--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পনীৰ(Paneer) খাই বহু লোকেই ভাল পায়। পনীৰৰ ভিন ভিন ৰেচিপিৰে খাদ্যৰ জুতি বঢ়াব পাৰি। নিৰামিষহাৰী সকলৰ বাবে পনীৰ আশীৰ্বাদ। আমিষহাৰীসকলেও পনীৰ খায় বৰ ভাল পায়। ইয়াত যথেষ্ট পৰিমাণে প্ৰ'টিন থাকে। পনীৰ মানসিক স্বাস্থ্যৰ বাবে ভাল। শাৰীৰিক শক্তিও বাহাল ৰাখে পনীৰে। পনীৰ খালে ৰক্তচাপ আৰু কলেষ্টেৰল হ্ৰাস হোৱাত সহায়ক হয়। আজি আমি আপোনাক জনাম চোলিয়া পনীৰ ৰেচিপিৰ বিষয়ে। এই ৰেচিপিৰ সোৱাদ অতুলনীয়।

চোলিয়া পনীৰ ৰেচিপিৰ উপাদানসমূহ: 

১)১/২ কিলোগ্ৰাম পনীৰ
২)আধা কাপ কাবেলী বুট (৪ ৰ পৰা ৫ ঘণ্টা পানীত তিয়াই ৰখা)
৩)১ টেবল চামুচ পিঁয়াজ পেষ্ট
৪)৩ টা পিঁয়াজ টুকুৰাকৈ কাটি লওক
৫)৩ টেবল চামুচ আদা-নহৰু পেষ্ট
৬)দৈ ৫০ গ্ৰাম
৭) লং ৪-৫ টা 
৮)ইলাচী ২-৩
৯)ডাঙৰ ইলাচী ১-২
১০) জালুক ৪ ৰ পৰা ৬টা
১১)১/২ চামুচ জিৰা গুটি
১২)১ চামুচ গৰম মচলা
১৩)১ চামুচ ৰঙা জলকীয়া গুৰি
১৪)১/২ চামুচ হালধি
১৫)৩ টেবল চামুচ ঘিউ
১৬)১/২ কাপ তেল
১৭)সোৱাদ অনুসৰি নিমখ
১৮)১/২ কাপ পানী 

চোলিয়া পনীৰ কেনেদৰে বনাব: 

১)প্ৰথমে পনীৰ টুকুৰাকৈ কাটি লওক।
২)কেৰাহীত মজলীয়া জুইত তেল গৰম কৰক।
৩)তেল গৰম হোৱাৰ লগে লগে লং, ইলাচী আৰু জালুক দিয়ক।
৪)এতিয়া ইয়াত পিয়াজ দিয়ক আৰু ৰঙচুৱা নোহোৱালৈকে ভাজক। 
৫)তাৰ পিছত পনীৰ আৰু কাবেলী বুট ৩-৪ মিনিটৰ বাবে ভাজক।
৬)নিৰ্ধাৰিত সময়ৰ পাছত পিয়াজৰ পেষ্ট আৰু আদা নহৰুৰ পেষ্ট যোগ দিয়ক আৰু ৩-৪ মিনিটৰ বাবে ভাজক। 
৭)ইয়াৰ পিছত, হালধি, নিমখ, ৰঙা জলকীয়া গুৰি, গৰম মচলা যোগ দিয়ক আৰু ১-২ মিনিটৰ বাবে ভাজক।
৮)এতিয়া ইয়াত ৪ চাহ চামুচ দৈ যোগ দিয়ক আৰু ভালদৰে মিহলি কৰক আৰু ইয়াক কম জুইত ঢাকোন মাৰি ৰাখক। 
৯) এতিয়া অলপ দৈ, ডাঙৰ ইলাচী আৰু জিৰা গুৰি কৰক।
১০) এতিয়া এই পেষ্টটো এটা কেৰাহীত দিয়ক আৰু বুট আৰু পনীৰৰ সৈতে ভালদৰে মিহলি কৰক।
১১)৮-১০ মিনিটৰ বাবে কম জুইত ঢাকোন দি ৰাখক।
ইয়াৰ পাছতেই তৈয়াৰ হব সোৱাদভৰা চোলিয়া পনীৰ। এতিয়া গৰমে গৰমে ৰুটী, পৰঠা বা নানৰ সৈতে ইয়াৰ সোৱাদ লওক।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ