--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আই পি এল ২০২৫ ছিজনৰ পূৰ্বে ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ অধিনায়ক হিচাপে নিযুক্তি দিয়ে ৰজত পাটিদাৰক। আচলতে বিৰাট কোহলীয়ে পুনৰবাৰ ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ দায়িত্ব ল’ব পাৰে বুলি বিশ্বাস কৰা হৈছিল যদিও দল পৰিচালনা সমিতিয়ে ৰজত পাটিদাৰৰ ওপৰত আস্থা প্ৰকাশ কৰিছে। 

অৱশ্যে ভাৰতৰ প্ৰাক্তন ক্ৰিকেটাৰ কৃষ্ণমাচাৰী শ্ৰীকান্তে বিৰাট কোহলী আৰু ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ নতুন অধিনায়কক লৈ নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। কৃষ্ণমাচাৰী শ্ৰীকান্তৰ মতে বিৰাট কোহলী ৰয়েল চেলেঞ্জাৰছ বাংগালুৰুৰ অধিনায়ক হোৱা নাছিল, সেয়া তেওঁৰ নিজৰ সিদ্ধান্ত। 

'মই ভাবো বিৰাটে অধিনায়কত্বৰ বাবে এইজন খেলুৱৈক বাছি লৈছে...'

কৃষ্ণমাচাৰী শ্ৰীকান্তে কয় যে ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ অধিনায়ক হিচাপে ৰজত পাটিদাৰক নিযুক্তি দিয়া হৈছে। বিৰাট কোহলীয়ে নিশ্চয় এই সিদ্ধান্তক সমৰ্থন কৰিছিল। কিন্তু বিৰাট কোহলীয়ে নিজেই অধিনায়ক হ’বলৈ অস্বীকাৰ কৰে। এতিয়া প্ৰশ্ন হয় বিৰাট কোহলীয়ে কিয় অধিনায়কত্ব নাকচ কৰিলে? এই সন্দৰ্ভত কৃষ্ণমাচাৰী শ্ৰীকান্তৰ মতে বিৰাট কোহলীয়ে নিজৰ বেটিঙত মনোনিৱেশ কৰিব বিচাৰিছে। সেয়েহে তেওঁ অধিনায়ক বিৰত থাকিবলৈ সিদ্ধান্ত লৈছিল। ইয়াৰ পিছতে অধিনায়কত্ব লাভ কৰিছে যুৱক ৰজত পাটিদাৰে। কৃষ্ণমাচাৰী শ্ৰীকান্তে নিজৰ ইউটিউব চেনেলত কয় যে মই ভাবো বিৰাটে অধিনায়কত্বক হয়তো নাকচ কৰিলে ৷

কৃষ্ণমাচাৰী শ্ৰীকান্তে আৰু কয় যে বিৰাট কোহলীয়ে নিশ্চয় আৰচিবিৰ মেনেজমেণ্টক কৈছিল যে মই বেটিঙত গুৰুত্ব দিব বিচাৰো। তেওঁ কয় যে আৰচিবিৰ অধিনায়ক হিচাপে ৰজত পাটিদাৰ ভাল পছন্দ। আই পি এলত তেওঁ ভাল প্ৰদৰ্শন কৰিছে, কথাটো হ’ল তেওঁৰ পৰা বেছি আশা নাথাকিব। ২০০৭ চনত আমি যেতিয়া ধোনীক টি-২০ বিশ্বকাপৰ অধিনায়ক হিচাপে নিযুক্তি দিছিলো তেতিয়া তেওঁৰ আৰু দলৰ পৰা বিশেষ আশা নাছিল। তেওঁ কয় যে অধিনায়ক হিচাপে ৰজত পাটিদাৰৰ পৰা বিশেষ আশা নাই, তেওঁ নিজে সিদ্ধান্ত ল’ব, কিন্তু বিৰাট কোহলীৰ পৰা পৰামৰ্শ লৈ থাকিব।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post