--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিতৰ্কিত মন্তব্যৰে উত্তৰ প্ৰদেশৰ কানপুৰ চহৰত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিত উচতনি দিয়াৰ পাছত কঠোৰ ব্যৱস্থাৰ সন্মুখীন হৈছে দুই বিজেপি নেতা। প্ৰফেট মহম্মদ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰাৰ জৰিয়তে সাম্প্ৰদায়িক সংঘৰ্ষৰ ফিৰিঙতি সৃষ্টি কৰা বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মাক নিলম্বিত কৰিছে বিজেপিয়ে। এটা টিভি বিতৰ্কত অংশ লৈ প্ৰফেট মহম্মদ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰিছিল বিজেপিৰ মুখপাত্ৰগৰাকীয়ে। তেওঁৰ মন্তব্যৰ পাছতে কানপুৰত সাম্প্ৰদায়িক উত্তেজনাই গা কৰি উঠিছিল আৰু ই অৱশেষত সংঘৰ্ষৰ ৰূপ লৈছিল। সাম্প্ৰদায়িক সংঘৰ্ষ দমন তথা ইয়াত জড়িতসকলক কঠোৰ শাস্তি বিহাৰ বাবেও তীব্ৰ অভিযান চলাই আছে আৰক্ষীয়ে।

 

ইফালে, কেৱল নূপুৰ শৰ্মাই নহয়, বিজেপিয়ে দিল্লীৰ মিডিয়া ইনচাৰ্জ নবীন কুমাৰ জিন্দালকো নিলম্বিত কৰিছে। উল্লেখ্য যে, নূপুৰ শৰ্মাই কৰা উচতনিমূলক মন্তব্যৰ পাছত এটা মুছলমান সংগঠনে কানপুৰৰ পেৰেড মাৰ্কেট বন্ধ কৰাৰ বাবে আহ্বান জনাইছিল। তাৰ পাছতে তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটে। এই সংঘৰ্ষত ২০জন আৰক্ষীৰ লোককে ধৰি ৪০জন লোক আহত হৈছিল।

 

কি কৈছিল নূপুৰ শৰ্মাই?

এটা টিভি বিতৰ্কত অংশ লৈ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নূপুৰ শৰ্মাই জ্ঞানৱাপী মছজিদ প্ৰংসগক লৈ মন্তব্য কৰি ইছলাম ধৰ্ম আৰু দৰ্শনক লৈ আপত্তিজনক মন্তব্য কৰিছিল। তদুপৰি জ্ঞানৱাপী মছজিদত উদ্ধাৰ হোৱা শিৱলিংগক ফাউণ্টেইন বুলি দাবী কৰি তেওঁলোকে হিন্দু ধৰ্ম আৰু হিন্দুসকলক অপমান কৰা বুলিও দাবী কৰিছিল। প্ৰফেট মহম্মদ সম্পৰ্কতো আপত্তিজনক মন্তব্য কৰিছিল নূপুৰ শৰ্মাই। তাৰ পাছতে দুটা ধৰ্মীয় সম্প্ৰদায়ৰ মাজত উদ্বেগ আৰু উত্তেজনাৰ সৃষ্টি হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ