এসময়ৰ বৰঅসম সাত টুকুৰা হৈ মেঘালয়, মণিপুৰ, ত্ৰিপুৰা, অৰুণাচল, নগালেণ্ড, মিজোৰাম গঠন হৈছিল। অসমৰ পৰা ফাটি গৈ ৬খন ৰাজ্য হোৱাৰ পাছতো অসমৰ সৈতে কেউখন ৰাজ্য এক আনুভূতিক সমন্বয়েৰে বান্ধ খাই আছে। ‘সাতভনী’ হিচাপে পৰিচিত উত্তৰ-পূৰ্বাঞ্চলৰ এই ৭খন ৰাজ্যৰ জনসাধাৰণৰ মাজত এতিয়াও অসমীয়া ভাষা সংযোগী হৈ আছে। অৱশ্যে, শেষৰ এটা দশকত ইয়াৰ কিছু পৰিৱৰ্তন ঘটিছে। ইয়াৰ বাবে দায়ী কিন্তু অসমৰ একাংশ মানুহ আৰু ৰাজনৈতিক নেতাসকল!
অৰুণাচলৰ মুখ্যমন্ত্ৰী পেমা খান্দু, কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজু, প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুট মিথি, মেঘালয়ৰ কিংবদন্তি ৰাজনীতিক প্ৰয়াত পূৰ্ণ এ চাংমা, বৰ্তমানৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা, প্ৰাক্তন মুখ্যমন্ত্ৰী মুকুল চাংমা, নগালেণ্ডৰ মুখ্যমন্ত্ৰী নেফিঅ’ ৰিঅ’, মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা, প্ৰাক্তন মুখ্যমন্ত্ৰী লালথান হাওলাকে ধৰি জনজাতীয় বসতিপ্ৰধান এই ৰাজ্যকেইখনৰ ৰাজনৈতিক নেতা আৰু বহু মানুহে সলসলীয়াকৈ অসমীয়া ভাষাত ভাবৰ আদান-প্ৰদান কৰিব পাৰে।
শেহতীয়াকৈ, সামাজিক মাধ্যমত কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে এটা ভিডিঅ’ প্ৰচাৰ কৰিছে। ইংৰাজী নৱবৰ্ষ উপলক্ষে ওপজা গাঁৱৰ জনসাধাৰণৰ সৈতে বনভোজ খোৱা এটা ভিডিঅ’ই ৰিজিজুৰ অসমীয়া মানুহ আৰু সংস্কৃতিৰ সৈতে থকা সম্পৰ্ক কিমান গভীৰ, সেয়া প্ৰমাণ কৰিলে। মন্ত্ৰীগৰাকীয়ে নিজেই ‘এইখনি গাঁও বুকুৰ আপোন...’ শীৰ্ষক অসমীয়া গীতটো বজাই ভিডিঅ’টো সামাজিক মাধ্যমত আপলোড কৰিছিল। ইণ্ডিয়া টুডে’কে ধৰি আটাইবোৰ ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই গানটোৰ সৈতে কিৰেন ৰিজিজুৰ বনভোজ খোৱাৰ ভিডিঅ’ ভাইৰেল হৈছিল। অৰুণাচলৰ এগৰাকী সাংসদ তথা নৰেন্দ্ৰ মোদী মন্ত্ৰীসভাৰ এগৰাকী অতি দায়িত্বশীল আৰু জনপ্ৰিয় সদস্যৰ অসমীয়া গানৰ প্ৰতি থকা মোহে আমাৰ মাজৰ সম্পৰ্ক অধিক গভীৰ কৰি তুলিলে। এই প্ৰজন্মৰ জনপ্ৰিয় ৰাজনৈতিক নেতাজনৰ এই ভিডিঅ’টোৱে দুয়োখন ৰাজ্যৰ নতুন প্ৰজন্মক অধিক ওচৰ চপাই নিয়া বুলি ক’ব পাৰি।
তথাপি এটা কথা ক’ব লাগিব যে মুকুট মিথি, কনৰাড চাংমা আদিকে ধৰি চুবুৰীয়া ৰাজ্যৰ ৰাজনৈতিক নেতাসকল আৰু সেইটো প্ৰজন্মৰ অসমৰ সৈতে থকা সম্পৰ্ক যথেষ্ট মধুৰ। কনৰাড চাংমাৰ পিতৃয়ে অসমত পঢ়িছিল আৰু অসমৰ শিক্ষানুষ্ঠানতে শিক্ষকতা কৰিছিল। এতিয়াও মেঘালয়ৰ বহু ছাত্ৰ-ছাত্ৰীয়ে অসমত অধ্যয়ন কৰি আছে। কেৱল মেঘালয়ৰে নহয়, চুবুৰীয়া কেউখন ৰাজ্যৰ ছাত্ৰ-ছাত্ৰীৰে ঠাহ খাই আছে গুৱাহাটী মহানগৰীৰ শিক্ষানুষ্ঠান আৰু বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, নাৰ্ছিংহোম আদি। এইসকল ৩০ অনূৰ্ধ্ব যুৱক-যুৱতীয়ে অসমীয়া ভাষা শিকিছে আৰু অসমীয়া মানুহক জানিবলৈ চেষ্টাও কৰিছে। এতিয়া কথা হ’ল, সকলোবোৰ কৰাৰ দায়িত্ব তেওঁলোকৰে নেকি ? আমাৰ একো দায়িত্ব তেওঁলোকৰ প্ৰতি নাই নেকি ? যিমানসংখ্যক মেঘালয়, অৰুণাচল, মণিপুৰ, মিজোৰাম, নগালেণ্ডৰ যুৱক-যুৱতীয়ে অসমীয়া ভাষা জানে, অসমীয়া সংস্কৃতি তথা বিহুগোৱা আৰু নচাৰ মাদকতা লয়, তাৰ বিপৰীতে আমাৰ কিমানসংখ্যক অসমীয়াই তেওঁলোকৰ ভাষা আৰু কৃষ্টি জানিবলৈ আগ্ৰহী হওঁ ? সমন্বয়ৰ সেতু এনেদৰে একপক্ষীয়ভাৱে গঢ় লৈ উঠে জানো ?