--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি দল ত্যাগ কৰা নেতা হাৰ্দিক পেটেলে পুনৰবাৰ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। হিন্দু আৰু ভগৱান ৰামৰ প্ৰতি কংগ্ৰেছৰ ইমান ঘৃণা কিয় বুলি দলীয় নেতৃত্বক প্ৰশ্ন কৰিছে হাৰ্দিক পেটেলে (Hardik Patel)। 

তেওঁ কয়, ‘মই আগতেও কৈছিলোঁ যে কংগ্ৰেছ দলে জনসাধাৰণৰ আৱেগক আঘাত দিবলৈ কাম কৰে, সদায় হিন্দু ধৰ্মৰ বিশ্বাসক ক্ষতি কৰিবলৈ চেষ্টা কৰে। ইয়াৰ লগতে এক ভয়ংকৰ অভিযোগ দি পেটেলে কয় যে ৰাম মন্দিৰৰ ইটাত কুকুৰে প্ৰস্ৰাৱ কৰে। কংগ্ৰেছে সদায় হিন্দু বিশ্বাসক আঘাত দি আহিছে বুলি অভিযোগ কৰি হাৰ্দিক পেটেলে দল আৰু নেতাসকলক প্ৰশ্ন কৰে যে তেওঁলোক কিয় ভগৱান ৰামৰ বিৰোধী। 

হার্দিকে আন এটা টুইটত কয়, ‘মই কংগ্রেছ আৰু ইয়াৰ নেতাসকলক সুধিব বিচাৰিছো, ভগৱান শ্ৰীৰামৰ লগত আপোনালোকৰ কি শত্ৰুতা আছে? হিন্দুক ইমান ঘৃণা কিয়? কিমান যুগৰ মূৰত অযোধ্যাত ভগৱান শ্ৰীৰামৰ মন্দিৰ নিৰ্মাণ হৈছে তাৰপাছতো কংগ্ৰেছ নেতাসকলে ভগৱান শ্ৰীৰামৰ বিৰুদ্ধে যিকোনো মন্তব্য দিবলৈ বন্ধ কৰা নাই। 

কংগ্ৰেছৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি ভাৰত সিংহ ছ’লাংকীৰ বক্তব্যৰ পিছতে হাৰ্দিক পেটেলে এই ক্ষুৰধাৰ মন্তব্য কৰে। আহমদাবাদত অ’বিচিৰ এখন সভাত ভাষণ দি ছ’লাংকীয়ে কৈছিল- ‘‘বিজেপিয়ে সদায় ৰাজনৈতিক লাভালাভৰ বাবে ভগৱান ৰামৰ নাম ব্যৱহাৰ কৰি আহিছে আৰু লাখ লাখ হিন্দুৰ আৱেগৰ সৈতে খেলা-ধূলা কৰি আহিছে। ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আশীৰ দশকত মানুহে ৰামশিলালৈ বৰ শ্ৰদ্ধাৰে দান দিছিল, কিন্তু তেওঁলোকে কেতিয়াও ৰামশিলাৰ চোৱা-চিতাক লৈ মূৰ ঘমোৱা নাছিল।’’

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ