--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেশ্বনৰ নতুন সংজ্ঞা লিখিছে উৰ্ফি জাভেদে। কিমানধৰণেৰে পোছাক পৰিধান কৰিব পাৰি, কেনেধৰণৰ পোছাক পৰিধানেৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰি ছ’চিয়েল মিডিয়াত নানা পোষ্টৰ মাধ্যমেৰে এই কথাকেই যেন বাৰে বাৰে প্ৰমাণ কৰিব বিচাৰিছে বলীউডৰ এইগৰাকী ম’ডেলে। কেতিয়াবা যদি ছেফটিপিনেৰে তৈয়াৰী পোছাক বাছনি কৰিছে, কেতিয়াবা আকৌ আলোকচিত্ৰৰেই আৱৰিছে উৰ্ফিৰ সুষমা শৰীৰ। কেতিয়াবা আকৌ উৰ্ফিৰ শৰীৰত পুষ্পবৰ্ষণ।  হয়, ৰং-বিৰঙী ফুলেৰে সুষমা শৰীৰ আৱৰি ৰাখিবলৈ চেষ্টা কৰে উৰ্ফি জাভেদে!

ফেচবুক হওক বা ইনষ্টাগ্ৰাম, সামাজিক প্লেটফৰ্মলৈ চালেই উৰ্ফিৰ অদ্ভুত পোছাকৰ ভিডিঅ' চকুত পৰে নেটিজেনৰ। এনেদৰেই ভাইৰেল উৰ্ফি জাভেদ। কিন্তু তেওঁৰ এনে অদ্ভুত কাৰ্যকলাপত প্ৰশংসাৰ বিপৰীতে পৰিছে গ্লানিৰ ছিটিকনি।  'সস্তীয়া জনপ্ৰিয়তা'ৰ বাবে উৰ্ফিয়ে লোৱা বাট সকলোৰে বাবে অপ্ৰাসংগিক আৰু কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলিও কটাক্ষ কৰিছে এইগৰাকী ম’ডেলক। পিছে, এনে ভৰ্ত্সনাই প্ৰভাৱিত কৰিব পৰা নাই উৰ্ফিক। দিন যোৱাৰ লগে লগে পোছাক পৰিধানৰ আজৱ কৌশলৰ এই পৰীক্ষা-নিৰীক্ষা নিৰন্তৰ চলাই গৈছে বিতৰ্কিত ম’ডেলগৰাকীয়ে। পোছাকৰ পৰিৱৰ্তে ৰং-বিৰঙী ফুলেৰে আবৃত উৰ্ফিৰ এনে উলংগ ৰূপে প্ৰশংসাৰ বিপৰীতে বুটলিছে সমালোচনা। নেটিজেনৰ তিক্ত ট্ৰ’লৰ সন্মুখীন হৈছে তেওঁ।

ফেশ্বনত যিদৰে জনপ্ৰিয় উৰ্ফি তেনেদৰে বিতৰ্কৰ উৰ্মি তুলিবলৈও সময় নালাগে উৰ্ফিৰ। শেহতীয়াকৈ,  এনে ধৰণৰ পোছাক পিন্ধাৰ বাবে একাংশ নেটিজেনে সমালোচনা কৰিছে উৰ্ফিক। এইবাৰ পিছে আগৰ দৰে মৌনতা অৱলম্বন কৰা দেখা নগ’ল উৰ্ফিক। নেটিজেনৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিলে উৰ্ফিয়ে।

মন কৰিবলগীয়া যে, শেহতীয়াকৈ উৰ্ফিক সাগৰৰ পাৰত দেখা গৈছিল। উৰ্ফিৰ বক্ষ পাতল পোছাকেৰে ঢকা। নিম্নাংগ স্বচ্ছ আৱৰণেৰে ঢকা। কিন্তু উৰ্ফিৰ এনে ৰূপ দেখি নেটিজেনে তেওঁক 'উলংগ' বুলি অভিহিত কৰে। উৰ্ফিয়ে পোছাক পৰিধান নকৰা বুলিয়েই কয় একাংশই। 

নেটিজেনৰ এনে কটাক্ষৰ প্ৰত্যুত্তৰ দিবলৈ গৈ উৰ্ফিয়ে কয়, ‘মূৰ্খৰ দৰে আচৰণ কৰা বন্ধ কৰক। মই ডাঠ ৰঙা ৰঙৰ অন্তৰ্বাস পৰিধান কৰিছো। অনুগ্ৰহ কৰি কথাবোৰ নিজৰ বোধ বুদ্ধিক অলপ কামত লগাওক।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ