--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা পৰিয়ালৰ পাঁচজনকৈ সদস্যৰ মৃতদেহ চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে। মৃত কেইজন ৪২ বছৰীয়া মনোজ ঝা, ৩৮ বছৰীয়া সুন্দৰ মণি, ৬৫ বছৰীয়া সীতা দেৱী, ১০ বছৰীয়া সত্যম আৰু ৭ বছৰীয়া শিৱম বুলি চিনাক্ত কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ সমস্তিপুৰ জিলাত। বিদ্যাপতিনগৰ থানা এলেকাৰ মৌ ধনেশপুৰ দক্ষিণ গাঁৱত সংঘটিত হৈছে এই আত্মহত্যাৰ ঘটনা। আৰ্থিক সংকটৰ বাবে পৰিয়ালটোৱে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। 

মনোজ ঝাই পত্নী সুন্দৰ মণি, মাতৃ সীতা দেৱী আৰু সন্তান সত্যম আৰু শিৱমৰ সৈতে বাস কৰিছিল। মনোজৰ দুগৰাকী কন্যাও আছে। এগৰাকী কন্যাৰ নাম নিভা। নিভা স্বামীৰ সৈতে পিতৃগৃহলৈ ফুৰিবলৈ আহিছিল। আত্মহত্যাৰ ঘটনাটো হোৱাৰ দিনা নিভাই স্বামীৰ সৈতে আন এটা কোঠাত শুইছিল। ৰাতিপুৱা সাৰ পাই নিভাই দেখে যে কাষৰ কোঠাটো খোলা আছে আৰু ঘৰৰ পাঁচজন সদস্য চিপ লৈ ওলমি আছে। এই ভয়ংকৰ দৃশ্য দেখি নিভাই চিঞৰিবলৈ ধৰে। নিভাৰ চিঞৰ শুনি ওচৰ-চুবুৰীয়া তাত গোট খায়। স্থানীয় লোকে লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে পাঁচটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 

এই ঘটনাৰ পিছতে অঞ্চলটোত হুলস্থূলৰ সৃষ্টি হয়। সেই স্থানৰ ওচৰতে জনসমাগম হয়। আৰক্ষীয়ে অতি কষ্টৰে ভিৰ আঁতৰাবলৈ সক্ষম হৈছিল। দলসিংহছাৰাৰ আৰক্ষী অধীক্ষক হৃদয়কান্তই জনোৱা মতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰা হৈছে। তেতিয়াহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। 

প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে পৰিয়ালটোত বহুত ধাৰ আছিল। ছোৱালীজনীৰ বিয়াৰ বাবেও মনোজ ঝাই বহু লোকৰ পৰা ধাৰ লৈছিল। পৰিয়ালটোৰ ওপৰত ধাৰৰ হেঁচা আছিল যাৰ বাবে তেওঁলোক অতিশয় চিন্তাত দিন কটাইছিল। ওচৰ-চুবুৰীয়াই জনোৱা মতে আৰ্থিক অসুবিধাৰ বাবে পৰিয়ালটো যথেষ্ট অসুবিধাত আছিল। এই ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ