--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৩ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা মহাকুম্ভ মেলাত সমগ্ৰ দেশৰ লগতে বিশ্বৰ বিভিন্ন প্ৰান্তৰ ভক্তক আকৰ্ষণ কৰা বিশ্বৰ সৰ্ববৃহৎ আধ্যাত্মিক আৰু সাংস্কৃতিক সমাৱেশ। মহাশিৱৰাত্ৰি উপলক্ষে অহা ২৬ ফেব্ৰুৱাৰীত এই মহোৎসৱৰ সামৰণি পৰিব। 

উল্লেখ্য যে মহাকুম্ভৰ সময়ত ত্ৰিবেণী সংগমৰ পবিত্ৰ স্থানত স্নান কৰা দ্ৰৌপদী মুৰ্মু হৈছে দ্বিতীয়গৰাকী ৰাষ্ট্ৰপতি ৷ মুৰ্মুৰ পূৰ্বে ১৯৫৪ চনত অনুষ্ঠিত মহাকুম্ভত স্নান কৰিছিল দেশৰ প্ৰথম ৰাষ্ট্ৰপতি ৰাজেন্দ্ৰ প্ৰসাদে ৷


সোমবাৰে প্ৰয়াগৰাজত লক্ষাধিক ভক্তৰ সমাগম ঘটে ৷ মহাকুম্ভ মেলাৰ ত্ৰিবেণী সংগমত অমৃত স্নান কৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে। পবিত্ৰ স্নান কৰাৰ পিছত ৰাষ্ট্ৰপতিয়ে গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলী ত্ৰিবেণী সংগমত প্ৰাৰ্থনা কৰে। এই সময়ত উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ আৰু ৰাজ্যপাল আনন্দীবেন পেটেলও উপস্থিত থাকে।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতি ভৱনে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে পবিত্ৰ স্নানৰ পিছত ৰাষ্ট্ৰপতি মুৰ্মু অক্ষয়ৱত আৰু হনুমান মন্দিৰ পৰিদৰ্শন কৰিব। ইয়াৰ উপৰিও ডিজিটেল কুম্ভ এক্সপিৰিয়েন্স চেণ্টাৰো পৰিদৰ্শন কৰিব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাষ্ট্ৰপতিৰ সৈতে অক্ষয়ৱত আৰু হনুমান মন্দিৰ পৰিদৰ্শন কৰিব।

ইয়াৰ পূৰ্বে ৰাষ্ট্ৰপতিৰ এক্স হেণ্ডেলৰ পৰা পোষ্ট কৰা হৈছিল যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক প্ৰয়াগৰাজত উপস্থিত হোৱাৰ লগে লগে উত্তৰ প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমতী আনন্দীবেন পেটেল আৰু মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে আদৰণি জনায়।







FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ