--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বিজয় চিংলাক তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত বৰ্খাস্ত কৰিলে। মানে কৈছিল যে মন্ত্ৰীজনে নিবিদাৰ বাবে এক শতাংশ কমিছন দাবী কৰিছে বুলি গম পোৱাৰ পিছত তেওঁ এই সিদ্ধান্ত লৈছিল।

ভগৱন্ত মানে কয় যে "মই মন্ত্ৰীজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো। মই তেওঁক মন্ত্ৰীসভাৰ পৰা আঁতৰাই দিছো," মুখ্যমন্ত্ৰীয়ে এটা ভিডিঅ' বাৰ্তাত এই কথা কয়। ভগৱন্ত মনে লগতে আৰক্ষীক বৰ্খাস্ত মন্ত্ৰীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে।

ইয়াৰ পাছতে আপৰ সাংসদ ৰাঘৱ চাধাই টুইট কৰে। তেওঁ কয় "আম আদমী পাৰ্টি হৈছে একমাত্ৰ দল যাৰ দুৰ্নীতিৰ  বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সততা, সাহস আৰু সৎতা আছে। পূৰ্বতে আমি ইয়াক দিল্লীত দেখিছিলো, এতিয়া আমি ইয়াক পঞ্জাবত প্ৰত্যক্ষ কৰি আছো। দুৰ্নীতিৰ বাবে শূণ্য সহনশীলতা পদক্ষেপ গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ পদক্ষেৰ প্ৰশংসনীয়।



মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত হোৱা চিংলা মানছাৰ এজন বিধায়ক। তেওঁ পেছাত এজন দন্ত চিকিৎসক আৰু চহৰখনত এখন দন্ত চিকিৎসালয় চলায়। চিংলাই প্ৰায় সাত বছৰ আগতে আপত যোগদান কৰিছিল।

দেশৰ ইতিহাসত এইটো কেৱল দ্বিতীয়বাৰৰ বাবে যে এজন মুখ্যমন্ত্ৰীয়ে তেওঁৰ নিজৰ মন্ত্ৰীসভাৰ সহকৰ্মীৰ বিৰুদ্ধে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ২০১৫ চনত, আপৰ আহ্বায়ক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ এজনক বৰ্খাস্ত কৰিছিল আৰু এতিয়া পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। 

উল্লেখ্য যে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে বিয়াগোম কেলেংকাৰীৰ অভিযোগ থকাৰ পাছতো কোনো এজন মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীয়ে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল, কিন্তু পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে  এইক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে