--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: আইপিএল ২০২৫ৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৱে দলটোৰ অধিনায়ক হিচাপে নিযুক্তি দিছে ৰজত পাটিদাৰক। পাটিদাৰৰ আগতে ফাফ ডু প্লেছিছে দলটোৰ নেতৃত্ব দিছিল। পাটিদাৰ অধিনায়ক হোৱাৰ ক্ষেত্ৰত বিৰাট কোহলীৰ গুৰুত্বপূৰ্ণ ভূমিকা। অধিনায়ক হোৱাৰ পাছত পাটিদাৰক অভিনন্দন জনায় কোহলীয়ে। বিৰাটে লগতে কয় যে সমগ্ৰ দলটো তেওঁৰ লগত আছে। 

আৰচিবিয়ে বিৰাট কোহলীৰ ভিডিঅ’ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে। কোহলীয়ে কয় যে এই ফ্ৰেঞ্চাইজিত থকাৰ সময়ত আপুনি যি ধৰণে প্ৰদৰ্শন আৰু অগ্ৰগতি লাভ কৰিছে, আৰচিবিৰ অনুৰাগীৰ হৃদয়ত আপুনি স্থান দখল কৰিছে। আপুনি এই পদৰ যোগ্য। মই আৰু দলৰ সদস্যসকল আপোনাৰ লগত সদায় আছো।" 

পাটিদাৰ অধিনায়ক হোৱাৰ পিছত কোহলীয়ে সুখ প্ৰকাশ কৰে। পাটিদাৰৰ বাবে তেওঁ সুখী বুলি কয়।

ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৱে বেংগালুৰুত অনুষ্ঠিত এক বিশেষ অনুষ্ঠানত নতুন অধিনায়কৰ নাম ঘোষণা কৰে ৷২০২৫ চনৰ আইপিএলত তেওঁ দলটোক নেতৃত্ব দিয়া দেখা যাব ।

উল্লেখ্য যে, আৰচিবিৰ এই ঘোষণাৰ পূৰ্বে তাৰকা বেটছমেন বিৰাট কোহলী আৰু ৰজত পাটিদাৰ দুয়োকে এই পদৰ বাবে আটাইতকৈ ডাঙৰ প্ৰতিদ্বন্দ্বী হিচাপে বিবেচনা কৰা হৈছিল । বিৰাট কোহলী ২০০৮ চনৰ আইপিএলৰ প্ৰথম ছিজনৰ পৰাই আৰচিবিৰ সৈতে জড়িত হৈ আছে ।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ