--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অযোধ্যাৰ ৰাম মন্দিৰটো অহা বছৰৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ'ব।  দেশ-বিদেশৰ বহু ভক্তই সেই বিৰল  মুহূৰ্তটো চাবলৈ আগ্ৰহী হৈ আছে । সেয়েহে অযোধ্যা প্ৰশাসনে অনুভৱ কৰিছে যে সেইদিনা গোটেই চহৰখনত ভিৰ হ'ব পাৰে কল্পনাতীত । অযোধ্যাৰ হোটেলৰ মালিকসকলে দাবী কৰিছে যে চহৰখনৰ বেছিভাগ হোটেল তিনিদিনৰ বাবে বুক হৈ গৈছে। তেওঁলোকে দাবী কৰিছে যে ৰাম মন্দিৰ উদ্বোধনৰ আগতে ৮০ শতাংশ হোটেল বুক হৈছে। হোটেলৰ মালিকসকলৰ মতে পৰ্যটকসকলে ২১ ৰ পৰা ২৩ জানুৱাৰীলৈ হোটেল বুক কৰিছে।

এখন হোটেলৰ মেনেজাৰ অমিত মিশ্ৰাই সংবাদ মাধ্যমৰ আগত কয় যে হোটেল বুকিঙৰ গতিয়ে  দেখুৱায় যে উদ্বোধনৰ দিনা অযোধ্যাত বহু জন লোক সমবেত হ’ব।  হোটেলবোৰো পৰ্যটকসকলক স্বাগতম জনোৱাৰ বাবে সম্পূৰ্ণৰূপে প্ৰস্তুত হৈ উঠিছে। 

হোটেলৰ চাহিদা বৃদ্ধি হোৱাৰ লগে লগে ভাড়াও বৃদ্ধি পাইছে। কিছুমান হোটেল ব্যৱসায়ীয়ে কৈছে যে সেই সময়ত বহু  হোটেলত এটা নিশাৰ  ভাড়া ২০, ০০০ টকা অতিক্ৰম কৰিব পাৰে। 

সাধাৰণ সময়ত, এটা নিশাৰ ভাড়া প্ৰায় ২,০০০ টকা হয়। ১,৫০০-২,০০০ টকাৰ ভিতৰত ভাড়া থকা  হোটেলবোৰে অহা বছৰৰ ২০-২৫  জানুৱাৰীৰ ভিতৰত সেই ভাড়া ১০,০০০-২০,০০০ টকা  কৰিব পাৰে বুলি ধাৰণা কৰা হৈছে। 

উল্লেখ্য প্ৰধানমন্ত্ৰী  নৰেন্দ্ৰ মোদীয়ে  অহা বছৰৰ ২২ জানুৱাৰীত উত্তৰ প্ৰদেশৰ অযোধ্যাত নিৰ্মাণ কৰা ৰাম মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰিব।  এয়া হ’ব  দেশৰ বাবে এক ঐতিহাসিক দিন।মোদীয়ে কয় " মই বহুত ধন্য অনুভৱ কৰিছো। এয়া  মোৰ সৌভাগ্য যে মোৰ জীৱনকালত মই এই ঐতিহাসিক অনুষ্ঠানটো চাবলৈ পাম । । শেহতীয়াকৈ শ্ৰী ৰাম জন্ম ভূমি তীৰ্থ ক্ষেত্ৰৰ কৰ্মকৰ্তাসকলে  মোক মোৰ বাসগৃহত লগ কৰিবলৈ আহিছিল। তেওঁলোকে মোক শ্ৰী ৰাম মন্দিৰৰ উদ্বোধন  উপলক্ষে অযোধ্যালৈ আহিবলৈ আমন্ত্ৰণ জনাইছে"।  


এতিয়া অযোধ্যাত পূৰ্ণ গতিতত চলি আছে ৰাম মন্দিৰ নিৰ্মাণৰ কাম। কিন্তু সুবিশাল এই মন্দিৰ নিৰ্মাণত এতিয়ালৈকে কিমান টকা খৰচ হৈছে বাৰু? এই বছৰৰ মাৰ্চ মাহলৈকে ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ৯০০ কোটি টকা ব্যয় হৈছে। শ্ৰী ৰামজন্মভূমি তীৰ্থক্ষেত্ৰ ন্যাসে  এই কথা প্ৰকাশ কৰিছে। ৰাম মন্দিৰৰ নিৰ্মাণ ২০২০ চনৰ ৫ ফেব্ৰুৱাৰীত আৰম্ভ হৈছিল 

তেতিয়াৰে  পৰা ২০২৩  চনৰ ২৩  মাৰ্চলৈকে মন্দিৰ নিৰ্মাণৰ বাবে ৯০০ কোটি টকা ব্যয় কৰা হৈছে।পৃথিৱীৰ সৰ্ববৃহৎ ৰাম মন্দিৰটো অযোধ্যাৰ বহু চৰ্চিত ভূমিত নিৰ্মাণ কৰি থকা হৈছে। এই মন্দিৰ ৩৮০ ফুট দীঘল আৰু ২৫০ ফুট বহল। উচ্চতা ১৬১  ফুট। বিশাল মন্দিৰটো থাকিব ৩৯২ টা স্তম্ভত । 

মন্দিৰৰ ৪৬ খন দুৱাৰ  চেগুনৰ কাঠেৰে  নিৰ্মাণ কৰা হৈছে। গৰ্ভগৃহৰ দুৱাৰখন হ'ব সোণৰ । এই মন্দিৰ নিৰ্মাণৰ সামগ্ৰী পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ পৰা অনা হৈছে। মন্দিৰ নিৰ্মাণৰ বাবে ধনো ভক্তসকলৰ দানৰ পৰা আহিছে।শ্ৰী ৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ মন্দিৰ নিৰ্মাণ সমিতিৰ অধ্যক্ষ নৃপেন্দ্ৰ মিশ্ৰই কয় যে মন্দিৰটো অহা বছৰৰ ২২ জানুৱাৰীত উদ্বোধন কৰা হ'ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ