--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিউজিলেণ্ডৰ বিৰুদ্ধে বেংগালুৰু টেষ্টৰ প্ৰথম ইনিংছত ৪৬ ৰান সংগ্ৰহ কৰি ভাৰতীয় দল অল আউট হয়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিউজিলেণ্ডে প্ৰথম ইনিংছত ৪০২ ৰান সংগ্ৰহ কৰে। ভাৰতীয় দলৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জয় মঞ্জৰেকাৰে। ৰোহিতৰ অধিনায়কত্বত কি অভাৱ আছে সেই কথা তেওঁ ক’লে। মঞ্জৰেকাৰে ৰোহিতৰ অধিনায়কত্বক মহেন্দ্ৰ সিং ধোনীৰ সৈতে তুলনা কৰিছে। তেওঁ ক’লে যে ৰোহিতৰ ধোনীৰ দৰে একো গুণ নাই।



Hold words of MS Dhoni': Sanjay Manjrekar's critical verdict on Rohit Sharma  | Crickit

মাঞ্জৰেকাৰে ভাৰতীয় দলৰ প্ৰদৰ্শন বিবেচনা কৰি এক্সত এটা পোষ্ট শ্বেয়াৰ কৰে। তেওঁ লিখিছে, "ধোনীৰ এক অনন্য গুণ আছে। বহু ক্ষতি হোৱাৰ আগতেই তেওঁ বলিঙৰ ধৰণ সলনি কৰে। ৰোহিতে নিজৰ নেতৃত্বত এই গুণটো আনিব লাগিব।'' ভাৰতীয় দলৰ হৈ প্ৰথম ইনিংছত মাত্ৰ ২ ৰান সংগ্ৰহ কৰি আউট হৈছিল ৰোহিতে। অৱশ্যে দ্বিতীয় ইনিংছত তেওঁ অৰ্ধশতক অৰ্জন কৰে। ৰোহিতে ৬৩টা বলৰ মুখামুখি হৈ ৫২ ৰান সংগ্ৰহ কৰে। ৰোহিতে ৮টা চাৰি আৰু ১টা ছয় কোবায়।


প্ৰথম ইনিংছত ৪৬ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল ভাৰতীয় দল। এই সময়ছোৱাত বিৰাট কোহলী, সৰফৰাজ খান, কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা আৰু অশ্বিন শূন্যত আউট হয়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিউজিলেণ্ডে প্ৰথম ইনিংছত ৪০২ ৰান সংগ্ৰহ কৰে। তাৰ বাবে কনৱেই ৯১ ৰানৰ এক উজ্জ্বল ইনিংছ খেলিছিল। শতক অৰ্জন কৰে ৰচিন ৰবিন্দ্ৰই। ১৫৭ বলৰ মুখামুখি হৈ ১৩৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় তেওঁ৷ ভাৰতীয় দলৰ হৈ দ্বিতীয় ইনিংছত যশস্বী জয়ছৱালে ৩৫ ৰানৰ বৰঙণি আগবঢ়ায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
পাকিস্তানৰে ভাৰতৰ যুদ্ধৰ আশংকা প্রবল, পাক প্ৰতিৰক্ষা মন্ত্ৰী খোৱাজা আছিফৰ মন্তব্য
কলড্ৰিফ ছিৰাপ প্রস্তুতকাৰী ফাৰ্মা কোম্পানীৰ মালিকক গ্ৰেপ্তাৰ
নতুন ৰূপত Google AI Mode ; এতিয়াৰ পৰা গুগল চাৰ্চত উপলব্ধ বাংলা, মাৰাঠী, তামিল, তেলেগু, কানাড়াৰ লগতে এইকেইটা ভাষা
বাৰে বাৰে বিবাহ পেন্দেলৰ ডিজাইন সলনি; বজালীত টেণ্ট হাউছ স্বত্বাধিকাৰীৰ আত্ম*হত্যা; ৪ অভিযুক্তক গ্ৰেপ্তাৰ
'ৰৈ ৰৈ বিনালে'ৰ পৰা বাদ পৰিব সিদ্ধার্থ, শেখৰজ্যোতি, অমৃতপ্ৰভাৰ দৃশ্যাংশ
বকলীয়াঘাটৰ ৰজাপথাৰ তিনিআলি গাঁৱত জুবিন গাৰ্গৰ আত্মাৰ সদগতিৰ বাবে নাম প্ৰসংগ
মানকাচৰৰ ইউকো বেংকত সংঘটিত হোৱা ডকাইতি কাণ্ডৰ লগত জড়িত তিনি অভিযুক্তক গ্ৰেপ্তাৰ
কাইলৈ লক্ষ্মী পূজা; কি কি কাম কৰিব নালাগে জানি লওক
সিদ্ধার্থই ছিংগাপুৰৰ ডাঁৰৰ বাতৰি ডাঁৰে দি আছিল টার্চেম মিট্টালক
আমেৰিকাৰ ডালাছত ভাৰতীয় দন্ত চিকিৎসকক গুলীয়াই হত্যা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ