--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আমি সকলোৱে ১৮ মাৰ্চত ৰঙৰ উৎসৱ হোলী উদযাপন কৰিম। ১৮ মাৰ্চ, শুকুৰবাৰে দৌল পূৰ্ণিমা উদযাপনৰ পিছত ১৯ মাৰ্চ, শনিবাৰে হোলী উদযাপন কৰা হ'ব। হোলীৰ দিনা সৌভাগ্য লাভ কৰিব পাঁচ ৰাশিৰ জাতক জাতিকাই। আহকচোন চাওঁ কোন ৫ টা ৰাশিৰ ভাগ্য ফুলিব এইবাৰ- ১)কৰ্কট ৰাশিঃ ৰঙৰ উৎসৱে কৰ্কট ৰাশিৰ জাতক-জাতিকাসকলৰ জীৱন আনন্দেৰে ভৰাই তুলিব। চন্দ্ৰৰ স্থিতিৰ বাবে কলাৰ দক্ষতা আৰু সৃজনশীলতা বৃদ্ধি পাব। তেওঁলোকে তেওঁলোকৰ জীৱনসংগীৰ পৰা বিশেষ সহায় পাব। যদি আপুনি এজন কৰ্কট ৰাশিৰ লোক তেনেহ'লে আপুনি এই সময়ছোৱাত ক'ৰবাত বিনিয়োগ কৰিব পাৰে, ডাঙৰ বিত্তীয় লাভৰ সম্ভাৱনা আছে। আপুনি কৰ্মক্ষেত্ৰত জ্যেষ্ঠসকলৰ পৰাও সহায় পাব। ২)কন্যা ৰাশিঃ এই বছৰৰ হোলীৰ ৰঙে কন্যা ৰাশিৰ লোকসকলৰ জীৱন অধিক ৰঙীন কৰি তুলিব। যিসকল ব্যৱসায়ৰ সৈতে জড়িত তেওঁলোকৰ ধন উপাৰ্জন বৃদ্ধি পাব। আপুনি পৰিয়ালৰ পৰা সহায় আৰু মৰম পাব। পুৰণি বন্ধু আৰু আত্মীয়সকলৰ সৈতে ভাল সময় কটাব। কিছু ভাল খবৰ পোৱাটো নিশ্চিত। যিসকলে পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাই আছে,তেওঁলোকৰ বাবে আগলৈও ভাল সময় আছে। অনাগত দিনবোৰত বিত্তীয় পৰিস্থিতি অধিক শক্তিশালী হ'ব। ৩)ধনু ৰাশিঃ ধনু ৰাশিৰ লোকসকল ধৰ্মীয় কামৰ প্ৰতি আকৰ্ষিত হ'ব। বিশেষকৈ ধনুৰ ৰাশিৰ যিসকল লোকৰ বয়স ৫০ বছৰৰ অধিক তেওঁলোকৰ ঈশ্বৰভক্তি বাঢ়িব। তেওঁলোকে জীৱনত পোৱা সকলোবোৰৰ বাবে ঈশ্বৰক ধন্যবাদ জনাব। তেওঁলোকে ঘৰত উপাসনা কৰিব। ধনু ৰাশিৰ লোকসকলে ধৰ্মীয় বিষয়ত মনোযোগ দিয়াৰ ফলাফল লাভ কৰিব। তেওঁলোকে মানসিক শান্তি পাব। যদি আপুনি ধনু ৰাশিৰ লোক আপুনি কামত উন্নতি কৰিব। যিসকলে আগতে কিবা কাৰণত চাকৰি হেৰুৱাইছে, তেওঁলোকে সোনকালেই এটা নতুন চাকৰি পাব। ৪)কুম্ভ ৰাশিঃ এই বছৰৰ হোলীয়ে কুম্ভ ৰাশিৰ লোকসকলৰ জীৱনত এক নতুন ৰং অংকন কৰিব। আপুনি ৰং খেলি ভাল নাপাব পাৰে, কিন্তু আনন্দৰ ৰঙে এই বছৰ আপোনাৰ জীৱন পূৰ্ণ কৰিব। জীৱনত বহুতো পৰিৱৰ্তন হ'ব। আপুনি চাকৰি সলনি কৰি সফলতা লাভ কৰিব। যদি আপুনি যিকোনো স্থানত বিনিয়োগ কৰে, আপুনি যথেষ্ট ধন উপাৰ্জন কৰিব পাৰিব। কুম্ভ ৰাশিৰ লোকসকলে কিছু ভাল খবৰ পাবলৈ গৈ আছে। প্ৰেমৰ ক্ষেত্ৰতো এটা ভাল সময় আপোনাৰ বাবে অপেক্ষা কৰি আছে। ৫)মীন ৰাশিঃ মীন ৰাশি হৈছে পাঁচটা ৰাশিৰ ভিতৰত এটা যি আটাইতকৈ বেছি লাভালাভ কৰিবলৈ গৈ আছে। যদি আপুনি মীন ৰাশিৰ হয় আপোনাৰ বাবে সময়খিনি সুন্দৰ হ'ব। আপুনি সোনকালেই এটা নতুন ঘৰ কিনিব পাৰে। আপুনি যিয়েই নকৰক আপুনি সফলতা লাভ কৰিব। কৰ্মক্ষেত্ৰত আপোনাৰ প্ৰভাৱ আৰু গুৰুত্ব বৃদ্ধি হ'ব। অতীতত কৰা বিনিয়োগৰ পৰা লাভ হ'ব। ব্যৱসায়ত জড়িতসকলৰ বাবে বিত্তীয় উন্নতি। এপ্ৰিলৰ পৰা জুনলৈ আপুনি খুব ভাল সময় অতিবাহ কৰিব। BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন