--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কানপুৰত নিয়োজিত আৰক্ষীৰ এজন উপ পৰিদৰ্শকৰ আকস্মিক মৃত্যু। মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি জানিব পৰা গৈছে। জিমৰ পৰা ঘৰলৈ অহাৰ পাছত আৰক্ষী বিষয়াগৰাকীয়ে বুকুৰ বিষ অনুভৱ কৰিছিল,তাৰ পাছতে তেওঁৰ হাৰ্ট এটেক হয়। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বহু পলম হৈছিল। 

মৃত উপ পৰিদৰ্শকজনৰ নাম বিষ্ণু শৰ্মা। বিষ্ণু সদায়ৰ দৰে জিমলৈ গৈছিল। কিন্তু আজি উভতি অহাৰ পিছত তেওঁৰ অস্বস্তি আৰু বুকুৰ তীব্ৰ বিষ অনুভৱ হ’ল। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত হাৰ্ট এটেকত তেওঁৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে আৰক্ষী বিভাগত শোকৰ ঢৌ উঠিল। উৰ্ধতন বিষয়াও উপস্থিত হয় সেই স্থানত।

মৃত লোকজনৰ আত্মীয়ক অৱগত কৰা হৈছে। খবৰ পোৱাৰ লগে লগে পৰিয়ালটোত হাহাকাৰ সৃষ্টি হয়। বৰ্তমান আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ পৰৱৰ্তী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিষয়টো কানপুৰৰ কাকদেৱ থানা এলেকাৰ।

আৰক্ষীয়ে জনোৱা মতে, উপ পৰিদৰ্শক বিষ্ণু শৰ্মাৰ অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁৰ পৰিয়ালৰ সদস্য আৰু অন্যান্য সতীৰ্থ আৰক্ষীয়ে তেওঁক কাৰ্ডিঅ’লজি হাস্পতাললৈ লৈ যায়, কিন্তু তাত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। বিষ্ণু শৰ্মা ২০২২ বেচৰ উপ পৰিদৰ্শক আছিল। তেওঁ দুই সন্তান আৰু পত্নীক এৰি থৈ গৈছে। এই তথ্য লাভ কৰাৰ লগে লগে ডিচিপি চেণ্ট্ৰেল জ’ন দীনেশ ত্ৰিপাঠীকে ধৰি বহু আৰক্ষী বিষয়া চিকিৎসালয়ত উপস্থিত হয়।

উল্লেখযোগ্য যে যুৱক-যুৱতীসকলৰ মাজত হঠাৎ হাৰ্ট এটেকৰ ঘটনা বৃদ্ধি পাইছে। শাৰীৰিক ক্ৰিয়া-কলাপ কৰি থকাৰ সময়তে মৃত্যু হৈছে অধিকাংশৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত
উলুবাৰী বাৰোৱাৰী দুৰ্গা পূজা সমিতিৰ স্মৰণিকা ‘দেৱী’ৰ উন্মোচন
মাজুলীৰ বিশিষ্ট উদ্যোগী তথা ‘ভীমভিটা’ৰ জন্মদাতা ইন্দুকল্প ভড়ালীৰ অকাল বিয়োগ; শোকস্তব্ধ মাজুলীবাসী
এইবাৰ সপ্তমী কিয় দুদিনীয়া? জানো আহক ইয়াৰ তাৎপৰ্য
কাছাৰৰ লক্ষীপুৰত মৰ্মান্তিক পথ দুৰ্ঘটনা; বাহনৰ খুন্দাত প্রাণ হেৰুৱালে ৪ বছৰীয়া কন্যা শিশুৱে
৭৫ বছৰীয়া বৃদ্ধৰ প্ৰেমত পৰিল ৩০ বছৰীয়া ভ্লগাৰ, শীঘ্ৰেই আৱদ্ধ হ’ব বিবাহপাশত
Post