--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰ প্ৰদেশৰ কানপুৰত নিয়োজিত আৰক্ষীৰ এজন উপ পৰিদৰ্শকৰ আকস্মিক মৃত্যু। মৃত্যুৰ কাৰণ হাৰ্ট এটেক বুলি জানিব পৰা গৈছে। জিমৰ পৰা ঘৰলৈ অহাৰ পাছত আৰক্ষী বিষয়াগৰাকীয়ে বুকুৰ বিষ অনুভৱ কৰিছিল,তাৰ পাছতে তেওঁৰ হাৰ্ট এটেক হয়। তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয় যদিও বহু পলম হৈছিল। 

মৃত উপ পৰিদৰ্শকজনৰ নাম বিষ্ণু শৰ্মা। বিষ্ণু সদায়ৰ দৰে জিমলৈ গৈছিল। কিন্তু আজি উভতি অহাৰ পিছত তেওঁৰ অস্বস্তি আৰু বুকুৰ তীব্ৰ বিষ অনুভৱ হ’ল। লগে লগে তেওঁক চিকিৎসালয়লৈ লৈ যোৱা হয়, য’ত হাৰ্ট এটেকত তেওঁৰ মৃত্যু হয়। ঘটনা সন্দৰ্ভত তথ্য পোৱাৰ লগে লগে আৰক্ষী বিভাগত শোকৰ ঢৌ উঠিল। উৰ্ধতন বিষয়াও উপস্থিত হয় সেই স্থানত।

মৃত লোকজনৰ আত্মীয়ক অৱগত কৰা হৈছে। খবৰ পোৱাৰ লগে লগে পৰিয়ালটোত হাহাকাৰ সৃষ্টি হয়। বৰ্তমান আৰক্ষীয়ে মৃতদেহটো জিম্মাত লৈ পৰৱৰ্তী প্ৰক্ৰিয়া আৰম্ভ কৰিছে। বিষয়টো কানপুৰৰ কাকদেৱ থানা এলেকাৰ।

আৰক্ষীয়ে জনোৱা মতে, উপ পৰিদৰ্শক বিষ্ণু শৰ্মাৰ অৱস্থাৰ অৱনতি ঘটাৰ লগে লগে তেওঁৰ পৰিয়ালৰ সদস্য আৰু অন্যান্য সতীৰ্থ আৰক্ষীয়ে তেওঁক কাৰ্ডিঅ’লজি হাস্পতাললৈ লৈ যায়, কিন্তু তাত চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়। বিষ্ণু শৰ্মা ২০২২ বেচৰ উপ পৰিদৰ্শক আছিল। তেওঁ দুই সন্তান আৰু পত্নীক এৰি থৈ গৈছে। এই তথ্য লাভ কৰাৰ লগে লগে ডিচিপি চেণ্ট্ৰেল জ’ন দীনেশ ত্ৰিপাঠীকে ধৰি বহু আৰক্ষী বিষয়া চিকিৎসালয়ত উপস্থিত হয়।

উল্লেখযোগ্য যে যুৱক-যুৱতীসকলৰ মাজত হঠাৎ হাৰ্ট এটেকৰ ঘটনা বৃদ্ধি পাইছে। শাৰীৰিক ক্ৰিয়া-কলাপ কৰি থকাৰ সময়তে মৃত্যু হৈছে অধিকাংশৰ। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ