--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ  গুগল মেপে বহু সময়ত মানুহক বিপদত পেলোৱাৰ খবৰ পোহৰলৈ আহি থাকে।  


উত্তৰ প্ৰদেশৰ বৰেলীত গুগল মেপৰ বিচ্যুতিৰ আন এক ঘটনা পোহৰলৈ আহিছে।


গুগল মেপ ভুল কৰি চাইকেল চলাই আহি থকা দুজন ফ্ৰান্সৰ টুৰিষ্ট বৰেলীৰ এখন গাঁৱত  সোমাই গ'ল। 



ঘটনা অনুসৰি দুজন ফৰাচী নাগৰিকে চাইকেলেৰে দিল্লীৰ পৰা কাঠমাণ্ডুলৈ গৈ আছিল। গুগল মেপে তেওঁলোকক বিপথে পৰিচালিত কৰিলে আৰু তেওঁলোক বৰেলীৰ বাহেৰীৰ চুৰাইলী গাঁও পালেগৈ। 

 

 ফ্ৰান্সৰ বাসিন্দা ব্রায়ান জেক গিলবাৰ্ট আৰু চেবাষ্টিয়ান ফ্ৰান্সোৱা গ্ৰেবিয়েলে  বিমানযোগে  দিল্লীলৈ আহিছিল৷ ইয়াৰ পৰা তেওঁলোকে চাইকেলেৰে কাঠমাণ্ডু, নেপাললৈ যাত্ৰা কৰে।  গুগল মেপৰ সহায়ত দুয়োজনে চাইকেলেৰে কাঠমাণ্ডুলৈ ৰাওনা হ’ল। তেওঁলোকে পিলিভিত হৈ তানকপুৰ হৈ কাঠমাণ্ডুলৈ যোৱাৰ কথা আছিল। কিন্তু বাট হেৰুৱাই বাহেৰীৰ চুৰাইলী গাঁও পালেগৈ।


তাত গৈ পাওঁতে ৰাতি দেৰি হৈছিল, সেয়েহে তেওঁলোকে তাতেই নিজৰ তম্বু তৰি ৰাতিটো কটোৱাৰ যো-জা কৰে। তেওঁলোকে জিলিকি থকা হেলমেট পিন্ধি আছিল। 


ৰাতি  পোহৰেৰে জিলিকি থকা হেলমেট দেখি গাঁৱৰ মানুহে গাঁৱত এলিয়েন অহা বুলি ভাবি বহুত ভয় খায়। ভয়তে গাঁওবাসীয়ে পুলিচক খবৰ দিয়ে।  


পুলিছে এলিয়েন ধৰিবলৈ অহাৰ পাছতহে উৰহী গছৰ ওৰ ওলাই পৰে। 


আৰক্ষীয়ে গাঁওবাসীক বুজাই দিলে যে এওঁলোক এলিয়েন নহয়, বাট হেৰুৱাই পেলোৱা দুজন ফৰাচী নাগৰিকহে। আৰক্ষীয়ে দুয়োকে উদ্ধাৰ কৰি  থানালৈ আনি গোটেই কথাটো তেওঁলোকৰ পৰা বুজিবলৈ চেষ্টা কৰিলে।


ভাষা নজনা বাবে আৰক্ষীয়েও আচল কথাটো বুজিব পৰা নাছিল। অৱশেষত পাকে-প্ৰকাৰে কথাটো বুজি তেওঁলোকক নিৰাপদ স্থানত আশ্ৰয় দিয়ে আৰু পুৱা  সঠিক পথ দেখুৱাই আৰক্ষীয়ে তেওঁলোকক তানকপুৰলৈ পঠিয়াই দিয়ে।


এই ঘটনাই সকলোকে বৰ আমোদ দিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ