--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ভাৰতীয় দলৰ তাৰকা অফ স্পিনাৰ ৰবিচন্দ্ৰন অশ্বিনে যশপ্ৰীত বুমৰাহক ক্ৰিকেটৰ কোহিনুৰ বুলি অভিহিত কৰিছে। ইয়াৰ সমান্তৰালকৈ তেওঁ বুমৰাহক তেওঁৰ আঘাতৰ বাবে সমালোচনা কৰা সেইসকল লোকৰ বুজাবুজিৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে। অশ্বিনে কয় যে কোনো সন্দেহ নোহোৱাকৈ তেওঁ আটাইতকৈ ফিট ক্ৰিকেটাৰ, যিয়ে ঘণ্টাত ১৪৫ কিলোমিটাৰ বেগেৰে বল  কৰে, আনকি প্ৰখৰ ৰ’দতো তেওঁ অতি সুন্দৰ প্ৰদৰ্শন কৰে, যিটো একেবাৰে সহজ কাম নহয়। অশ্বিনে ট্ৰাক আৰু মাৰ্চিডিজ বেঞ্জৰ উদাহৰণ দি বুমৰাহৰ গুৰুত্বৰ বিষয়ে বুজাই দিলে।

অশ্বিনৰ প্ৰথমটো অনুষ্ঠানত জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক বিমল কুমাৰেও অংশগ্ৰহণ কৰে। তেওঁৱেই অশ্বিনক বুমৰাহৰ প্ৰতিক্ৰিয়া বিচাৰিছিল কাৰণ আজিকালি ছ’চিয়েল মিডিয়াত তেওঁৰ ফিটনেছক লৈ কিছু হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত অশ্বিনে উত্তৰ দিলে যে ‘‘মানুহে প্ৰশ্ন কৰে আৰু তেওঁলোকে যি চিন্তা কৰে সেইটোৱেই উত্তৰ হোৱাটো বিচাৰে। এনে নহয়।’’
Curtley Ambrose dissects what makes Jasprit Bumrah special: 'short  run-up…looks like he is walking' | Cricket News - The Indian Express

ইয়াৰ পাছত বেগী বলাৰৰ আঘাতৰ সন্দৰ্ভত তেওঁ কয় যে এজন বেগী বলাৰ আঘাত পোৱাটো স্বাভাৱিক কাৰণ তেওঁ সমগ্ৰ দলৰ বোজা কঢ়িয়াই আগবাঢ়ি যায়। অশ্বিনে এই কথা বুজাই দিলে এখন ট্ৰাক আৰু মাৰ্চিডিজ বেঞ্জৰ উদাহৰণ দি। অশ্বিনে কয়, ‘জছপ্ৰিত বুমৰাহ এজন বেগী বলাৰ। প্ৰখৰ ৰ’দত তেওঁ ঘণ্টাত ১৪৫ কিলোমিটাৰ বেগত বল কৰে। ইমান কষ্ট কৰে তেওঁ। তেওঁ ভাৰতীয় ক্ৰিকেটৰ কোহিনুৰ হীৰা ৷’

ইয়াৰ পিছত অশ্বিনে বুমৰাহক প্ৰশংসা কৰি অল-ৰাউণ্ডাৰ কপিল দেৱৰ লগত তুলনা কৰে। তেওঁ ক’লে, ‘কপিল দেৱৰ পিছত এনেকুৱা কোনোবা আছে নেকি, যিয়ে মেচখন জয়ী কৰাব পাৰে , মোৰ দৃষ্টিত বোমৰাহ ।’ তেওঁ ক’লে যে ‘বুমৰাহৰ ফিটনেছক লৈ প্ৰশ্ন উত্থাপন কৰাসকলে বুজিব লাগে যে ট্ৰাক আৰু মাৰ্চিডিজ বেঞ্জৰ মাজত পাৰ্থক্য আছে।মাৰ্চিডিজ বেঞ্জ এখন দামী অৰ্থাৎ বিলাসী গাড়ী,  কিন্তু কল্পনা কৰকচোন এখন ট্ৰাক কেনেকুৱা? ই উত্তৰৰ পৰা দক্ষিণলৈ সকলো বোজা কঢ়িয়াই নিব লাগে এনে পৰিস্থিতিত ট্ৰাকখন নিশ্চিতভাৱে বেয়া হয়। একেদৰে বেগী বলাৰজনো আঘাতপ্ৰাপ্ত হৈছে, তেওঁ লাহে লাহে সুস্থ হৈ উঠিছে ৷ তেওঁ ভাৰতীয় ক্ৰিকেটৰ কোহিনুৰ হীৰা।’


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩খন কাকতৰ পৰীক্ষা অনুষ্ঠিত কৰি বাকী বিষয়সমূহ ডেৰ মাহৰ পাছত পতাৰ আজব সিদ্ধান্ত
গৰৈমাৰীৰ জোৰশিমুলীত আৰক্ষীৰ অভিযান; নগদ ধনসহ বৃহৎ পৰিমাণৰ হীৰা আৰু সোণৰ আ-অলংকাৰ জব্দ
উত্তৰ প্ৰদেশৰ বলৰামপুৰত ভয়ংকৰ দুৰ্ঘটনা; ট্ৰাকত খুন্দা মাৰি বাগৰিল যাত্ৰীবাহী বাছ
মানাহত অসম বিধানসভাৰ প্ৰতিনিধি দল ; পৰ্যটন ক্ষেত্ৰৰ বিকাশ পৰ্যবেক্ষণৰ বাবে আহিছে কেবাজনো বিধায়কৰ প্ৰতিনিধি দল
পুটিনৰ ভাৰত ভ্ৰমণে দেশলৈ কি কঢ়িয়াই আনিব?
ছোনিয়া, ৰাহুল গান্ধীৰ বিৰুদ্ধে অপৰাধমূলক ষড়যন্ত্ৰৰ অভিযোগ, নেশ্যনেল হেল্ড গোচৰত নতুনকৈ এজাহাৰ
কৃষকৰ সপোন ছাৰখাৰ; মাজুলীৰ বৰুণচুক গাঁৱৰ ধাননি পথাৰত দপদপকৈ জ্বলি উঠিল জুই
জুৰীয়াত জুৱাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
গোলকগঞ্জত ভয়ংকৰ চাইবাৰ ক্ৰাইম চক্ৰৰ সদস্য আতিকুল ৰহমানক গ্ৰেপ্তাৰ
অষ্ট্ৰেলিয়াৰ ফ্লিণ্ডাৰছ বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° উদয় শইকীয়ালৈ বিশ্ববিদ্যালয়ৰ সৰ্বোচ্চ বঁটা
ৰাম মন্দিৰৰ ধৰ্মধ্বজা ভাৰতীয় সভ্যতাৰ পুনৰ জাগৰণৰ ধ্বজ: প্ৰধানমন্ত্ৰী মোদী
ড্ৰেগন খেতিৰে স্বাৱলম্বিতাৰ নিদৰ্শন ধেমাজিৰ শশাংকৰ সোণোৱালৰ
শিৱসাগৰৰ নামতিত কুখ্যাত ড্ৰাগছ সৰবৰাহকাৰীসহ বৃহৎ পৰিমাণৰ হেৰ'ইন জব্দ
শিশু শ্ৰমিক আইন উলংঘা! বামুণজুলি চাহ উদ্যোগত শিশু শ্ৰমিক নিয়োজিত কৰাৰ ভয়ংকৰ অভিযোগ