--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ নেপালৰ নাইট ক্লাবত অচিনাকি মহিলাৰ সৈতে ৰাহুল গান্ধীৰ ফটোকলৈ কিছুদিন পূৰ্বে তুমল হৈ-চৈৰ সৃষ্টি হৈছিল৷ সেই বিতৰ্কৰ পিছত কংগ্ৰেছৰ প্ৰাক্তন সভাপতিগৰাকী সোমাই পৰিছে আন এক ফটো বিতৰ্কত৷ এইবাৰৰ ফটো বিতৰ্কৰ স্থানো অৱশ্যে ভাৰত নহয়, বিদেশতহে৷ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীয়ে শেহতীয়াকৈ কৰা  লণ্ডন ভ্ৰমণৰ সময়তে  ব্ৰিটিছ শ্ৰমিক নেতা জেৰেমি কৰ্বিনক লগ ধৰিছিল৷ সেইসময়তে তেওঁ কৰ্বিনৰ সৈতে ফটোও উঠিছিল৷ এতিয়া সেই ফটোখনক অস্ত্ৰ হিচাবে লৈয়েই বিজেপিয়ে ৰাহুল গান্ধীক উভতি ধৰিছে৷ 

প্ৰথম দৃষ্টিত ফটো খনত একো অশোভনীয় দৃশ্য নাই৷ তথাপি কাৰণত বাৰু বিজেপিয়ে ফটো খনৰ বাবে ৰাহুল গান্ধীক ককৰ্থনা কৰিছে? দৰাচলতে ৰাহুল গান্ধীয়ে ফটো উঠা ব্ৰিটিছ শ্ৰমিক নেতা জেৰেমি কৰ্বিনৰ সৈতে ভাৰতৰ শত্ৰুতা বহু পুৰণি৷ ব্ৰিটিছ শ্ৰমিক নেতাগৰাকীয়ে ভাৰতৰ বিৰুদ্ধে বিভিন্ন সময়ত বহু বিভেদকামী মন্তব্য কৰি আহিছে৷ বিশেষকৈ কাশ্মীৰ প্ৰসংগত তেওঁ কৰি অহা মন্তব্যসমূহে কাশ্মীৰৰ বিচ্ছিন্নতাবাদী শক্তিক সাৰ-পানী যোগাই আহিছে৷ সেইবাবেই তেনে এজন ব্যক্তিৰ সৈতে ফটো উঠাৰ বাবে ৰাহুল গান্ধীক বিজেপিয়ে সমালোচনা কৰিছে৷

বিজেপিয়ে ৰাহুলক এইবুলি  প্ৰশ্ন কৰিছে যে তেওঁ ব্ৰিটেইনৰ "ভাৰত বিৰোধী" নেতাৰ সৈতে ফটো উঠি তেওঁৰ ভাৰত বিৰোধী দৃষ্টিভংগীক সমৰ্থন কৰে নেকি? বিজেপিৰ এনে সমালোচনাৰ পিছতে ৰাহুল গান্ধীয়েও ব্ৰিটিছ শ্ৰমিক নেতা জনৰ সৈতে প্ৰধানমন্ত্ৰী মোদীয়ে উঠা ফটো শ্বেয়াৰ কৰিছে৷মোদীৰ সেই ফটো শ্বেয়াৰ কৰি ৰাহুলেও সুধিছে- মোদীয়েও নেতা জনৰ ভাৰত বিৰোধী স্থিতিক সমৰ্থন কৰে নেকি?উল্লেখ্য কৰ্বিন ২০১৫ চনৰ পৰা ২০২০ চনলৈ লেবাৰ পাৰ্টিৰ নেতা তথা বিৰোধী দলৰ নেতা হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল৷

বিজেপি নেতা তথা আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে টুইটাৰত ব্ৰিটিছ নেতাজনৰ সৈতে ৰাহুলে উঠা এখন ফটো টুইটাৰত শ্বেয়াৰ কৰিছে আৰু কংগ্ৰেছ নেতাজনত তীব্ৰ কটাক্ষ কৰিছে৷ বিজেপি নেতা কপিল মিশ্ৰাই কয়, "ৰাহুল গান্ধীয়ে জেৰেমি কৰ্বিনৰ সৈতে লণ্ডনত কি কৰি আছে... ? জেৰেমি কৰ্বিন ভাৰত বিৰোধী, হিন্দু বিৰোধী স্থিতিৰ বাবে কুখ্যাত। জেৰেমি কৰ্বিনে কাশ্মীৰক ভাৰতৰ পৰা পৃথক কৰাৰ পক্ষপাতী।" ইপিনে বহি থকা নাই কংগ্ৰেছেও৷  

প্ৰধানমন্ত্ৰীয়ে মেহুল চোকচিক ৰাজহুৱাভাৱে "হামাৰে মেহুল ভাই" বুলি সম্বোধন কৰাৰ ভিডিঅ'ৰ বিষয়ে বিজেপিয়ে কি ক’ব বুলি প্ৰশ্ন কৰিছে কংগ্ৰেছে৷ কংগ্ৰেছে লগতে সুধিছে " প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰপতি জি জিনপিংক কিয় সাক্ষাৎ কৰে, চীনে দেখোন আমাৰ ভূখণ্ড দখল কৰিছে? প্ৰধানমন্ত্ৰীয়ে তদানীন্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফক সাক্ষাৎ কৰিবলৈ কিয় পাকিস্তানলৈ গৈছিল? " ৰাহুলৰ ফটো খনকলৈয়েই এনেদৰে টুইটাৰত কংগ্ৰেছ-বিজেপিৰ বাকযুদ্ধ তুংগত উঠিছে৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান