--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৰীক্ষাৰ ফলাফল আহিলে বহুতে সফল হয় আৰু বহুতে বিফল হয়। কিছুমান মানুহৰ বাবে বিফলতাই সকলো পথ বন্ধ কৰি দিয়ে আৰু কিছুমান মানুহে সেই বিফলতাক স্বীকাৰ কৰি সফলতাৰ বাট মুকলি কৰিবলৈ চেষ্টা কৰে। আমাৰ সমাজত এনে কিছুমান মানুহ আছে যিয়ে বিফলতাক গ্ৰহণ কৰি সফলতাৰ যাত্ৰা আৰম্ভ কৰে। 

তেনে এজন ব্যক্তি হৈছে মধ্যপ্ৰদেশৰ মনোজ কুমাৰ শৰ্মা (আই পি এছ মনোজ কুমাৰ শৰ্মা)। মনোজে দ্বাদশ শ্ৰেণীত ফেইল কৰিছিল যদিও তেওঁ হাৰ নামানিল আৰু দেশৰ সন্মানীয় ইউপিএচি পৰীক্ষাত উত্তীৰ্ণ হৈ আইপিএছ হৈ পৰিল। ইয়াৰ পৰা অনুপ্ৰাণিত হৈ প্ৰযোজক পৰিচালক বিধু বিনোদ চোপ্ৰাই নিৰ্মাণ কৰিছে '12th Fail' নামৰ এখন চিনেমা। এই ছবিখনত পেৰী ছাব্ৰা, বিক্ৰান্ত মেছি, প্ৰিয়ংশু চেটাৰ্জীৰ দৰে অভিনেতা আছে।

আইপিএছ মনোজ কুমাৰ শৰ্মা কোন?

আই পি এছ মনোজ কুমাৰ শৰ্মা মধ্যপ্ৰদেশৰ মৰেনা জিলাৰ বাসিন্দা। মনোজ শৰ্মাই দ্বাদশ শ্ৰেণীত হিন্দী বাদে সকলো বিষয়তে ফেইল কৰিছিল। ইয়াৰ উপৰিও তেওঁ নৱম আৰু দশম শ্ৰেণীতো তৃতীয় বিভাগত উত্তীৰ্ণ হৈছিল। কিন্তু সকলো ব্যৰ্থতাৰ মাজতো তেওঁ কেতিয়াও হাৰ নামানিল। অনুৰাগ পাঠকে ‘Twelfth Fail’ নামৰ গ্ৰন্থখনত মনোজৰ সংগ্ৰামৰ চিত্ৰণ কৰিছে। দিল্লীৰ পৰাই ইউপিএছচিৰ বাবে প্ৰস্তুতি চলাইছিল মনোজ শৰ্মাই। মনোজে স্নাতক হোৱাৰ পিছত ইউ পি এছ চিৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছিল আৰু সেয়া মসৃণ যাত্ৰা নাছিল। মনোজ শৰ্মাই চতুৰ্থ প্ৰচেষ্টাত ইউপিএছচি উত্তীৰ্ণ হৈছিল। প্ৰতিযোগিতামূলক অসামৰিক সেৱা পৰীক্ষাত তেওঁ আকৰ্ষণীয় ১২১ নম্বৰ স্থান লাভ কৰে 

ইউপিএছচিৰ প্ৰশিক্ষণৰ সময়ত মনোজ কুমাৰ শৰ্মাই উত্তৰাখণ্ডৰ আলমোৰাৰ শ্ৰদ্ধা যোশীৰ প্ৰেমত পৰে, পিছত দুয়োৰে বিবাহ হয়। আই পি এছ মনোজ কুমাৰ শৰ্মাৰ পত্নী শ্ৰদ্ধা যোশী আইআৰএছৰ বিষয়া। মহাৰাষ্ট্ৰ কেডাৰত আই পি এছ বিষয়া হোৱাৰ সপোন পূৰণ কৰিলে মনোজ শৰ্মাই।

আনকি মনোজ শৰ্মাই পঢ়া-শুনা সম্পূৰ্ণ কৰিবলৈ টেম্পো চলাইছিল। বহু সময়ত ভিক্ষাৰীৰ লগত ৰাজপথত শুব লগা হৈছিল। দিল্লী লাইব্ৰেৰীত কাম কৰি থাকোঁতে তেওঁ গৰ্কি, আব্ৰাহাম লিংকনৰ পৰা আৰম্ভ কৰি মুক্তিবোধলৈকে বহুত কিতাপ পঢ়িছিল। ইয়াৰ যোগেদি তেওঁ জীৱনৰ উদ্দেশ্য বুজি পাইছিল।

২৭ অক্টোবৰত একেলগে হিন্দী, তামিল, তেলেগু আৰু কানাড়া ভাষাত মুক্তি পালে বিধু বিনোদ চোপ্ৰাৰ '12th Fail'।


FOLLOW US F
POPULAR
FEATURE
TRENDY
জামুগুৰিহাটত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কদর্য ৰূপ
কিস্তৱাড়ত ডাৱৰ বিস্ফোৰণৰ ঘটনা, মৃতকৰ সংখ্যা ৬০জনলৈ বৃদ্ধি, ৮২জন এতিয়াও সন্ধানহীন
'অনসুনী চীখে'লৈ শ্রেষ্ঠ সামাজিক বার্তাবাহী ছবিৰ সন্মান
অৱশেষত 'অপাৰেশ্যন সিন্দূৰ'ত ক্ষতিৰ আনুষ্ঠানিক স্বীকাৰ পাকিস্তানৰ
আজিৰ পৰা কৰিব নোৱাৰিব পান কাৰ্ড সম্পৰ্কীয় কোনো কাম ! আয়কৰ বিভাগৰ বিশেষ জাননী
১০ ছেকেণ্ডৰ বাবে ১৬ লাখ টকা...এছিয়া কাপত ভাৰতৰ খেলসমূহৰ বিজ্ঞাপনৰ হাৰ সৰ্বাধিক
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক