--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ  গুগল মেপে বহু সময়ত মানুহক বিপদত পেলোৱাৰ খবৰ পোহৰলৈ আহি থাকে।  


উত্তৰ প্ৰদেশৰ বৰেলীত গুগল মেপৰ বিচ্যুতিৰ আন এক ঘটনা পোহৰলৈ আহিছে।


গুগল মেপ ভুল কৰি চাইকেল চলাই আহি থকা দুজন ফ্ৰান্সৰ টুৰিষ্ট বৰেলীৰ এখন গাঁৱত  সোমাই গ'ল। 



ঘটনা অনুসৰি দুজন ফৰাচী নাগৰিকে চাইকেলেৰে দিল্লীৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল। গুগল মেপে তেওঁলোকক বিপথে পৰিচালিত কৰিলে আৰু তেওঁলোক বৰেলীৰ বাহেৰীৰ চুৰাইলী গাঁও পালেগৈ। 

 

 ফ্ৰান্সৰ বাসিন্দা ব্রায়ান জেক গিলবাৰ্ট আৰু চেবাষ্টিয়ান ফ্ৰান্সোৱা গ্ৰেবিয়েলে  বিমানযোগে  দিল্লীলৈ আহিছিল৷ ইয়াৰ পৰা তেওঁলোকে চাইকেলেৰে কাঠমাণ্ডু, নেপাললৈ যাত্ৰা কৰে।  গুগল মেপৰ সহায়ত দুয়োজনে চাইকেলেৰে কাঠমাণ্ডুলৈ ৰাওনা হ’ল। তেওঁলোকে পিলিভিত হৈ তানকপুৰ হৈ কাঠমাণ্ডুলৈ যোৱাৰ কথা আছিল। কিন্তু বাট হেৰুৱাই বাহেৰীৰ চুৰাইলী গাঁও পালেগৈ।


তাত গৈ পাওঁতে ৰাতি দেৰি হৈছিল, সেয়েহে তেওঁলোকে তাতেই নিজৰ তম্বু তৰি ৰাতিটো কটোৱাৰ যো-জা কৰে। তেওঁলোকে জিলিকি থকা হেলমেট পিন্ধি আছিল। 


ৰাতি  পোহৰেৰে জিলিকি থকা হেলমেট দেখি গাঁৱৰ মানুহে গাঁৱত এলিয়েন অহা বুলি ভাবি বহুত ভয় খায়। ভয়তে গাঁওবাসীয়ে পুলিচক খবৰ দিয়ে।  


পুলিছে এলিয়েন ধৰিবলৈ অহাৰ পাছতহে উৰহী গছৰ ওৰ ওলাই পৰে। 


আৰক্ষীয়ে গাঁওবাসীক বুজাই দিলে যে এওঁলোক এলিয়েন নহয়, বাট হেৰুৱাই পেলোৱা দুজন ফৰাচী নাগৰিকহে। আৰক্ষীয়ে দুয়োকে উদ্ধাৰ কৰি  থানালৈ আনি গোটেই কথাটো তেওঁলোকৰ পৰা বুজিবলৈ চেষ্টা কৰিলে।


ভাষা নজনা বাবে আৰক্ষীয়েও আচল কথাটো বুজিব পৰা নাছিল। অৱশেষত পাকে-প্ৰকাৰে কথাটো বুজি তেওঁলোকক নিৰাপদ স্থানত আশ্ৰয় দিয়ে আৰু পুৱা  সঠিক পথ দেখুৱাই আৰক্ষীয়ে তেওঁলোকক তানকপুৰলৈ পঠিয়াই দিয়ে।


এই ঘটনাই সকলোকে বৰ আমোদ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post