--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জে’লৰ পৰা পলায়ন কৰিছে ডকাইতি কাণ্ডত গ্ৰেপ্তাৰ হোৱা অপৰাধীয়ে৷ ঘটনাটো সংঘটিত হৈছে ইউপিৰ উন্নাও জিলাত৷ অপৰাধীয়ে উগু আউটপোষ্টৰ কনিষ্টবলসকলক প্ৰতাৰণা কৰি পলায়ন কৰা বুলি জানিব পৰা গৈছে৷

ঘটনাৰ সময়ত আৰক্ষী চকীৰ চৌহদতে আৰক্ষী জোৱানে ক্ৰিকেট খেলি থকা বুলি চৰ্চা চলিছে। ঘটনা সংঘটিত হোৱাৰ পাছতে চাৰিটা দল মোতায়েন কৰা হৈছে আৰু বিভিন্ন স্থানত অভিযান চলাই তেওঁক গ্ৰেপ্তাৰ কৰিবলৈ চেষ্টা চলাইছে।

যোৱা ৯ ছেপ্টেম্বৰৰ সন্ধিয়া ফাতেহপুৰ চৌৰাচী অঞ্চলত আছিৱান অঞ্চলৰ গাঁৱৰ টিকৰা নিবাসী বেংক মিত্ৰ ছেদানু প্ৰসাদৰ পৰা ৩.৩০ লাখ টকা লুটি লৈ গৈছিল ডকাইটে। ১৯ ছেপ্টেম্বৰত আৰক্ষীয়ে অভিযান চলাই এজন ডকাইত অশ্বিনীক আটক কৰি জেৰাত আন দুজন সহযোগীৰ নাম মুস্তাক আৰু লাকীৰ নাম পোহৰলৈ আহে৷কিছুদিনৰ পাছত আৰক্ষীয়ে মুস্তাকক গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰে যদিও লাকী পলাতক হৈ আছিল। ঘটনা সন্দৰ্ভত পোষ্ট ইনচাৰ্জৰ লগতে ষ্টেচন অফিচাৰক অৱগত কৰে। তালাচী আৰম্ভ কৰে।

আৰক্ষীৰ সূত্ৰই জনোৱা মতে হাৰদোয়ী-সীতাপুৰ আৰু লক্ষ্ণৌলৈ দল প্ৰেৰণ কৰা হৈছে। পলায়নকাৰী অপৰাধীৰ হাতত মোবাইল ফোন নথকাৰ বাবে আৰক্ষীৰ বাবে সমস্যা হৈ পৰিছে।পলয়ানকৰী অপৰাধীৰ সন্ধান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ