--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ মেলাত সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভক্তক আকৰ্ষণ কৰা বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক আৰু সাংস্কৃতিক সমাৱেশ। মহাশিৱৰাত্ৰি উপলক্ষে অহা ২৬ ফেব্ৰুৱাৰীত এই মহোৎসৱৰ সামৰণি পৰিব। 

উল্লেখ্য যে মহাকুম্ভৰ সময়ত ত্ৰিবেণী সংগমৰ পবিত্ৰ স্থানত স্নান কৰা দ্ৰৌপদী মুৰ্মু হৈছে দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ৷ মুৰ্মুৰ পূৰ্বে ১৯৫৪ চনত অনুষ্ঠিত মহাকুম্ভত স্নান কৰিছিল দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে ৷


সোমবাৰে প্ৰয়াগৰাজত লক্ষাধিক ভক্তৰ সমাগম ঘটে ৷ মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমত অমৃত স্নান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। পবিত্ৰ স্নান কৰাৰ পিছত ৰাষ্ট্ৰপতিয়ে গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলী ত্ৰিবেণী সংগমত প্ৰাৰ্থনা কৰে। এই সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যপাল আনন্দীবেন পেটেলও উপস্থিত থাকে।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে পবিত্ৰ স্নানৰ পিছত ৰাষ্ট্ৰপতি মুৰ্মু অক্ষয়ৱত আৰু হনুমান মন্দিৰ পৰিদৰ্শন কৰিব। ইয়াৰ উপৰিও ডিজিটেল কুম্ভ এক্সপিৰিয়েন্স চেণ্টাৰো পৰিদৰ্শন কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাষ্ট্ৰপতিৰ সৈতে অক্ষয়ৱত আৰু হনুমান মন্দিৰ পৰিদৰ্শন কৰিব।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ এক্স হেণ্ডেলৰ পৰা পোষ্ট কৰা হৈছিল যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক প্ৰয়াগৰাজত উপস্থিত হোৱাৰ লগে লগে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আদৰণি জনায়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?