--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ যুৱক-যুৱতীসকলৰ মাজত যিদৰে গেংষ্টাৰ আৰু অপৰাধীৰ ভাবমূর্তি সৃষ্টি হৈছে সেয়া যথেষ্ট চিন্তনীয় হৈ পৰিছে৷ অহৰহ তেওঁলোকক অনুসৰণ কৰি আছে এচাম যুৱই। ইয়াৰ সৈতে জড়িত এটা গোচৰ নয়ডাৰ পৰা পোহৰলৈ আহিছে। 

য’ত এগৰাকী যুৱকে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট ‘এক্স’ত কুখ্যাত মাফিয়া ডাউদ ইব্ৰাহিমৰ ফটো ডিপি হিচাপে ব্যৱহাৰ কৰিছিল। এই কথা দৃষ্টিগোচৰ হোৱাৰ লগেলগে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰে। আৰক্ষীৰ মতে, ভাৰতীয় দণ্ডবিধিৰ ১৯৬(১)(খ) ধাৰাত অভিযুক্তৰ বিৰুদ্ধে (সাম্প্ৰদায়িক সম্প্ৰীতিৰ ক্ষতি কৰা) গোচৰ ৰুজু কৰা হৈছে।

নয়দাৰ ফেজ-১ থানাৰ ভাৰপ্ৰাপ্ত অমিত ভদনাই জনোৱা মতে, উপ-পৰিদৰ্শক ৰাহুল প্ৰতাপ সিঙে টহল দি থকাৰ সময়ত ছেক্টৰ-৯ৰ বাসিন্দা জুনেইদ ওৰফে ৰিহানে কুখ্যাত মাফিয়া ডাউদৰ ফটো ডিপি হিচাপে ব্যৱহাৰ কৰাৰ তথ্য লাভ কৰিছিল আৰু এই তথ্য পোৱাৰ লগেলগে ৰিহানৰ বিৰুদ্ধে একশ্যন লোৱা হয়।

ইয়াৰ পূৰ্বে ৰাজস্থানৰ ভিলৱাৰাৰ এজন যুৱকে গেংষ্টাৰ লৰেন্স বিষ্ণয় আৰু ডন ডাউদ ইব্ৰাহিমৰ পোষ্ট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। ইয়াৰ পিছতে তেওঁক চাইবাৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ