--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় দলৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে যশপ্ৰীত বুমৰাহক ক্ৰিকেটৰ কোহিনুৰ বুলি অভিহিত কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ বুমৰাহক তেওঁৰ আঘাতৰ বাবে সমালোচনা কৰা সেইসকল লোকৰ বুজাবুজিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। অশ্বিনে কয় যে কোনো সন্দেহ নোহোৱাকৈ তেওঁ আটাইতকৈ ফিট ক্ৰিকেটাৰ, যিয়ে ঘণ্টাত ১৪৫ কিলোমিটাৰ বেগেৰে বল  কৰে, আনকি প্ৰখৰ ৰ’দতো তেওঁ অতি সুন্দৰ প্ৰদৰ্শন কৰে, যিটো একেবাৰে সহজ কাম নহয়। অশ্বিনে ট্ৰাক আৰু মাৰ্চিডিজ বেঞ্জৰ উদাহৰণ দি বুমৰাহৰ গুৰুত্বৰ বিষয়ে বুজাই দিলে।

অশ্বিনৰ প্ৰথমটো অনুষ্ঠানত জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিমল কুমাৰেও অংশগ্ৰহণ কৰে। তেওঁৱেই অশ্বিনক বুমৰাহৰ প্ৰতিক্ৰিয়া বিচাৰিছিল কাৰণ আজিকালি ছ’চিয়েল মিডিয়াত তেওঁৰ ফিটনেছক লৈ কিছু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত অশ্বিনে উত্তৰ দিলে যে ‘‘মানুহে প্ৰশ্ন কৰে আৰু তেওঁলোকে যি চিন্তা কৰে সেইটোৱেই উত্তৰ হোৱাটো বিচাৰে। এনে নহয়।’’
Curtley Ambrose dissects what makes Jasprit Bumrah special: 'short  run-up…looks like he is walking' | Cricket News - The Indian Express

ইয়াৰ পাছত বেগী বলাৰৰ আঘাতৰ সন্দৰ্ভত তেওঁ কয় যে এজন বেগী বলাৰ আঘাত পোৱাটো স্বাভাৱিক কাৰণ তেওঁ সমগ্ৰ দলৰ বোজা কঢ়িয়াই আগবাঢ়ি যায়। অশ্বিনে এই কথা বুজাই দিলে এখন ট্ৰাক আৰু মাৰ্চিডিজ বেঞ্জৰ উদাহৰণ দি। অশ্বিনে কয়, ‘জছপ্ৰিত বুমৰাহ এজন বেগী বলাৰ। প্ৰখৰ ৰ’দত তেওঁ ঘণ্টাত ১৪৫ কিলোমিটাৰ বেগত বল কৰে। ইমান কষ্ট কৰে তেওঁ। তেওঁ ভাৰতীয় ক্ৰিকেটৰ কোহিনুৰ হীৰা ৷’

ইয়াৰ পিছত অশ্বিনে বুমৰাহক প্ৰশংসা কৰি অল-ৰাউণ্ডাৰ কপিল দেৱৰ লগত তুলনা কৰে। তেওঁ ক’লে, ‘কপিল দেৱৰ পিছত এনেকুৱা কোনোবা আছে নেকি, যিয়ে মেচখন জয়ী কৰাব পাৰে , মোৰ দৃষ্টিত বোমৰাহ ।’ তেওঁ ক’লে যে ‘বুমৰাহৰ ফিটনেছক লৈ প্ৰশ্ন উত্থাপন কৰাসকলে বুজিব লাগে যে ট্ৰাক আৰু মাৰ্চিডিজ বেঞ্জৰ মাজত পাৰ্থক্য আছে।মাৰ্চিডিজ বেঞ্জ এখন দামী অৰ্থাৎ বিলাসী গাড়ী,  কিন্তু কল্পনা কৰকচোন এখন ট্ৰাক কেনেকুৱা? ই উত্তৰৰ পৰা দক্ষিণলৈ সকলো বোজা কঢ়িয়াই নিব লাগে এনে পৰিস্থিতিত ট্ৰাকখন নিশ্চিতভাৱে বেয়া হয়। একেদৰে বেগী বলাৰজনো আঘাতপ্ৰাপ্ত হৈছে, তেওঁ লাহে লাহে সুস্থ হৈ উঠিছে ৷ তেওঁ ভাৰতীয় ক্ৰিকেটৰ কোহিনুৰ হীৰা।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ