--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিউজিলেণ্ডৰ বিৰুদ্ধে বেংগালুৰু টেষ্টৰ প্ৰথম ইনিংছত ৪৬ ৰান সংগ্ৰহ কৰি ভাৰতীয় দল অল আউট হয়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিউজিলেণ্ডে প্ৰথম ইনিংছত ৪০২ ৰান সংগ্ৰহ কৰে। ভাৰতীয় দলৰ দুৰ্বল প্ৰদৰ্শনৰ পিছত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে প্ৰাক্তন ক্ৰিকেটাৰ সঞ্জয় মঞ্জৰেকাৰে। ৰোহিতৰ অধিনায়কত্বত কি অভাৱ আছে সেই কথা তেওঁ ক’লে। মঞ্জৰেকাৰে ৰোহিতৰ অধিনায়কত্বক মহেন্দ্ৰ সিং ধোনীৰ সৈতে তুলনা কৰিছে। তেওঁ ক’লে যে ৰোহিতৰ ধোনীৰ দৰে একো গুণ নাই।



Hold words of MS Dhoni': Sanjay Manjrekar's critical verdict on Rohit Sharma  | Crickit

মাঞ্জৰেকাৰে ভাৰতীয় দলৰ প্ৰদৰ্শন বিবেচনা কৰি এক্সত এটা পোষ্ট শ্বেয়াৰ কৰে। তেওঁ লিখিছে, "ধোনীৰ এক অনন্য গুণ আছে। বহু ক্ষতি হোৱাৰ আগতেই তেওঁ বলিঙৰ ধৰণ সলনি কৰে। ৰোহিতে নিজৰ নেতৃত্বত এই গুণটো আনিব লাগিব।'' ভাৰতীয় দলৰ হৈ প্ৰথম ইনিংছত মাত্ৰ ২ ৰান সংগ্ৰহ কৰি আউট হৈছিল ৰোহিতে। অৱশ্যে দ্বিতীয় ইনিংছত তেওঁ অৰ্ধশতক অৰ্জন কৰে। ৰোহিতে ৬৩টা বলৰ মুখামুখি হৈ ৫২ ৰান সংগ্ৰহ কৰে। ৰোহিতে ৮টা চাৰি আৰু ১টা ছয় কোবায়।


প্ৰথম ইনিংছত ৪৬ ৰান সংগ্ৰহ কৰি অল আউট হৈছিল ভাৰতীয় দল। এই সময়ছোৱাত বিৰাট কোহলী, সৰফৰাজ খান, কে এল ৰাহুল, ৰবীন্দ্ৰ জাদেজা আৰু অশ্বিন শূন্যত আউট হয়। ইয়াৰ প্ৰতিক্ৰিয়া স্বৰূপে নিউজিলেণ্ডে প্ৰথম ইনিংছত ৪০২ ৰান সংগ্ৰহ কৰে। তাৰ বাবে কনৱেই ৯১ ৰানৰ এক উজ্জ্বল ইনিংছ খেলিছিল। শতক অৰ্জন কৰে ৰচিন ৰবিন্দ্ৰই। ১৫৭ বলৰ মুখামুখি হৈ ১৩৪ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হয় তেওঁ৷ ভাৰতীয় দলৰ হৈ দ্বিতীয় ইনিংছত যশস্বী জয়ছৱালে ৩৫ ৰানৰ বৰঙণি আগবঢ়ায়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ