--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: সচৰাচৰ আমি দেখিবলৈ পাওঁ যে সন্তানৰ দৈহিক উচ্চতা পিতৃ-মাতৃতকৈ বেছি হয়। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে কিয় এনে হয়? জানো আহক ইয়াৰ বিজ্ঞানভিত্তিক বিশেষ কাৰণ। দৰাচলতে ইয়াৰ বৈজ্ঞানিক কাৰণ বিচাৰি বিশেষজ্ঞসকলে চলোৱা এক গৱেষণাত পোহৰলৈ আহিছে বহু তথ্য। বি বি চি অনলাইন আলোচনী ‘ছায়েন্স ফ’কাছ’ৰ অনুসৰি অভিভাৱকতকৈ সন্তানৰ দৈহিক উচ্চতা বৃদ্ধি পোৱা কাৰণ মূলগত নিৰ্ভৰ কৰে জিনৰ ওপৰত। কিন্তু কেইটামান এনে কাৰণো আছে যিটোৱে উচ্চতাৰ ওপৰত প্ৰভাৱ পেলায়। যেনে-বংশগত কাৰণ, অভিভাৱকৰ শৰীৰৰ অৱস্থিতি, সঠিক পুষ্টি আৰু তেওঁলোকৰ বেমাৰৰ ২০ শতাংশ প্ৰভাৱেই সন্তানৰ উচ্চতাৰ ওপৰত পৰে। কিন্তু পৰিৱেশ, পৰিস্থিতিয়েও ইয়াত কিছু প্ৰভাৱ বিস্তাৰ কৰে। স্বাস্থ্য বিজ্ঞানীসকলৰ মতে মানুহৰ উচ্চতা বৃদ্ধিৰ এটা বয়সৰ সীমাবদ্ধতা থাকে। সাধাৰণতে ১৫/১৬ বছৰৰ পৰা ১৮ বছৰ বয়সলৈ কিশোৰ-কিশোৰীসকলৰ উচ্চতা বৃদ্ধি নাপায় বুলি ভবা হয় যদিও আজিকালি কিছুমান ব্যায়াম আৰু পুষ্টিগত কাৰণত প্ৰয়োজনীয় যোগাসনৰ ফলত এই বয়সৰ পাছতো তেওঁলোকে ইচ্ছা কৰিলে দৈহিক উচ্চতা বাঢ়ে বুলি প্ৰমাণ পোৱা গৈছে। কোন কোন দেশত কিমান হয় দৈহিক উচ্চতা? সম্প্ৰতি সহজ ভাষাত ক’বলৈ গ’লে অষ্ট্ৰেলিয়াৰ এটা গৱেষণাত প্ৰকাশ পাইছে যে ল’ৰাৰ উচ্চতা পিতৃৰ উচ্চতাতকৈ ১ শতাংশ বেছি হোৱাৰ বিপৰীতে ছোৱালীৰ উচ্চতা মাতৃতকৈ ৩ শতাংশ বেছি হয়। ইফালে নেদাৰলেণ্ডত ইয়াৰ দুগুণ দেখিবলৈ পোৱা যায়। যেনে-ল’ৰাৰ উচ্চতা পিতৃতকৈ ২ শতাংশ আৰু ছোৱালীৰ উচ্চতা মাতৃতকৈ ৬ শতাংশ বৃদ্ধি হোৱা দেখিবলৈ পোৱা যায়। ইফালে, গৱেষণা অনুসৰি সন্তানৰ দৈহিক উচ্চতা খাদ্যভ্যাসৰ ওপৰতো নিৰ্ভৰ কৰে। গৱেষণাৰ তথ্য অনুসৰি ল’ৰা সন্তানতকৈ ছোৱালী সন্তানৰ উচ্চতা তৎক্ষণাত বৃদ্ধি হয়। এনেকুৱা কিয় হয়? ইয়াৰ পৰিপ্ৰেক্ষিতত গৱেষণাই হৰমন, থাইৰয়ড গ্ৰন্থীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰাৰ বিপৰীতে আজিকালি উচ্চতা বৃদ্ধিৰ প্ৰতি সন্তানৰ লগতে অভিভাৱকসকলক যথেষ্ট মনোযোগ দিয়া দেখা যায়। উচ্চতাই মানুহৰ ব্যক্তিত্বৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায়। এতিয়া যিকোনো বয়সতে উচ্চতা বৃদ্ধি কৰাটো সম্ভৱ যদিও কিছু সাৱধানতা অৱলম্বন কৰা অত্যন্ত জৰুৰী। গৱেষণাৰ তথ্য অনুসৰি ল’ৰা সন্তানতকৈ ছোৱালী সন্তানৰ উচ্চতা তৎক্ষণাত বৃদ্ধি হয়। এনেকুৱা কিয় হয়? ইয়াৰ পৰিপ্ৰেক্ষিতত গৱেষণাই হৰমন, থাইৰয়ড গ্ৰন্থীয়ে বিশেষ ভূমিকা গ্ৰহণ কৰাৰ বিপৰীতে আজিকালি উচ্চতা বৃদ্ধিৰ প্ৰতি সন্তানৰ লগতে অভিভাৱকসকলক যথেষ্ট মনোযোগ দিয়া দেখা যায়। উচ্চতাই মানুহৰ ব্যক্তিত্বৰ ওপৰতো যথেষ্ট প্ৰভাৱ পেলায়। এতিয়া যিকোনো বয়সতে উচ্চতা বৃদ্ধি কৰাটো সম্ভৱ যদিও কিছু সাৱধানতা অৱলম্বন কৰা অত্যন্ত জৰুৰী।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ
নেপালৰ জলপ্ৰলয়ৰ মাজৰ পৰা সোঁ-শৰীৰে নিজ ঘৰত উপস্থিত ডবকাৰ গৌতম দাস
দুলীপ ট্ৰফী ক্ৰিকেট: ৫৭ বছৰীয়া অভিলেখ ভংগ বৈভৱ সূর্যবংশীৰ
নেপালত এতিয়াও ৪,২০০ লোক সন্ধানহীন! ভাৰতৰ এলেকাত থকা ১৮৮ হিমবাহ হ্রদত 'আর্লি ৱার্নিং ছিষ্টেম'ৰ প্ৰস্তুতি
দেশৰ জি ডি পি ৭.৮%; শক্তিশালী হৈছে ভাৰতীয় অর্থনীতি
মৰিয়নিত মোমায়েক-মামীয়েকে অপহৰণ কৰিলে ভাগিনীয়েকক, মুক্তিপণ দাবী ৬০ লাখ টকা
১২৫ বছৰৰ পাছত ২০২৬ চনৰ আগষ্ট মাহটো আছিল ভাৰতৰ আটাইতকৈ উষ্ণ আগষ্ট মাহ