--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ পুৰণি তথা এটা সময়ত প্ৰতাপী দলটোৰ অৱস্থা এতিয়া তথৈবচ হৈ পৰিছে৷ নেতাৰ অভাৱ আৰু পৰিয়াল কেন্দ্ৰিক ৰাজনীতিয়ে বিধ্বস্ত কৰা দলটোৱে এতিয়া বহু ৰাজ্যত বিধানসভা নিৰ্বাচনতো বাদেই নিকায়-নিগমৰ নিৰ্বাচনতো মুখ থেকেচা খাবলগীয়া হৈছে৷ এনে পৰিস্থিতিক দলটোক পুনৰ সক্ৰিয় কৰিবলৈ অলপতে অনুষ্ঠিত হৈ গৈছে কংগ্ৰেছৰ চিন্তন শিবিৰ৷ চিন্তন শিবিৰৰ পিছতে কংগ্ৰেছে এতিয়া নতুন পৰিকল্পনাৰে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ বাবে দলটোক সাজু কৰি তোলাৰ প্ৰস্তুতি চলাইছে৷ সেইমৰ্মে কংগ্ৰেছৰ উৰ্ধতন মহলে যুগুতাই উলিয়াইছে কেইবাটাও কাৰ্য পৰিকল্পনা৷

সেইমৰ্মে কংগ্ৰেছে ৰাজনৈতিক পৰিক্ৰমা সমিতি আৰু এটা টাস্ক ফ'ৰ্চ গোট গঠনৰ কথা ঘোষণা কৰিছে্। প্ৰশান্ত কিশোৰে কংগ্ৰেছত যোগদান কৰিব বুলি জল্পনা-কল্পনা চলি থকাৰ পিছতো অৱশেষত যোগদান নকৰাৰ কথাই দলটোক কিছু বিপাঙত পেলাইছে৷ প্ৰশান্ত কিশোৰ দললৈ নাহিলেও দলটোক কিদৰে নিৰ্বাচনী দুৰ্যোগৰ পৰা ৰক্ষা কৰিব পাৰি তাকে লৈ এতিয়া চিন্তা-চৰ্চা কৰিছে কংগ্ৰেছ নেতৃত্বই৷

কংগ্ৰেছে আশা কৰিছে যে গঠন কৰিবলগীয়া টাস্ক ফ'ৰ্চে ২০২৪ৰ নিৰ্বাচনত দলটোক সকলো বিপৰ্যয়ৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হ’ব৷ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই গ্ৰহণ কৰা সিদ্ধান্ত অনুসৰি প্ৰথমে কংগ্ৰেছে এজন ৰাজনৈতিক ৰণনীতিবিদ নিয়োগ কৰিব৷ সুনীল কানুগোলুক সেই পদ দিয়া হ’ব বুলি জানিব পৰা গৈছে৷  সুনীল কানুগোলু এসময়ত প্ৰশান্ত কিশোৰৰ পৃষ্ঠপোষক আছিল৷  তেওঁ কৰ্ণাটক কংগ্ৰেছৰ প্ৰচাৰ অভিযানো চম্ভালি আছে।

প্ৰশান্ত কিশোৰৰ পৰিপূৰক হিচাবে সুনীল কানুগোলুয়ে দায়িত্ব সুচাৰু ৰূপে চম্ভালিব পাৰিব বুলি কংগ্ৰেছৰ বহুতে আশা কৰিছে৷ নিৰ্বাচন সম্পৰ্কীয় পৰিকল্পনাসমূহ তেওঁৰ মতেই চলিব বুলি কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বই জানিবলৈ দিছে৷
আনহাতে কংগ্ৰেছৰ ৰাজনৈতিক পৰিক্ৰমা গোটত আছে আঠজন সদস্য৷ তেওঁলোকৰ ভিতৰত আছে ৰাহুল গান্ধীও।  আন ছয়গৰাকী সদস্যৰ ভিতৰত আনন্দ শৰ্মা, অম্বিকা চোনি, গুলাম নবী আজাদ আৰু দিগ্বিজয় সিঙৰ দৰে নেতাসকল আছে৷ টাস্ক ফ'ৰ্চ গোটটোত মুকুল ৱাচনিক, পি চিদাম্বৰম, কেচি বেণুগোপাল, ৰণদীপ সুৰজেৱালা, অজয় মাকেন আৰু প্ৰিয়ংকা ভদ্ৰাৰ নেতাসকল আছে। নতুন ৰাজনৈতিক ৰণকৌশল প্ৰস্তুতকৰ্তা আৰু টাস্ক ফোৰ্চ আদিয়ে কংগ্ৰেছক উদ্ধাৰ কৰিব পাৰে নে নাই সেয়া সময়ত লক্ষ্যণীয় হ’ব৷
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement