--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধে বহু গুৰুতৰ অভিযোগ উত্থাপন কৰি দল ত্যাগ কৰা নেতা হাৰ্দিক পেটেলে পুনৰবাৰ কংগ্ৰেছক আক্ৰমণৰ লক্ষ্য কৰি লৈছে। হিন্দু আৰু ভগৱান ৰামৰ প্ৰতি কংগ্ৰেছৰ ইমান ঘৃণা কিয় বুলি দলীয় নেতৃত্বক প্ৰশ্ন কৰিছে হাৰ্দিক পেটেলে (Hardik Patel)। 

তেওঁ কয়, ‘মই আগতেও কৈছিলোঁ যে কংগ্ৰেছ দলে জনসাধাৰণৰ আৱেগক আঘাত দিবলৈ কাম কৰে, সদায় হিন্দু ধৰ্মৰ বিশ্বাসক ক্ষতি কৰিবলৈ চেষ্টা কৰে। ইয়াৰ লগতে এক ভয়ংকৰ অভিযোগ দি পেটেলে কয় যে ৰাম মন্দিৰৰ ইটাত কুকুৰে প্ৰস্ৰাৱ কৰে। কংগ্ৰেছে সদায় হিন্দু বিশ্বাসক আঘাত দি আহিছে বুলি অভিযোগ কৰি হাৰ্দিক পেটেলে দল আৰু নেতাসকলক প্ৰশ্ন কৰে যে তেওঁলোক কিয় ভগৱান ৰামৰ বিৰোধী। 

হার্দিকে আন এটা টুইটত কয়, ‘মই কংগ্রেছ আৰু ইয়াৰ নেতাসকলক সুধিব বিচাৰিছো, ভগৱান শ্ৰীৰামৰ লগত আপোনালোকৰ কি শত্ৰুতা আছে? হিন্দুক ইমান ঘৃণা কিয়? কিমান যুগৰ মূৰত অযোধ্যাত ভগৱান শ্ৰীৰামৰ মন্দিৰ নিৰ্মাণ হৈছে তাৰপাছতো কংগ্ৰেছ নেতাসকলে ভগৱান শ্ৰীৰামৰ বিৰুদ্ধে যিকোনো মন্তব্য দিবলৈ বন্ধ কৰা নাই। 

কংগ্ৰেছৰ প্ৰাক্তন কাৰ্যকৰী সভাপতি ভাৰত সিংহ ছ’লাংকীৰ বক্তব্যৰ পিছতে হাৰ্দিক পেটেলে এই ক্ষুৰধাৰ মন্তব্য কৰে। আহমদাবাদত অ’বিচিৰ এখন সভাত ভাষণ দি ছ’লাংকীয়ে কৈছিল- ‘‘বিজেপিয়ে সদায় ৰাজনৈতিক লাভালাভৰ বাবে ভগৱান ৰামৰ নাম ব্যৱহাৰ কৰি আহিছে আৰু লাখ লাখ হিন্দুৰ আৱেগৰ সৈতে খেলা-ধূলা কৰি আহিছে। ৰাম মন্দিৰ নিৰ্মাণৰ বাবে আশীৰ দশকত মানুহে ৰামশিলালৈ বৰ শ্ৰদ্ধাৰে দান দিছিল, কিন্তু তেওঁলোকে কেতিয়াও ৰামশিলাৰ চোৱা-চিতাক লৈ মূৰ ঘমোৱা নাছিল।’’

 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত