--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিতৰ্কিত মন্তব্যৰে উত্তৰ প্ৰদেশৰ কানপুৰ চহৰত সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টিত উচতনি দিয়াৰ পাছত কঠোৰ ব্যৱস্থাৰ সন্মুখীন হৈছে দুই বিজেপি নেতা। প্ৰফেট মহম্মদ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰাৰ জৰিয়তে সাম্প্ৰদায়িক সংঘৰ্ষৰ ফিৰিঙতি সৃষ্টি কৰা বিজেপিৰ মুখপাত্ৰ নূপুৰ শৰ্মাক নিলম্বিত কৰিছে বিজেপিয়ে। এটা টিভি বিতৰ্কত অংশ লৈ প্ৰফেট মহম্মদ সম্পৰ্কত বিতৰ্কিত মন্তব্য কৰিছিল বিজেপিৰ মুখপাত্ৰগৰাকীয়ে। তেওঁৰ মন্তব্যৰ পাছতে কানপুৰত সাম্প্ৰদায়িক উত্তেজনাই গা কৰি উঠিছিল আৰু ই অৱশেষত সংঘৰ্ষৰ ৰূপ লৈছিল। সাম্প্ৰদায়িক সংঘৰ্ষ দমন তথা ইয়াত জড়িতসকলক কঠোৰ শাস্তি বিহাৰ বাবেও তীব্ৰ অভিযান চলাই আছে আৰক্ষীয়ে।

 

ইফালে, কেৱল নূপুৰ শৰ্মাই নহয়, বিজেপিয়ে দিল্লীৰ মিডিয়া ইনচাৰ্জ নবীন কুমাৰ জিন্দালকো নিলম্বিত কৰিছে। উল্লেখ্য যে, নূপুৰ শৰ্মাই কৰা উচতনিমূলক মন্তব্যৰ পাছত এটা মুছলমান সংগঠনে কানপুৰৰ পেৰেড মাৰ্কেট বন্ধ কৰাৰ বাবে আহ্বান জনাইছিল। তাৰ পাছতে তীব্ৰ সংঘৰ্ষৰ সূত্ৰপাত ঘটে। এই সংঘৰ্ষত ২০জন আৰক্ষীৰ লোককে ধৰি ৪০জন লোক আহত হৈছিল।

 

কি কৈছিল নূপুৰ শৰ্মাই?

এটা টিভি বিতৰ্কত অংশ লৈ বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নূপুৰ শৰ্মাই জ্ঞানৱাপী মছজিদ প্ৰংসগক লৈ মন্তব্য কৰি ইছলাম ধৰ্ম আৰু দৰ্শনক লৈ আপত্তিজনক মন্তব্য কৰিছিল। তদুপৰি জ্ঞানৱাপী মছজিদত উদ্ধাৰ হোৱা শিৱলিংগক ফাউণ্টেইন বুলি দাবী কৰি তেওঁলোকে হিন্দু ধৰ্ম আৰু হিন্দুসকলক অপমান কৰা বুলিও দাবী কৰিছিল। প্ৰফেট মহম্মদ সম্পৰ্কতো আপত্তিজনক মন্তব্য কৰিছিল নূপুৰ শৰ্মাই। তাৰ পাছতে দুটা ধৰ্মীয় সম্প্ৰদায়ৰ মাজত উদ্বেগ আৰু উত্তেজনাৰ সৃষ্টি হৈছিল।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ