--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এটা পৰিয়ালৰ পাঁচজনকৈ সদস্যৰ মৃতদেহ চিপ লৈ ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে। মৃত কেইজন ৪২ বছৰীয়া মনোজ ঝা, ৩৮ বছৰীয়া সুন্দৰ মণি, ৬৫ বছৰীয়া সীতা দেৱী, ১০ বছৰীয়া সত্যম আৰু ৭ বছৰীয়া শিৱম বুলি চিনাক্ত কৰা হৈছে। এই ঘটনা সংঘটিত হৈছে বিহাৰৰ সমস্তিপুৰ জিলাত। বিদ্যাপতিনগৰ থানা এলেকাৰ মৌ ধনেশপুৰ দক্ষিণ গাঁৱত সংঘটিত হৈছে এই আত্মহত্যাৰ ঘটনা। আৰ্থিক সংকটৰ বাবে পৰিয়ালটোৱে আত্মহত্যা কৰা বুলি জানিব পৰা গৈছে। 

মনোজ ঝাই পত্নী সুন্দৰ মণি, মাতৃ সীতা দেৱী আৰু সন্তান সত্যম আৰু শিৱমৰ সৈতে বাস কৰিছিল। মনোজৰ দুগৰাকী কন্যাও আছে। এগৰাকী কন্যাৰ নাম নিভা। নিভা স্বামীৰ সৈতে পিতৃগৃহলৈ ফুৰিবলৈ আহিছিল। আত্মহত্যাৰ ঘটনাটো হোৱাৰ দিনা নিভাই স্বামীৰ সৈতে আন এটা কোঠাত শুইছিল। ৰাতিপুৱা সাৰ পাই নিভাই দেখে যে কাষৰ কোঠাটো খোলা আছে আৰু ঘৰৰ পাঁচজন সদস্য চিপ লৈ ওলমি আছে। এই ভয়ংকৰ দৃশ্য দেখি নিভাই চিঞৰিবলৈ ধৰে। নিভাৰ চিঞৰ শুনি ওচৰ-চুবুৰীয়া তাত গোট খায়। স্থানীয় লোকে লগে লগে আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে পাঁচটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 

এই ঘটনাৰ পিছতে অঞ্চলটোত হুলস্থূলৰ সৃষ্টি হয়। সেই স্থানৰ ওচৰতে জনসমাগম হয়। আৰক্ষীয়ে অতি কষ্টৰে ভিৰ আঁতৰাবলৈ সক্ষম হৈছিল। দলসিংহছাৰাৰ আৰক্ষী অধীক্ষক হৃদয়কান্তই জনোৱা মতে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ অপেক্ষা কৰা হৈছে। তেতিয়াহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব। 

প্ৰাৰম্ভিক তদন্তত পোহৰলৈ আহিছে যে পৰিয়ালটোত বহুত ধাৰ আছিল। ছোৱালীজনীৰ বিয়াৰ বাবেও মনোজ ঝাই বহু লোকৰ পৰা ধাৰ লৈছিল। পৰিয়ালটোৰ ওপৰত ধাৰৰ হেঁচা আছিল যাৰ বাবে তেওঁলোক অতিশয় চিন্তাত দিন কটাইছিল। ওচৰ-চুবুৰীয়াই জনোৱা মতে আৰ্থিক অসুবিধাৰ বাবে পৰিয়ালটো যথেষ্ট অসুবিধাত আছিল। এই ঘটনাটোৱে সমগ্ৰ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ