--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফেশ্বনৰ নতুন সংজ্ঞা লিখিছে উৰ্ফি জাভেদে। কিমানধৰণেৰে পোছাক পৰিধান কৰিব পাৰি, কেনেধৰণৰ পোছাক পৰিধানেৰে মানুহৰ দৃষ্টি আকৰ্ষণ কৰিব পাৰি ছ’চিয়েল মিডিয়াত নানা পোষ্টৰ মাধ্যমেৰে এই কথাকেই যেন বাৰে বাৰে প্ৰমাণ কৰিব বিচাৰিছে বলীউডৰ এইগৰাকী ম’ডেলে। কেতিয়াবা যদি ছেফটিপিনেৰে তৈয়াৰী পোছাক বাছনি কৰিছে, কেতিয়াবা আকৌ আলোকচিত্ৰৰেই আৱৰিছে উৰ্ফিৰ সুষমা শৰীৰ। কেতিয়াবা আকৌ উৰ্ফিৰ শৰীৰত পুষ্পবৰ্ষণ।  হয়, ৰং-বিৰঙী ফুলেৰে সুষমা শৰীৰ আৱৰি ৰাখিবলৈ চেষ্টা কৰে উৰ্ফি জাভেদে!

ফেচবুক হওক বা ইনষ্টাগ্ৰাম, সামাজিক প্লেটফৰ্মলৈ চালেই উৰ্ফিৰ অদ্ভুত পোছাকৰ ভিডিঅ' চকুত পৰে নেটিজেনৰ। এনেদৰেই ভাইৰেল উৰ্ফি জাভেদ। কিন্তু তেওঁৰ এনে অদ্ভুত কাৰ্যকলাপত প্ৰশংসাৰ বিপৰীতে পৰিছে গ্লানিৰ ছিটিকনি।  'সস্তীয়া জনপ্ৰিয়তা'ৰ বাবে উৰ্ফিয়ে লোৱা বাট সকলোৰে বাবে অপ্ৰাসংগিক আৰু কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলিও কটাক্ষ কৰিছে এইগৰাকী ম’ডেলক। পিছে, এনে ভৰ্ত্সনাই প্ৰভাৱিত কৰিব পৰা নাই উৰ্ফিক। দিন যোৱাৰ লগে লগে পোছাক পৰিধানৰ আজৱ কৌশলৰ এই পৰীক্ষা-নিৰীক্ষা নিৰন্তৰ চলাই গৈছে বিতৰ্কিত ম’ডেলগৰাকীয়ে। পোছাকৰ পৰিৱৰ্তে ৰং-বিৰঙী ফুলেৰে আবৃত উৰ্ফিৰ এনে উলংগ ৰূপে প্ৰশংসাৰ বিপৰীতে বুটলিছে সমালোচনা। নেটিজেনৰ তিক্ত ট্ৰ’লৰ সন্মুখীন হৈছে তেওঁ।

ফেশ্বনত যিদৰে জনপ্ৰিয় উৰ্ফি তেনেদৰে বিতৰ্কৰ উৰ্মি তুলিবলৈও সময় নালাগে উৰ্ফিৰ। শেহতীয়াকৈ,  এনে ধৰণৰ পোছাক পিন্ধাৰ বাবে একাংশ নেটিজেনে সমালোচনা কৰিছে উৰ্ফিক। এইবাৰ পিছে আগৰ দৰে মৌনতা অৱলম্বন কৰা দেখা নগ’ল উৰ্ফিক। নেটিজেনৰ সমালোচনাৰ প্ৰত্যুত্তৰ দিলে উৰ্ফিয়ে।

মন কৰিবলগীয়া যে, শেহতীয়াকৈ উৰ্ফিক সাগৰৰ পাৰত দেখা গৈছিল। উৰ্ফিৰ বক্ষ পাতল পোছাকেৰে ঢকা। নিম্নাংগ স্বচ্ছ আৱৰণেৰে ঢকা। কিন্তু উৰ্ফিৰ এনে ৰূপ দেখি নেটিজেনে তেওঁক 'উলংগ' বুলি অভিহিত কৰে। উৰ্ফিয়ে পোছাক পৰিধান নকৰা বুলিয়েই কয় একাংশই। 

নেটিজেনৰ এনে কটাক্ষৰ প্ৰত্যুত্তৰ দিবলৈ গৈ উৰ্ফিয়ে কয়, ‘মূৰ্খৰ দৰে আচৰণ কৰা বন্ধ কৰক। মই ডাঠ ৰঙা ৰঙৰ অন্তৰ্বাস পৰিধান কৰিছো। অনুগ্ৰহ কৰি কথাবোৰ নিজৰ বোধ বুদ্ধিক অলপ কামত লগাওক।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত