--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ যুৱক-যুৱতীসকলৰ মাজত যিদৰে গেংষ্টাৰ আৰু অপৰাধীৰ ভাবমূর্তি সৃষ্টি হৈছে সেয়া যথেষ্ট চিন্তনীয় হৈ পৰিছে৷ অহৰহ তেওঁলোকক অনুসৰণ কৰি আছে এচাম যুৱই। ইয়াৰ সৈতে জড়িত এটা গোচৰ নয়ডাৰ পৰা পোহৰলৈ আহিছে। 

য’ত এগৰাকী যুৱকে নিজৰ ছ’চিয়েল মিডিয়া একাউণ্ট ‘এক্স’ত কুখ্যাত মাফিয়া ডাউদ ইব্ৰাহিমৰ ফটো ডিপি হিচাপে ব্যৱহাৰ কৰিছিল। এই কথা দৃষ্টিগোচৰ হোৱাৰ লগেলগে আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰে। আৰক্ষীৰ মতে, ভাৰতীয় দণ্ডবিধিৰ ১৯৬(১)(খ) ধাৰাত অভিযুক্তৰ বিৰুদ্ধে (সাম্প্ৰদায়িক সম্প্ৰীতিৰ ক্ষতি কৰা) গোচৰ ৰুজু কৰা হৈছে।

নয়দাৰ ফেজ-১ থানাৰ ভাৰপ্ৰাপ্ত অমিত ভদনাই জনোৱা মতে, উপ-পৰিদৰ্শক ৰাহুল প্ৰতাপ সিঙে টহল দি থকাৰ সময়ত ছেক্টৰ-৯ৰ বাসিন্দা জুনেইদ ওৰফে ৰিহানে কুখ্যাত মাফিয়া ডাউদৰ ফটো ডিপি হিচাপে ব্যৱহাৰ কৰাৰ তথ্য লাভ কৰিছিল আৰু এই তথ্য পোৱাৰ লগেলগে ৰিহানৰ বিৰুদ্ধে একশ্যন লোৱা হয়।

ইয়াৰ পূৰ্বে ৰাজস্থানৰ ভিলৱাৰাৰ এজন যুৱকে গেংষ্টাৰ লৰেন্স বিষ্ণয় আৰু ডন ডাউদ ইব্ৰাহিমৰ পোষ্ট ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰিছিল। ইয়াৰ পিছতে তেওঁক চাইবাৰ ক্ৰাইম ব্ৰাঞ্চে গ্ৰেপ্তাৰ কৰে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post