পাওক। কোনো দোষী সাৰি যোৱাটো কেতিয়াও কোনো মানুহে নিবিচাৰে। ইয়াৰ বাবে এনকাউণ্টাৰ কেতিয়াও গ্ৰহণযোগ্য নহয়। এই ক্ষেত্ৰত অসম চৰকাৰৰ কৰণীয় আছে।
বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ বিকল্প নাই। বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিবলৈ নিম্ন আৰু উচ্চ আদালতত পৰ্যাপ্ত বিচাৰক নিযুক্তি দিব লাগিব। এতিয়াও অসমৰ নিম্ন আৰু উচ্চ আদালতত বিচাৰকৰ যথেষ্টসংখ্যক আসন খালী হৈ আছে। গোচৰৰ ভিৰ ভাবিব নোৱৰা ধৰণে বৃদ্ধি পাইছে। মানুহৰ সংখ্যা যিহেতু বাঢ়িছে, গোচৰৰ সংখ্যা বৃদ্ধি পোৱাটো তেনেই স্বাভাৱিক। ইয়াৰ বাবে অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ আইন আৰু ন্যায় বিভাগৰ মন্ত্ৰীৰ সৈতে আলোচনা কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ লগতে বিভিন্ন জিলাত থকা আদালতসমূহত পৰ্যাপ্ত বিচাৰক নিযুক্তি দিয়ক। যাতে ন্যায়ৰ বাবে কোনো লোকে বছৰৰ পাছত বছৰ অপেক্ষা কৰিব নালাগে। অসম চৰকাৰৰ জ্ঞাতাৰ্থে জনাওঁ যে বৰ্তমান কেন্দ্ৰীয় চৰকাৰত আইন আৰু ন্যায় বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী হিচাপে অসম হিতৈষী তথা অৰুণাচলৰ সাংসদ কিৰেন ৰিজিজুৱে কাৰ্যনিৰ্বাহ কৰি আছে। অসম চৰকাৰে বিষয়টো ৰিজিজুৰ সৈতে আলোচনা কৰি অসমত প্ৰয়োজনীয় ন্যায়াধীশ নিযুক্তি দি বিচাৰ প্ৰক্ৰিয়া খৰতকীয়া কৰিব লাগে।
এনকাউণ্টাৰ তথা পুলিচৰ ওপৰত বিচাৰৰ দায়িত্ব এৰিলে সমাজত বিশৃংখলা আৰু অৰাজকতা কিদৰে গা কৰি উঠে, সেয়া নগাঁৱৰ কীৰ্তিকমলৰ ঘটনাটোৱে প্ৰমাণ কৰিলে।