--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ নাইট ক্লাবত অচিনাকি মহিলাৰ সৈতে ৰাহুল গান্ধীৰ ফটোকলৈ কিছুদিন পূৰ্বে তুমল হৈ-চৈৰ সৃষ্টি হৈছিল৷ সেই বিতৰ্কৰ পিছত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকী সোমাই পৰিছে আন এক ফটো বিতৰ্কত৷ এইবাৰৰ ফটো বিতৰ্কৰ স্থানো অৱশ্যে ভাৰত নহয়, বিদেশতহে৷ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে শেহতীয়াকৈ কৰা  লণ্ডন ভ্ৰমণৰ সময়তে  ব্ৰিটিছ শ্ৰমিক নেতা জেৰেমি কৰ্বিনক লগ ধৰিছিল৷ সেইসময়তে তেওঁ কৰ্বিনৰ সৈতে ফটোও উঠিছিল৷ এতিয়া সেই ফটোখনক অস্ত্ৰ হিচাবে লৈয়েই বিজেপিয়ে ৰাহুল গান্ধীক উভতি ধৰিছে৷ 

প্ৰথম দৃষ্টিত ফটো খনত একো অশোভনীয় দৃশ্য নাই৷ তথাপি কাৰণত বাৰু বিজেপিয়ে ফটো খনৰ বাবে ৰাহুল গান্ধীক ককৰ্থনা কৰিছে? দৰাচলতে ৰাহুল গান্ধীয়ে ফটো উঠা ব্ৰিটিছ শ্ৰমিক নেতা জেৰেমি কৰ্বিনৰ সৈতে ভাৰতৰ শত্ৰুতা বহু পুৰণি৷ ব্ৰিটিছ শ্ৰমিক নেতাগৰাকীয়ে ভাৰতৰ বিৰুদ্ধে বিভিন্ন সময়ত বহু বিভেদকামী মন্তব্য কৰি আহিছে৷ বিশেষকৈ কাশ্মীৰ প্ৰসংগত তেওঁ কৰি অহা মন্তব্যসমূহে কাশ্মীৰৰ বিচ্ছিন্নতাবাদী শক্তিক সাৰ-পানী যোগাই আহিছে৷ সেইবাবেই তেনে এজন ব্যক্তিৰ সৈতে ফটো উঠাৰ বাবে ৰাহুল গান্ধীক বিজেপিয়ে সমালোচনা কৰিছে৷

বিজেপিয়ে ৰাহুলক এইবুলি  প্ৰশ্ন কৰিছে যে তেওঁ ব্ৰিটেইনৰ "ভাৰত বিৰোধী" নেতাৰ সৈতে ফটো উঠি তেওঁৰ ভাৰত বিৰোধী দৃষ্টিভংগীক সমৰ্থন কৰে নেকি? বিজেপিৰ এনে সমালোচনাৰ পিছতে ৰাহুল গান্ধীয়েও ব্ৰিটিছ শ্ৰমিক নেতা জনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে উঠা ফটো শ্বেয়াৰ কৰিছে৷মোদীৰ সেই ফটো শ্বেয়াৰ কৰি ৰাহুলেও সুধিছে- মোদীয়েও নেতা জনৰ ভাৰত বিৰোধী স্থিতিক সমৰ্থন কৰে নেকি?উল্লেখ্য কৰ্বিন ২০১৫ চনৰ পৰা ২০২০ চনলৈ লেবাৰ পাৰ্টিৰ নেতা তথা বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷

বিজেপি নেতা তথা আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে টুইটাৰত ব্ৰিটিছ নেতাজনৰ সৈতে ৰাহুলে উঠা এখন ফটো টুইটাৰত শ্বেয়াৰ কৰিছে আৰু কংগ্ৰেছ নেতাজনত তীব্ৰ কটাক্ষ কৰিছে৷ বিজেপি নেতা কপিল মিশ্ৰাই কয়, "ৰাহুল গান্ধীয়ে জেৰেমি কৰ্বিনৰ সৈতে লণ্ডনত কি কৰি আছে... ? জেৰেমি কৰ্বিন ভাৰত বিৰোধী, হিন্দু বিৰোধী স্থিতিৰ বাবে কুখ্যাত। জেৰেমি কৰ্বিনে কাশ্মীৰক ভাৰতৰ পৰা পৃথক কৰাৰ পক্ষপাতী।" ইপিনে বহি থকা নাই কংগ্ৰেছেও৷  

প্ৰধানমন্ত্ৰীয়ে মেহুল চোকচিক ৰাজহুৱাভাৱে "হামাৰে মেহুল ভাই" বুলি সম্বোধন কৰাৰ ভিডিঅ'ৰ বিষয়ে বিজেপিয়ে কি ক’ব বুলি প্ৰশ্ন কৰিছে কংগ্ৰেছে৷ কংগ্ৰেছে লগতে সুধিছে " প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি জি জিনপিংক কিয় সাক্ষাৎ কৰে, চীনে দেখোন আমাৰ ভূখণ্ড দখল কৰিছে? প্ৰধানমন্ত্ৰীয়ে তদানীন্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক সাক্ষাৎ কৰিবলৈ কিয় পাকিস্তানলৈ গৈছিল? " ৰাহুলৰ ফটো খনকলৈয়েই এনেদৰে টুইটাৰত কংগ্ৰেছ-বিজেপিৰ বাকযুদ্ধ তুংগত উঠিছে৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
‘সংসদ চল’ সমদলত আৰক্ষীৰ কাৰ্যকলাপ সন্দৰ্ভত জৰুৰী শুনানি অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ