--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰী বিজয় চিংলাক তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগত বৰ্খাস্ত কৰিলে। মানে কৈছিল যে মন্ত্ৰীজনে নিবিদাৰ বাবে এক শতাংশ কমিছন দাবী কৰিছে বুলি গম পোৱাৰ পিছত তেওঁ এই সিদ্ধান্ত লৈছিল।

ভগৱন্ত মানে কয় যে "মই মন্ত্ৰীজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছো। মই তেওঁক মন্ত্ৰীসভাৰ পৰা আঁতৰাই দিছো," মুখ্যমন্ত্ৰীয়ে এটা ভিডিঅ' বাৰ্তাত এই কথা কয়। ভগৱন্ত মনে লগতে আৰক্ষীক বৰ্খাস্ত মন্ত্ৰীজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিছে।

ইয়াৰ পাছতে আপৰ সাংসদ ৰাঘৱ চাধাই টুইট কৰে। তেওঁ কয় "আম আদমী পাৰ্টি হৈছে একমাত্ৰ দল যাৰ দুৰ্নীতিৰ  বিৰুদ্ধে ব্যৱস্থা লোৱাৰ সততা, সাহস আৰু সৎতা আছে। পূৰ্বতে আমি ইয়াক দিল্লীত দেখিছিলো, এতিয়া আমি ইয়াক পঞ্জাবত প্ৰত্যক্ষ কৰি আছো। দুৰ্নীতিৰ বাবে শূণ্য সহনশীলতা পদক্ষেপ গ্ৰহণ কৰা মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ পদক্ষেৰ প্ৰশংসনীয়।



মন্ত্ৰীসভাৰ পৰা বৰ্খাস্ত হোৱা চিংলা মানছাৰ এজন বিধায়ক। তেওঁ পেছাত এজন দন্ত চিকিৎসক আৰু চহৰখনত এখন দন্ত চিকিৎসালয় চলায়। চিংলাই প্ৰায় সাত বছৰ আগতে আপত যোগদান কৰিছিল।

দেশৰ ইতিহাসত এইটো কেৱল দ্বিতীয়বাৰৰ বাবে যে এজন মুখ্যমন্ত্ৰীয়ে তেওঁৰ নিজৰ মন্ত্ৰীসভাৰ সহকৰ্মীৰ বিৰুদ্ধে এনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ২০১৫ চনত, আপৰ আহ্বায়ক আৰু দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে তেওঁৰ এজনক বৰ্খাস্ত কৰিছিল আৰু এতিয়া পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে এই পদক্ষেপ গ্ৰহণ কৰিছে। 

উল্লেখ্য যে দেশৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মন্ত্ৰী-বিধায়কৰ বিৰুদ্ধে বিয়াগোম কেলেংকাৰীৰ অভিযোগ থকাৰ পাছতো কোনো এজন মুখ্যমন্ত্ৰী বা প্ৰধানমন্ত্ৰীয়ে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহল, কিন্তু পঞ্জাবৰ মুখ্যমন্ত্ৰীয়ে  এইক্ষেত্ৰত এক যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰি সকলোৰে দৃষ্টি কাঢ়িবলৈ সক্ষম হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ